গহপুৰৰ মুনমী শইকীয়াৰ ঘৰটো প্ৰকৃততে‌ কোনে বনালে ?

গহপুৰৰ মুনমী শইকীয়াৰ ঘৰটো প্ৰকৃততে‌ কোনে বনালে ?

ডিজিটেল সংবাদ,উত্তৰ অসম : "ফুল কুমলীয়া ল'ৰা কেইজনমান আহি গণ্ডগোল লগাই দিলে ,মই ক'ব বিচৰা খিনি কোৱাৰ সুযোগেই নিদিলে ৷মাথোঁ সিহঁতে কবলৈ কোৱা খিনিয়ে ভিডিও কৰি ক'ৰবাত দি দিলে " – এগৰাকী দৰিদ্ৰ পৰিয়ালৰ মহিলাৰ এই ভাষ্যই যেন উদঙাই দিলে একাংশ তথাকথিত সংগঠনে নিজৰ অস্তিত্বৰ তাড়নাত কৰা কেতবোৰ অক্ষমণীয় কাৰ্য ৷ কিমান নীচ মনোবৃত্তিৰ হ'লে আনে কৰা কাম এটিক নিজে কৰা বুলি কয় সমাজৰ আগত নিজৰ কামৰ ফোপোলা ঢোল বজাব পাৰে ৷পিছে এতিয়া ছ'চিয়েল মিডিয়াত গণ ৰোষত পৰিছে তথাকথিত সংগঠনৰ বৰ মুৰীয়া ৷

চলিত বছৰৰ আৰম্ভণিতেই ২৯ জানুৱাৰীত ছচিয়েল মিডিয়াত গহপুৰৰ ৰাঙলিয়াল গাওঁ পঞ্চায়তৰ অন্তৰ্গত হীৰেন শইকীয়া,মুনমী শইকীয়া পৰিয়ালৰ জীৱন সংগ্ৰামৰ জীয়া ছবিখন পোহৰলৈ আনিছিল গহপুৰৰে এজন জেষ্ঠ সাংবাদিকে ৷চৰকাৰী আঁচনিয়ে কেতিয়াও ঢুকি নোপোৱা পৰিয়ালটিৰ কৰুণ কাহিনীয়ে সামাজিক মাধ্যমত ব্যাপক চৰ্চা লাভ কৰিছিল। যাৰ বাবে‌ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে বিশ্বনাথ জিলাৰ উপায়ুক্ত অনতিপলমে এটি থকা ঘৰ বনাই দিবলৈ নিৰ্দেশ দিছিল ৷ পৰিণতিত বাস্তৱ ৰূপত পৰিয়ালটিয়ে পকী ঘৰ এটা পালে।

ইপিনে গহপুৰৰ জ্যেষ্ঠ সাংবাদিক গৰাকীয়ে গাওঁখনৰ গাঁওবুঢ়া হৰেণ দত্ত,যুৱক ৰজিত বৰদলৈৰ সহযোগত পৰিয়ালটিৰ সমস্যাবোৰ সমাধান কৰিবলৈ প্ৰয়াস কৰে ।তেখেতৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই বিভিন্ন জনে বিভিন্ন দিশত সহায় কৰিলে ।তেওঁলোকৰ বেংকৰ একাউণ্টত প্ৰায় ১লাখ ২১ হাজাৰ জমা হল। বন্ধকত থকা মাটি মুকলি কৰি দিলে।পানীত ডুবিত থকা ঠেক আলিটো পথলৈ ৰুপান্তৰিত কৰিলে ‌।বাৰীত মাটি পেলালে।চাইকেল,গেছ প্ৰয়োজনীয় সামগ্ৰী বোৰৰ ব্যৱস্থা কৰিলে । গাওঁ পঞ্চায়তৰ সভানেত্ৰীয়ে ঘৰৰ সন্মুখত সৌৰচালিত লাইটৰ ব্যৱস্থা কৰিলে। শিক্ষা বিষয়াই কিতাপ বহী বেগ সকলো যোগান ধৰিলে।

সূদুৰ আমেৰিকাৰপৰা প্ৰয়াত বিশিষ্ট‌ নাট্যকাৰ মুনীন ভূঞাৰ কন্যাই সাংবাদিক গৰাকীৰ লগত যোগাযোগ কৰি প্ৰদীপ শইকীয়াৰ একাউন্টত লৰা -ছোৱালী কেইটাৰ বাবে ৩০ হাজাৰ টকা দিছিল। কোনোবাই কাপোৰ,কোনোবাই মবাইল ফোন,কোনোবাই অন্য প্ৰয়োজনীয় সামগ্ৰী দিলে সকলোৱে সহায়ৰ হাত আগবঢ়াই গল।ইপিনে স্বাৱলম্বী হবৰ বাবে পৰিয়ালটিৰ মুৰব্বীক প্ৰদীপ শইকীয়াক বেপাৰ কৰিবলৈ ব্যৱস্থা কৰি দিলে ।ছয়দুৱাৰ উন্নয়ন খণ্ডৰ বিডিঅই ভাই নামৰ যুৱকজনৰ জৰিয়তে কাম কৰিছে নে নাই সকলো তদাৰক কৰি থাকিল সাংবাদিকগৰাকীয়ে। সমান্তৰালকৈ ডিচি ধ্ৰৱজ্যোতি দাসৰ লগত যোগাযোগ । ২১ আগষ্টতো সাংবাদিক গৰাকীয়ে উপায়ুক্তক সাক্ষাৎ কৰি ঘৰটোৰ অসম্পূৰ্ণ অংশ সম্পূৰ্ণ কৰিবলৈ অনুৰোধ কৰিছিল ।উপায়ুক্তয়ে ৩১ আগষ্টৰ ভিতৰত ঘৰটো সম্পূৰ্ণ কৰিবলৈ বিডিঅ অৰুণ দাসক নিৰ্দেশ দিছিল। যাৰ পৰিণতিত ঘৰটো আজি প্ৰায় সম্পূৰ্ণ ।

উল্লেখ্য যে,৩১ জানুৱাৰীতে বীৰ লাচিত সেনাৰ শৃংখল চলিহা ঘৰখনলৈ আহি কেইখনমান প্লাষ্টিকৰ চকী,এখন টেবুল,এটা ফিল্টাৰ,কিছু খাদ্য সামগ্ৰী আৰু নগদ ৫০০ টকা দিছিল।তেতিয়াৰপৰা তেওঁলোকৰ কোনো খবৰ নাই ।শেহতীয়াকৈ ধুমকেতুৰ দৰে বিশ্বকৰ্মা পূজাৰ দিনা লাচিত সেনা নামৰ সংগঠনটিৰ কেইজনমান কৰ্মকতা ঘৰখনলৈ আহি মানুহগৰাকীক তেওঁলোকে কোৱাৰ দৰেহে কবলৈ বাধ্য কৰি নাম কিনিবলৈ প্ৰয়াস কৰে । তদুপৰি ছ'চিয়েল মিডিয়াত তেওঁলোকে ঘৰটি নিৰ্মাণ কৰিছে বুলি দিয়া পোষ্ট/ফটো এতিয়া হৈ পৰিছে সৰ্বত্ৰ চৰ্চা ৷

প্ৰশ্ন উঠিছে ঐক্যবদ্ধ ৰাইজৰ প্ৰচেষ্টাত আঘাত হনাৰ অধিকাৰ কোনে দিলে তথাকথিত সংগঠনক৷ জিলা প্ৰশাসন- উন্নয়ন খণ্ডই বনোৱা চৰকাৰী ঘৰ তেওঁলোকে বনোৱা বুলি ৰাজহুৱাকৈ লিখিবলৈ কোনে ক'লে ? ক'ত সাহস পালে আনে কৰা কামৰ কৃতিত্ব লবলৈ ৷এই সকল তথাকথিত জাতীয় নেতাই কি দৰে জাতি ৰক্ষা কৰিব ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in