নতুন দিল্লী লোকসভা সমষ্টিৰ পৰা বিজেপিৰ হৈ কোন ক্ৰিকেটাৰে কৰিব প্ৰতিদ্বন্দ্বিতা

নতুন দিল্লী লোকসভা সমষ্টিৰ পৰা বিজেপিৰ হৈ কোন ক্ৰিকেটাৰে কৰিব প্ৰতিদ্বন্দ্বিতা

ডিজিটেল ডেস্কঃ ক্ৰিকেটত তেওঁ আছিল অপেনাৰ। এজন নিৰ্ভৰযোগ্য বেটছমেন। ১৯৮১ চনৰ ১৪ অক্টোবৰত জন্মগ্ৰহণ কৰা এই ক্ৰিকেটাৰ গৰাকীয়ে দিল্লীৰ হৈয়ে খেলিছিল ঘৰুৱা ক্ৰিকেট। ২০০৩ চনত তেওঁ বাংলাদেশৰ বিৰুদ্ধে এদিনীয়া আন্তৰাষ্ট্ৰীয় কেৰিয়াৰ আৰম্ভ কৰিছিল। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে সেই বছৰতে তেওঁ খেলিছিল টেষ্ট ক্ৰিকেট।

৬খনকৈ এদিনীয়াত তেওঁ ভাৰতীয় জাতীয় দলটোৰ অধিনায়কো আছিল। ২০০৭ চনত টি-২০ বিশ্বকাপ জয়ত তেওঁৰ আছিল বিশেষ অৰিহণা। চূড়ান্ত খেলত তেওঁ ৫৪ বলত ৭৫ ৰান কৰিছিল। ২০১১ চনত বিশ্বকাপ ক্ৰিকেট জিকাৰ সময়ত ভাৰতীয় দলটোৰ তেওঁ আছিল অন্যতম সদস্য। ১২২ টা বল খেলি তেওঁ সংগ্ৰহ কৰিছিল ৯৭ ৰান।

৫খন টেষ্টত তেওঁ ধাৰাবাহিকভাৱে শতক অৰ্জন কৰিছিল। এয়া তেওঁৰ ক্ৰিকেটৰ সফলতা। ২২ গজৰ বেট-বলৰ যুঁজত তেওঁ এজন সফল ক্ৰিকেটাৰ। এতিয়া পিছে তেওঁ ৰাজনীতিলৈ মন মেলিছে। ২০১৯ চনৰ লোকসভা নিৰ্বাচনত তেওঁ আৰম্ভ কৰিব ৰাজনীতিৰ কেৰিয়াৰ। ৩৭ বছৰীয়া এই ক্ৰিকেটাৰগৰাকীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব নতুন দিল্লীৰ সন্মানীয় আসনৰ পৰা।

২০১৪ চনৰ লোকসভা নিৰ্বাচনত তেওঁ আছিল অৰুণ জেটলীৰ ষ্টাৰ কেম্পেইনাৰ। ২০১৮ চনৰ ডিচেম্বৰত তেওঁ ক্ৰিকেটৰ পৰা অৱসৰ লৈছিল। ছ'চিয়েল মিডিয়াতো তেওঁ সেই ইংগিত দিছে। তেওঁ লিখিছে- 'অচিৰেই আৰম্ভ কৰিম নতুন ইনিংছ।'

উল্লেখযোগ্য যে, তেওঁৰ পূৰ্বে ৰাজনীতিত যোগদান কৰা জ্যেষ্ঠ ক্ৰিকেটাৰসকল আছিল- কৃৰ্তি আজাদ, মহম্মদ আজাহাৰুদ্দিন, নৱজোৎ সিং সিদ্ধু, মহম্মদ কাঈফ। তাৰ পাছতেই ক্ৰিকেটৰ পৰা ৰাজনীতিলৈ প্ৰৱেশ কৰিব এইগৰাকী ক্ৰিকেটাৰ। ১২ মে'ত অনুষ্ঠিত হ'ব দিল্লীত ভোটগ্ৰহণ। তাৰ বাবে ইতিমধ্যে প্ৰায় সাজু হৈছে গৌতম গম্ভীৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in