৭০ মাইল চাইকেলেৰ গৈ টুৰিষ্ট গাইডৰ কাম কৰা জেক মা কেনেকৈ হ’ল চীনৰ আটাইতকৈ ধনী ব্যক্তি…

৭০ মাইল চাইকেলেৰ গৈ টুৰিষ্ট গাইডৰ কাম কৰা জেক মা কেনেকৈ হ’ল চীনৰ আটাইতকৈ ধনী ব্যক্তি…

ডিজিটেল ডেস্কঃ চীনৰ অনলাইন ব্যৱসায় ক্ষেত্ৰ 'আলিবাবা'ৰ প্ৰতিষ্ঠাপক জেক মাই অৱসৰ ল'ব শ্বেয়াৰমেন পদৰ পৰা। অহা ১০ ছেপ্টেম্বৰ অৰ্থাৎ জেক মাৰ জন্মদিনৰ দিনাই তেওঁ অৱসৰ ল'ব এই পদৰ পৰা। অৱসৰ লোৱাৰ পাছত জেক মাই কোম্পানীটোৰ দায়িত্ব অৰ্পণ কৰিব বাগডোৰ ডেমিয়েল ঝাংগক। আৰু আশা কৰা হৈছে তেওঁ আগন্তুক সময়ত কোম্পানীটোৰ উপদেষ্টা হিচাপে তেওঁ কাম কৰি যাব।

জানিব পৰা মতে, জেক মাই আলিবাবাৰশ্বেয়াৰমেন পদৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পাছত চীনৰ শিক্ষাৰ ক্ষেত্ৰখনৰ বাবে কাম কৰিব।উল্লেখ্য যে, জেক মাৰ মুঠ সম্পত্তিৰ মূল্য প্ৰায় ৩৪.৬ ডলাৰ। আলিবাবা কোম্পানীটোকসফলতাৰ শীৰ্ষত উপস্থাপন কৰা জেক মাই নিজৰ কেৰিয়া আৰম্ভ কৰিছিল এগৰাকী ইংৰাজী বিষয়ৰশিক্ষক হিচাপে। আৰু তাৰ পূৰ্বে তেওঁ কেএফচিসহ মুট ৩০টাকৈ চাকৰি পৰা নিলম্বিত কৰাহৈছিল।

লক্ষণীয় যে, জেক মাৰ কম্পিউটাৰৰ বিষয়ে বিশেষ জ্ঞান নথকা স্বত্তেও তেওঁ অনলাইন ব্যৱসায়ত মনোনিবেশ কৰে আৰু সফলতা অৰ্জন কৰিবলৈ সক্ষম হয়। আৰু ২০১৪চনত আলিবাবাই বিশ্বৰ আটাইতকৈ বেছি সাৰ্বজনিক অংশীদাৰৰ জৰিয়তে মুঠ ২৫ আৰৱ ডলাৰ লাভ কৰিছিল।

আলিবাবাৰপ্ৰতিষ্ঠাপক জেক মাৰ জীৱনৰ সৈতে জড়িত কেইটামান বিশেষ কথাঃ

জেক মাৰজন্ম ১৯৬৪চনৰ ১০ ছেপ্টেম্বৰত চীনৰ হনগংজহ'ত। এটা দৰিদ্ৰ পৰিয়ালত জন্মগ্ৰহণ কৰা জেকমাই ইংৰাজী ভালকৈ অধ্যয়ন কৰে। আৰু তাৰ বাবে ৯ বছৰ তেওঁ টুৰিষ্ট গাইড হিচাপেও কামকৰিছিল। পৰ্যটকসকলক পৰ্যটনস্থলীসমূহ দেখুওৱাৰ সময়তে তেওঁ ইংৰাজী ভাষাত কথা-বতাৰপাতিছিল। তদুপৰি এই সময়ত তেওঁ চাইকেলেৰে ৭০ মাইল দূৰলৈ সদায় যাত্ৰা কৰিব লগা হৈছিল।

জেক মাৰকেৰিয়াৰ আৰম্ভণি বহু প্ৰত্যাহ্বানৰ মাজেৰে পাৰ হৈছিল। ইংৰাজী বিষয়ৰ এগৰাকী শিক্ষকহিচাপে তেওঁ নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। আৰু তাৰ পূৰ্বে তেওঁ ৩০টাকৈ স্থাপন চাকৰিৰবাবে আৱেদন দিছিল যদিও, এই আৱেদনসমূহ বাতিল কৰা হৈছিল। তদুপৰি তেওঁ এবাৰ কে এফ চিতোচাকৰিৰ বাবে আৱেদনপত্ৰ জমা দিছিল। তাত মুঠ ২৪জনকৈ লোকে আৱেদনপত্ৰ জমা কৰিছিল যদিও,২৩জন প্ৰাৰ্থীয়েই লাভ কৰে চাকৰি। কিন্তু জেক মাই দুৰ্ভাগ্যবশত সেই সময়ত সেইচাকৰিটো নাপালে।

জেক মাইআলিবাবা কোম্পানীটোৰ আৰম্ভ নিজৰ এপাৰ্টমেন্টতে কৰিছিল। তেওঁৰ কেইজনমান বন্ধুক অনলাইনমাৰ্কেটপ্লেচত মনোনিবেশৰ বাবে ৰাজি কৰিছিল। তাৰপাছত ১৯৯৯ চনৰ অক্টোবৰ আৰু ২০০০চনৰজানুৱাৰীত আলিবাবাই দুবাৰকৈ ২৫ মিলিয়ন ডলাৰ লাভ কৰিছিল।

ফৰ্বছৰ২০১৮ৰ তালিকাত জেক মাৰ নাম চীনৰ আটাইতকৈ ধনী ব্যক্তি ৰূপে অন্তৰ্ভুক্ত কৰা হয়। সেইতালিকা অনুসৰি, জেক মাৰ ৩৪.৬ ডলাৰৰ সম্পত্তি থকা বুলি উল্লেখ কৰা হৈছে।

২০১৩চনত জেকমাই আলিবাবা কোম্পানীৰ ব'ৰ্ড অধ্যক্ষ হ'বলৈ মুখ্য কাৰ্যকৰী বিষয়াৰ পদৰ পৰা পদত্যাগকৰিছিল। তাৰপাছত জেক মা ফাউণ্ডেশ্যনৰ জৰিয়তে চীনৰ গ্ৰামাঞ্চলসমূহত শিক্ষাদানৰ বাবেপ্ৰচাৰ আৰু প্ৰসাৰৰ কাম আৰম্ভ কৰিছিল।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in