ভাৰত নহয়! পশ্চিমবংগ, ওড়িশ্যাক তচনচ কৰা আমফানৰ স্ৰষ্টা কোন…

ভাৰত নহয়! পশ্চিমবংগ, ওড়িশ্যাক তচনচ কৰা আমফানৰ স্ৰষ্টা কোন…

ডিজিটেল ডেস্কঃ কোৰোনা ভাইৰাছৰ সন্ত্ৰাসৰ বাবে ঘোষণা কৰা লকডাউনৰ মাজতে অহা প্ৰলয়ংকাৰী ঘূৰ্ণি বতাহ আমফানে লাখ লাখ লোকৰ ভৱিষ্যতলৈ অন্ধকাৰ নমাই আনিলে। পশ্চিমবংগ আৰু ওড়িশ্যাত বহুলোকৰ সা-সম্পত্তি, ঘৰ-দুৱাৰ প্ৰায় ধ্বংস কৰিলে আমফানে। পশ্চিমবংগৰ বিশেষকৈ উত্তৰ আৰু দক্ষিণ ২৪ পাৰগানাজ জিলাক বেছিকৈ ক্ষতি কৰে আমফানে। তাৰ সমান্তৰালভাৱে পূব মিদনাপুৰ আৰু হাওৰাৰ বহুলোকৰ জীৱনলৈ নমাই আনিলে ভাবুকি।

ইয়াৰে উত্তৰ পাৰগানাজ জিলাত ১৭ গৰাকী লোকৰ মৃত্যু হৈছে। কলকাতাত ১৫ জন, বাছিৰহাটত ১০ জন আৰু দক্ষিণ পাৰগানাজ-সুন্দৰবন এলেকাত ৪ জন লোকৰ মৃত্যু হৈছে। ওড়িশ্যাত ছুপাৰ চাইক্ল'ন আমফানৰ ফলত ক্ষতিগ্ৰস্ত হৈছে প্ৰায় ৪৪.৮ লাখ লোক। ওড়িশ্যাৰ জগতসিংপুৰ, কেন্দ্ৰপাৰা, ভাদ্ৰাক আৰু বালাসুৰ বেছিকৈ ক্ষতিগ্ৰস্ত হৈছে।

শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে পশ্চিমবংগ আৰু ওড়িশ্যাত আমফানৰ বাবে সৃষ্টি হোৱা পৰিৱেশ পৰ্যবেক্ষণ কৰে। তেওঁক পশ্চিমবংগৰ পৰিবেশ পৰ্যবেক্ষণ কৰাৰ সময়ত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আৰু ৰাজ্যপালগৰাকীয়ে সংগ দিয়ে। ইফালে এই ভ্ৰমণৰ পাছতে তেওঁ ৰাওনা হয় ওড়িশ্যালৈ।

প্ৰধানমন্ত্ৰীগৰাকীকে পশ্চিমবংগত পৰিৱেশ পৰ্যবেক্ষণ কৰি ১০০০ কোটি টকাৰ আৰ্থিক সাহায্যৰ কথা ঘোষণা কৰিছে। লগতে যিসকল লোকে আমফানৰ বাবে প্ৰাণ হেৰুৱাইছে তেওঁলোকৰ পৰিয়ালক ২লাখকৈ টকা আৰু আহতসকলক ৫০ হেজাৰকৈ টকা প্ৰদান কৰাৰ কথা ঘোষণা কৰে। পশ্চিমবংগৰ পৰিৱেশৰ প্ৰসংগত মন্তব্য কৰি মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কয়- মই জীৱনত কাহানিও এনে পৰিৱেশ দেখা নাই। উত্তৰ আৰু দক্ষিণ পাৰগানা জিলা দুখন সম্পূৰ্ণ ধ্বংস হৈ গৈছে। আমি পুনৰ গঢ়ি তুলিব লাগিব দুয়োখন জিলাক। মই এই ক্ষেত্ৰত কেন্দ্ৰৰ পৰা সহায় বিচাৰিছো।

বিগত ২০ মে'ত আমফানে পশ্চিমবংগৰ দিঘা আৰু বাংলাদেশৰ হাতিয়া দ্বীপ স্পৰ্শ কৰিছিল। ১৭ আৰু ১৮ মে'ৰ ভিতৰত ই এক ছুপাৰ চাইক্ল'নৰ ৰূপ লৈছিল। ইয়াৰ পূৰ্বে ২০১৯ চনৰ ৩ মে'তো আহিছিল এক ঘূৰ্ণি বতাহ। যাক ফণী বুলি কোৱা হৈছিল। ফণীৰ ফলত প্ৰাণ হেৰুৱাইছিল ৬৪ জন লোকে।

আমফান বুলি এই ঘূৰ্ণি বতাহক নামাকৰণ কৰাৰ অন্তৰালতো আছে কাৰণ। বছৰৰ প্ৰথম ক্ৰান্তীয় ধুমুহা বতাহক এ আখৰেৰে নামাকৰণ কৰা হয়। ঠিক তেনেদৰে তাৰ পাছত একাদিক্ৰমে বি, চি ইত্যাদি আখৰেৰে নামাকৰণ কৰা হয়। ভাৰতীয় উপকুলত ঘূৰ্ণি বতাহৰ নামাকৰণ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল ২০০০ চনত। ইয়াৰ সূত্ৰ নিৰূপণ কৰা হৈছিল ২০০৪ চনত। যেতিয়াই এটা ঘূৰ্ণি বজাহৰ নামাকৰণ কৰা হয় তেতিয়াই থাইলেণ্ড, শ্ৰীলংকা, পাকিস্তান, অমান, ম্যানমাৰ, মালদীপ, বাংলাদেশ আৰু ভাৰত আদি দেশে নিজৰ নামসমূহ ঘোষণা কৰে।

প্ৰথমে এই ৮খন দেশে নামকৰণ কৰা প্ৰক্ৰিয়াত জড়িত আছিল। পৰৱৰ্তী সময়ত ৫ খন দেশ-য়েমেন (Yemen), ইউএই (UAE), চৌদী আৰৱ, ইৰাণ আৰু কাটাৰ ইয়াৰ সৈতে জড়িত হৈ পৰে। ২০১৯ বৰ্ষত অহা ঘূৰ্ণিবতাহ ফণীৰ নামাকৰণ কৰিছিল বাংলাদেশে। ভাৰতে এতিয়ালৈকে নামাকৰণ কৰিছে অগ্নি (Agni), আকাশ (Akash), বিজলী (Bijli), জাল (Jal), লেহাৰ মাঘ (Lehar Magh), সাগৰ (Sagar) আৰু বায়ু (Vayu)। weather.com-য়ে সদৰি কৰা অনুসৰি আমফানক নামাকৰণ কৰিছে থাইলেণ্ডে। ২০০৪ চনৰ চেপ্তেম্বৰত উত্তৰ ভাৰত উপকুলৰ বতাহক বুজাবলৈ এই নামাকৰণ কৰিছিল থাইলেণ্ডে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in