জানি থওক! নৰেন্দ্ৰ মোডী, ওবামাৰ পৰা মুকেশ আম্বানী,ধোনী,বিৰাট , চলমানে কি ফোন ব্যৱহাৰ কৰে…

জানি থওক! নৰেন্দ্ৰ মোডী, ওবামাৰ পৰা মুকেশ আম্বানী,ধোনী,বিৰাট  , চলমানে কি ফোন ব্যৱহাৰ কৰে…

এতিয়া ডিজিটেল যুগ। প্ৰত্যেকৰে হাতে হাতে স্মাৰ্ট ফোন। আজি জানি থও আহকচোন বিশ্বৰ জনপ্ৰিয় তথা বিখ্যাত কেইজনমান ব্যক্তিয়েনো কি ফোন ব্যৱহাৰ কৰে। ডিম্পুল বৰগোহাঁইৰ বিশেষ প্ৰতিবেদন…

আপুনি কি ফোন ব্যৱহাৰ কৰে! স্মাৰ্ট ফোন নে অন্যান্য ফোন! যি ফোনেই ব্যৱহাৰ নকৰক, চলাই থকা ফোনটোৰ পৰা কেইটামান ঘন্টা আতঁৰি থাকিলে আপোনাৰ কেনে অনুভৱ হয় বাৰু! নিসন্দেহে সকলোৰে অনুভৱ ভিন্ন হব। কিন্তু এটা কথা ন দি কব পৰা হয় যে, বেছিভাগ লোকৰে নিজে ব্যৱহাৰ কৰা ফোনটোৰ পৰা আতঁৰি থকা কথাতো বৰ্তমান সময়ত কল্পনাই কৰিব নোৱাৰে।

এতিয়া ডিজিটেল যুগ। জেপত যদি এটা ফোন নাথাকে বৰ্তমানৰ পৃথিৱীখনৰ বহু খবৰৰ পৰাই আপুনি বঞ্চিত হব, আৰু পালেও কিছু পলমকৈ পাব। আজিকালি বহু লোকৰ নিসংগতা দূৰ কৰে হাতত থকা ফোনটোৱেই। এই বিষয়ক লৈ সমালোচনা হলেও এয়াই অপ্ৰিয় সত্য।

আমাৰ দেশত দিনক দিনে স্মাৰ্ট ফোনৰ ব্যৱহাৰকাৰীৰ সংখ্যা বাঢ়িছে। এক সমীক্ষাত প্ৰকাশ পাইছে যে, ২০১৮ চনত ভাৰতবৰ্ষত স্মাৰ্টফোন ব্যৱহাৰ কৰিছিল প্ৰায় ৩৬ শতাংশ লোকে। বৰ্তমান এই সংখ্যা নিসন্দেহে বৃদ্ধি পাইছে। আনফালে অন্য এক সমীক্ষাত প্ৰকাশ পাইছে যে, দেশত বিগত ৫ বছৰত ফোন ব্যৱহাৰকাৰী সংখ্যা অতিপাত বৃদ্ধি পাইছে। ২০১৩ চনত ভাৰতবৰ্ষত মোবাইল ফোনৰ ব্যৱহাৰকাৰী সংখ্যা আছিল ৫২৪.৯ মিলিয়ন। ২০১৪ চনত ইয়াৰ সংখ্যা বৃদ্ধি পাই হলগৈ ৫৮১.১ মিলিয়ন।

২০১৫ চনত দেশত মোবাইল ফোন ব্যৱহাৰকাৰীৰ সংখ্যা হলগৈ ৬৩৮.৪ মিলিয়ন। ২০১৬ ত ৬৮৪.১ মিলিয়ন। ২০১৭ ত ৭৩০.৭ মিলিয়ন। ২০১৮ চনত ৭৭৫.৫ মিলিয়ন। আৰু ২০১৯ ত ভাৰতবৰ্ষত প্ৰায় ৮১৩.২ মিলিয়ন মানুহে ব্যৱহাৰ কৰে মোবাইল ফোন।

ডিজিটেল যুগৰ সৈতে খোজত খোজ মিলাই মোবাইল ফোন ব্যৱহাৰকাৰীৰ সংখ্যা বঢ়াতো কোনো আচৰিত কথা নহয়। আজিৰ এই প্ৰতিবেদনত পাঠক ৰাইজক জনোৱা হব, বিশ্বৰ বিখ্যাত কেইজনমান লোকে কি ফোন ব্যৱহাৰ কৰে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীঃ

ভাৰতবৰ্ষক ডিজিটেলকৰণৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বাৰু কি ফোন ব্যৱহাৰ কৰে! ছচিয়েল মিডিয়াত অতিকৈ সক্ৰিয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ব্যৱহাৰ কৰে বিশ্বৰ অগ্ৰণী প্ৰতিষ্ঠান এপলৰ স্মাৰ্টফোন। সুৰক্ষাগত দিশলৈ চাই এপলৰ টপ-এণ্ড ডিভাইচৰ ফোন ব্যৱহাৰ কৰে মোডীয়ে। উল্লেখ্য যে, এপলৰ কি চিৰিজৰ ফোন মোডীয়ে ব্যৱহাৰ কৰে তাক সঠিককৈ কব পৰা নাযায় যদিও, কিছুদিনৰ পূৰ্বে মোডীৰ হাতত দেখা গৈছিল iPhone 6 চিৰিজৰ স্মাৰ্টফোন।

গৃহমন্ত্ৰী অমিত শ্বাহঃ

মোডী চৰকাৰৰ এজন প্ৰতাপী মন্ত্ৰী তথা দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে ব্যৱহাৰ কৰে এপলৰ স্মাৰ্টফোনেই। এপলৰ শেহতীয়াকৈ মুকলি কৰা iPhone XS ফোন ব্যৱহাৰ কৰে অমিত শ্বাহে। ব্লেক বেৰী আৰু এপলৰ ফোনেই ব্যৱহাৰ কৰা অমিত শ্বাহৰ হাতত বৰ্তমান আছে iPhone XS। ভাৰতবৰ্ষত এই ফোনটোৰ মূল্য আৰম্ভ হৈছে ৮০ হাজাৰ টকাৰ পৰা।

কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানঃ

ছচিয়েল মিডিয়াত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সমানেই সক্ৰিয় কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান। প্ৰাপ্তখবৰনুসৰি, কেন্দ্ৰীয় মন্ত্ৰীজনে ব্যৱহাৰ কৰে দুটা স্মাৰ্টফোন। ইয়াৰে এটা iPhone আৰু আনটো Android। উল্লেখ্য যে, এইগৰাকী কেন্দ্ৰীয় মন্ত্ৰীয়ে ফেচবুক, টুইটাৰৰ লগতে নিজে ব্যৱহাৰ কৰে হোৱাটছ এপ।

আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক ওবামাঃ

দেশৰ আটাইতকৈ শক্তিশালী দেশৰখনৰ জনপ্ৰিয় ৰাষ্ট্ৰপতিগৰাকীয়েনো কি ফোন ব্যৱহাৰ কৰে, সেইয়া জানিবলৈ সকলোৰে উৎসুকতা থাকে। কিন্তু আমেৰিকাৰ নিৰাপত্তা ব্যৱস্থা ইমানেই কঠিন যে, তাক জনাতো ইমান সহজ নহয়। নিৰাপত্তা দিশৰ পৰা লক্ষ্য ৰাখি ৰাষ্ট্ৰপতি হৈ থকা সময়চোৱাত বাৰাক ওবামাক সুৰক্ষা বাহিনীয়ে ব্যৱহাৰ কৰিবলৈ দিছিল এটা ব্লেকবেৰীৰ স্মাৰ্টফোন। এক সাক্ষাৎকাৰত এই কথা নিজেই জনাইছিল বাৰাক ওবামাই।

আন্তৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ মতে, ব্লেকবেৰী কোম্পানীয়ে বিশেষভাৱে প্ৰস্তুত কৰি দিছিল ওবামাৰ স্মাৰ্টফোনটো। ওবামাৰ বিশেষ ফোনটোৰে মাত্ৰ কেইজনমান নিদিষ্ট ব্যক্তিকহে কল কৰিব পাৰিছিল। কোনোৱে যাতে হেকিং কৰিব নোৱাৰে তাৰ বাবে অত্যাধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰি নিৰ্মাণ কৰা হৈছিল ফোনটো। ফোনটোত কল কৰাৰ বাহিৰে অন্য কোনো সুবিধা উপলদ্ধ নাছিল। বৰ্তমানো অফিচিয়েলভাৱে প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে এই ফোনটোকেই ব্যৱহাৰ কৰে।

ৰাচিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনঃ

বিশ্বৰ অন্য এখন শক্তিশালী দেশৰ ৰাচিয়া। ২০১২ চনৰে পৰা এই দেশৰ খনৰ ৰাষ্ট্ৰপতিৰ আসনত আছে ভ্লাডিমিৰ পুটিন। প্ৰতিটো সময়তে কটকটীয় নিৰাপত্তা বেষ্টনীৰ মাজত থাকে পুটিন। সুৰক্ষাগত দিশলৈ লক্ষ্য ৰাখি ৰাচিয়াৰ ৰাষ্ট্ৰপতিগৰাকীয়ে ব্যৱহাৰ কৰে MTS Glownas 945 স্মাৰ্টফোন। ২০১১ চনৰ ৩১ মাৰ্চত মুকলি কৰা হৈছিল এই বিশেষ ফোনটো। লাভ কৰা খবৰুনসৰি উল্লেখ্য যে, এই ফোনটোৰ পূৰ্বে পুটিনে ব্যৱহাৰ কৰিছিল আইফোন-৪।

উত্তৰ কোৰিয়াৰ একচত্ৰী সম্ৰাট কিম জং ওনঃ

পৰমাণু শক্তিৰ বাবে বিশ্ব বিখ্যাত উত্তৰ কোৰিয়াৰ একচত্ৰী সম্ৰাট কিম জং ওনৰ জীৱন শৈলী অনন্য। অতি বিলাসী জীৱন যাপন কৰা কিম জং ওনে ব্যৱহাৰ কৰে HTC Butterfly স্মাৰ্টফোন। কেইবাটাও ফোন ব্যৱহাৰ কৰা কিম জঙে বিশেষভাৱে এই ফোনটোকেই ব্যৱহাৰ কৰে। Android 4.1 অপাৰেটিং চিষ্টেমৰ এই ফোনটো ভাৰতবৰ্ষতো উপলদ্ধ।

দেশৰ সবাতোকৈ ধনী ব্যক্তি মুকেশ আম্বানি আৰু তেওঁৰ পত্নী নীতা আম্বানীঃ

দেশৰ সবাতোকৈ ধনী ব্যক্তি মুকেশ আম্বানীয়ে বাৰু কি ফোন ব্যৱহাৰ কৰে! এইখিনিতে জনাও থও যে, আম্বানী পৰিয়ালৰ সৰহ সংখ্যক লোকেই ব্যৱহাৰ কৰে ব্লেক বেৰী ফোন। কিন্তু মুকেশ আম্বানি আৰু তেওঁৰ পত্নী নীতা আম্বানীয়ে ব্যৱহাৰ কৰে Falcon Supernova iPhone 6 Pink Diamond। বিশ্বৰ দামী ফোনৰ ভিতৰত আগস্থানত থকা ফোন হৈছে Falcon Supernova iPhone 6 Pink Diamond। ফোনটোৰ প্ৰাৰম্ভিক মূল্য প্ৰায় ৩১৫ কোটি টকা বুলি ছ'চিয়েল মিডিয়াত বহুলভাৱে চৰ্চিত হোৱাৰ পিছত আম্বানীৰ পৰিয়ালৰ লগতে ইয়াৰ নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৱেও এইয়া এচাম লোকৰ ভুৱা প্ৰচাৰ বুলি অভিহিত কৰিছে। সেয়ে হলেও নিতা আম্বানীয়ে যে দেশৰ ভিতৰত সবাটোকৈ দামী ফোন ব্যৱহাৰ কৰে সেই কথা কোনেও অস্বীকাৰ কৰা নাই।

ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলীঃ

খেলৰ উপৰিও ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলীৰ ফটো উঠাত আছে বিশেষ ৰাপ। অধিনায়ক বিৰাটে ব্যৱহাৰ কৰে iphone X স্মাৰ্টফোন। এইফোনটোৰ মূল্য হৈছে ১.০২ লাখ টকা। ইয়াৰোপৰি কিছু কিছু সময়ত বিৰাটৰ হাতত দেখা যায় OnePlus 6 ফোনটো।

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীঃ

কেপ্তেইন কুল মহেন্দ্ৰ সিং ধোনীয়ে প্ৰথম ব্যৱহাৰ কৰা স্মাৰ্টফোনটো আছিল Zen phone। যাৰ মূল্য আছিল মাত্ৰ ৯,৫০০ টকা। কিন্তু বৰ্তমান ধোনীয়ে ব্যৱহাৰ কৰে iPhone 7+। ফোনটোৰ প্ৰাৰম্ভিক মূল্য হৈছে ৬৫,০০০ টকা।

শচীন তেণ্ডুলকাৰ, যুৱৰাজ সিং আৰু ৰোহিত শৰ্মাঃ

ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰে ব্যৱহাৰ কৰে iPhone 7+। ফোনটোৰ প্ৰাৰম্ভিক মূল্য হৈছে ৬৫,০০০ টকা। ইফালে যুৱৰাজ সিঙেও ব্যৱহাৰ কৰে iPhone 7+। টীম ইণ্ডিয়াৰ হিট মেন ৰোহিত শৰ্মাই বৰ্তমান কি ফোন ব্যৱহাৰ কৰে সঠিককৈ জনা নাযায় যদিও কিছুদিনৰ আগলৈকে তেওঁ ব্যৱহাৰ কৰিছিল Samsung Galaxy S8। যাৰ প্ৰাৰম্ভিক মূল্য ৫৪,০০০ টকা।

বলিউদৰ ভাইজান চলমান খানঃ

বলিউদৰ আগশাৰীৰ অভিনেতা চলমানে বেছিভাগ সময় ব্যৱহাৰ কৰে ব্লেকবেৰী স্মাৰ্টফোন। বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানত চলমানে সাধাৰণতে ব্লেকবেৰী ফোন ব্যৱহাৰ কৰাই দেখা যায়। কিন্তু ফটোৰ বাবে চলমানে ব্যৱহাৰ কৰে আইফোন। বিভিন্ন সময়ত ছবি শ্বুটিঙত চলমানে আইফোনেৰেই লয় চেলফী।

বলিউদৰ কিং শ্বাহৰুখ খানঃ

শ্বাহৰুখ খানে ব্যৱহাৰ কৰে ব্লেকবেৰীৰ ফোন। কিন্তু নকিয়াৰ বেণ্ড এম্বেচাদৰ হোৱাৰ পাছত বিভিন্ন ৰাজহুৱা স্থানত তেওঁৰ হাতত দেখা যায় নকিয়াৰ স্মাৰ্টফোন। চুপাৰ হিট ছবি চেন্নাই এক্সপ্ৰেছত শ্বাহৰুখক নকিয়াৰ ফোন ব্যৱহাৰ কৰা দেখা গৈছিল।

বিগ বি অমিতাভ বচ্চনঃ

এজন অনুভৱী আৰু প্ৰবীণ অভিনেতা হলেও অত্যাধুনিক প্ৰযুক্তিবিদ্যাৰ সৈতে অভ্যস্ত বিগ বি অমিতাভ বচ্চন। ছচিয়েল মিডিয়াত অতিকৈ সক্ৰিয় অভিনেতাজন কেইবাটাও ফোন নিৰ্মাতা প্ৰতিষ্ঠানৰ সৈতে জড়িত যদিও তেওঁ ব্যৱহাৰ কৰে এপলৰ ফোন। সকলো সময়তে তেওঁক এপলৰ স্মাৰ্টফোনৰ সৈতেই প্ৰত্যক্ষ কৰা হয়।

আই ফোনৰ বিভিন্ন মডেল ব্যৱহাৰ কৰা বলিউদৰ তাৰকাসকলঃ

দীপিকা পাডুকন, ৰণবীৰ সিং, অৰ্জুন কাপুৰ, ৰণবীৰ কাপুৰ, কৰীণা কাপুৰ, উদয় চোপ্ৰা, হৰ্ষবৰ্ধন কাপুৰ, সুৰজ পাঞ্চালী, পৰিনীতি চোপ্ৰা, আদিত্য ৰয় কাপুৰ, শ্ৰদ্ধা কাপুৰ, সুশান্ত সিং ৰাজপুত, দিছা পাটনী, ৰিতেশ দেশমুখ, বিপাশা বসু, অজয় দেৱগণ, কাজল, কৰণ জোহৰ, ৰোহিত চেট্টী, ফাৰাহ খান, কপিল শৰ্মা, জেকলিন ফাণ্ডাডিছ, কেটৰীণা কেইফ, সুনম কাপুৰ, অনুষ্কা শৰ্মা, নাৰ্গিছ ফাকৰি, Ileana D'cruz, য়ামী গৌতম, আয়ুষ্মান খুৰানা, Sidharth Malhotra আৰু বৰুণ ধৱন।

চেলিব্ৰেটি সকলে কিয় ব্যৱহাৰ কৰে আইফোনঃ

প্ৰতিষ্ঠিত বা চেলিব্ৰেটি বেছিভাগ লোকে আই ফোন ব্যৱহাৰ কৰা প্ৰধান কাৰণটো হ'ল আইফোন হেক কৰাটো প্ৰায় অসম্ভৱ। প্ৰযুক্তিবিদ্যাৰ দ্ৰুত উন্নতিৰ বাবে আজিকালি প্ৰায়ে শুনা যায় যে, বিভিন্ন জৰুৰী নথি-পত্ৰ, ফটো হেকাৰে হেক কৰি এটা ফোনৰ পৰা লৈ যাব পাৰে, কিন্তু আইফোনত এনে কাম কৰাটো অসম্ভৱ বুলিয়ে কব পাৰি। আইফোনৰ তুলনাত Android ফোন হেক কৰাটো হেকাৰৰ বাবে যথেষ্ট সহজ। উল্লেখ্য যে, এপলৰ চফটৱেৰ আই অ এছ কেৱল আইফোনতে ব্যৱহাৰ কৰা হয় কিন্তু Android চফটৱেৰটো হৈছে গুগলৰ, যিটো অধিকাংশ ফোন নিৰ্মাতা প্ৰতিষ্ঠানে ব্যৱহাৰ কৰে। সেয়েহে সুৰক্ষাগত দিশলৈ লক্ষ্য কৰি চেলিব্ৰেটি লোকসকলে ব্যৱহাৰ কৰে আই ফোন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in