মালেগাঁও কাণ্ডঃ ৯ বছৰ কাৰাবাসত, জামিনত ওলাই বিজেপিৰ প্ৰাৰ্থী হোৱা কোন এই সাধ্বী প্ৰজ্ঞা?

মালেগাঁও কাণ্ডঃ ৯ বছৰ কাৰাবাসত, জামিনত ওলাই বিজেপিৰ প্ৰাৰ্থী হোৱা কোন এই সাধ্বী প্ৰজ্ঞা?

ডিজিটেল ডেস্কঃ ভূপাল লোকসভা সমষ্টিত কংগ্ৰেছৰ চাণক্য খ্যাত দিগ্বিজয় সিঙৰ বিৰুদ্ধে নিৰ্বাচনী ৰণত অৱতীৰ্ণ হ'ব বিজেপিৰ সাধ্বী প্ৰজ্ঞা ঠাকুৰ। দুদিন পূৰ্বে বিজেপি নেতৃত্বই ভূপাল সংসদীয় সমষ্টিৰ পৰা সাধ্বী প্ৰজ্ঞা ঠাকুৰৰ নাম ঘোষণা কৰিছে। এক মধ্যবিত্ত পৰিয়ালত জন্মলাভ কৰা সাধ্বী প্ৰজ্ঞাই ৯ বছৰৰ কাৰাবাসৰ অন্তত মুকলি আকাশৰ তললৈ ঘূৰি আহিয়েই বিজেপিত যোগ দিছিল। এতিয়া তেওঁৰ জোৰদাৰ নিৰ্বাচনী প্ৰচাৰে ভূপাল সমষ্টিত দিগ্বিজয় সিঙৰ বাবেও প্ৰত্যাহ্বানৰ কাৰণ হৈ পৰিছে।

উল্লেখ্য যে, ২০০৮ চনৰ ২৯ চেপ্তেম্বৰত মহাৰাষ্ট্ৰৰ মালেগাঁৱত সংঘটিত বোমা বিস্ফোৰণৰ মুখ্য অভিযুক্ত আছিল সাধ্বী প্ৰজ্ঞা। নিজকে এগৰাকী সন্যাসিনী বুলি কোৱা প্ৰজ্ঞা ঠাকুৰে এই গোচৰৰ অভিযোগত ৯ বছৰ কাৰাবাস খটাৰ অন্তত ২০১৭ চনত জামিনত মুক্তি লাভ কৰে। অৱশ্যে এতিয়াও তেওঁৰ বিৰুদ্ধে থকা অভিযোগৰ নিস্পত্তি হোৱা নাই।

২০০৮ চনত সংঘটিত মালেগাঁও বিস্ফোৰণত নিহত হৈছিল ৪ জন লোক। আহত হৈছিল প্ৰায় অৰ্ধশতাধিক। মালেগাঁৱৰ চকীল গুডছ কোম্পানীৰ সমীপত সংঘটিত এই বিস্ফোৰণৰ তদন্ত চলাই মহাৰাষ্ট্ৰ এটিএছৰ প্ৰধান হেমন্ত কৰকৰেয়ে সাধ্বী প্ৰজ্ঞা ঠাকুৰক গ্ৰেপ্তাৰ কৰে। একে সময়তে এটিএছে কৰ্ণেল শ্ৰীকান্ত প্ৰসাদ পুৰোহিত আৰু অৱসৰপ্ৰাপ্ত মেজৰ ৰমেশ উপাধ্যায়কো গ্ৰেপ্তাৰ কৰে। এই বিস্ফোৰণত অভিনৱ ভাৰত নামৰ এটা সংগঠন জড়িত থকাৰো সন্দেহ কৰে এটিএছে।

২০১১ চনৰ ১৩ এপ্ৰিলত কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ে মালেগাঁও কাণ্ডৰ তদন্ত এনআইএক অৰ্পণ কৰে। কিন্তু একে বছৰেই ১৩ জুলাইত মুম্বাইৰ ভয়ংকৰ বিস্ফোৰণত নিহত হয় সাধ্বী প্ৰজ্ঞাৰ বিৰুদ্ধে তদন্ত চলাই থকা এটিএছ বিষয়া হেমন্ত কৰকৰে। যাৰ পৰিপ্ৰেক্ষিতত মালেগাঁও কাণ্ডৰ তদন্ত নিয়াই প্ৰথমৰ পৰাই পুনৰ এবাৰ আৰম্ভ কৰিবলগা হয়।

২০১৬ চনৰ ১৩ মে'ত এনআইএয়ে উপযুক্ত তথ্য প্ৰমাণৰ অভাৱত সাধ্বী প্ৰজ্ঞা আৰু অন্য ৫ জনৰ বিৰুদ্ধে থকা অভিযোগ উঠাই লয় যদিও ২০১৬ৰ ২৮ জুনত বিশেষ এনআইএ আদালতে সাধ্বী প্ৰজ্ঞাৰ জামিন আবেদন খাৰিজ কৰে।

২০১৭ চনৰ ২৫ এপ্ৰিলত বোম্বে' উচ্চ ন্যায়ালয়ে এক শুনানি গ্ৰহণ কৰি সাধ্বী প্ৰজ্ঞাক চৰ্তৰ ভিত্তিত জামিন প্ৰদান কৰে। ন্যায়ালয়েে দিয়া ৰায় অনুসৰি জামিনৰ পূৰ্বে সাধ্বী প্ৰজ্ঞাই নিজৰ পাছপৰ্ট এনআইএৰ হাতত জমা দিয়াৰ উপৰিও ৫ লাখ টকাৰ জামিন ৰাশি আদায় দিব লগা হয়। ইয়াৰ উপৰিও আদালতে সাধ্বী প্ৰজ্ঞাক ট্ৰায়েল কোৰ্টত নিৰ্দিষ্ট তাৰিখত উপস্থিত হ'বলৈ নিৰ্দেশ প্ৰদান কৰে।

জামিনত মুকলি আকাশৰ তললৈ আহি প্ৰথমে বিজেপি নেত্ৰী আৰু এতিয়া ভূপাল সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবলৈ প্ৰস্তুতি চলোৱা সাধ্বী প্ৰজ্ঞাৰ এই নিৰ্বাচনী প্ৰস্তুতিক লৈ অসন্তুষ্ট বহু লোক। তাৰ ভিতৰতে এজন মালেগাঁও কাণ্ডত প্ৰাণ হেৰুওৱা এজন ভুক্তভূগীৰ পিতৃ। যিয়ে সাধ্বী প্ৰজ্ঞাৰ নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতাৰ বিৰোধিতা কৰিছে। তেওঁ ইতিমধ্যে এনআইএ আদালতত এক আবেদনো দাখিল কৰিছে, য'ত ভুক্তভূগী পিতৃগৰাকীয়ে এগৰাকী জামিনত মুক্তি লাভ কৰা ব্যক্তিয়ে কেনেদৰে নিৰ্বাচন খেলিব পাৰে বুলি প্ৰশ্ন উত্থাপন কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in