শেহতীয়া খবৰ
চিচিবৰগাঁৱৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে দুজন নিহত...  •  কোভিডৰ সংক্ৰমণৰ বাবে সুক্ষ্ম নিয়ন্ত্ৰণ কেন্দ্ৰ ঘোষণা কৰা অঞ্চলত খাদ্য সামগ্ৰী বিতৰণ...  •  এচিয়াৰ দ্বিতীয় বৃহত্তম হাতীমূৰাস্থিত কলং উত্তোলিত জলসিঞ্চন আঁচনি এতিয়া ধোঁৱাচাঙত...  •  মাইক্ৰ'ফাইনেন্সৰ ঋণ মাফ সৰ্ম্পকত সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ তীব্ৰ প্ৰতিবাদ  •  অসমত পুনৰ ৩৪৬৩জন কোভিড পজিটিভ, ৪২জনে হেৰুৱাইছে প্ৰাণ...  •  মাধ্যমিক শিক্ষাৰ ঠিকাভিত্তিক শিক্ষকে লাভ কৰিব তিনি মাহৰ দৰমহা...  •  মোৰাঝাৰত বিধ্বংসী অগ্নিকাণ্ড! দহ লক্ষাধিক টকাৰ ক্ষয়-ক্ষতি  •  সান্ধ্য আইনত সান্ধ্য ভ্ৰমণ সুখৰ নহ’ল! গীতামন্দিৰলৈ হঠাৎ আহিল আৰক্ষী...  •  ডুমডুমাত চুৰি কৰিবলৈ গৈ গণপ্ৰহাৰত মৃত্যু যুৱকৰ...  •  বকোৰ মাৰুতী ফুডচ কোম্পানীৰ চাউল কেলেংকাৰীৰ বিৰুদ্ধে আৰক্ষীৰ নিৰ্লিপ্তাত ক্ষোভ প্ৰকাশ সদৌ অসম ছাত্ৰ সন্থাৰ

বিমানৰ ইঞ্জিনত মাৰিলে চৰায়ে খুন্দা! পেলাব লগীয়া হ’ল আবাসিক এলেকাত বোমা…

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে আম্বালাৰ আবাসিক এলেকাৰ ওপৰত ভাৰতীয় বায়ু সেনাৰ এখন জেট বিমানৰ ইন্ধন আৰু অনুশীলনৰ বাবে ৰখা বোমা নিক্ষেপ কৰিব লগা হয়। দৰাচলতে এলেকাটোৰ ওপৰেৰে পাৰ হৈ যোৱা সময়তে বিমানখনৰ ইঞ্জিনত খুন্দা খাইছিল এটি চৰাই। যাৰ বাবে এই ঘটনা সংঘটিত হয়।

ভাৰতীয় বায়ু সেনাৰ সূত্ৰ অনুসৰি, বিমানখনৰ এটা ইঞ্জিনতহে চৰাই খুন্দা খাইছিল। আৰু বৈমানিকগৰাকীয়ে বিমানখন আম্বালা এয়াৰ ফৰ্চৰ বেছত সুৰক্ষিতভাৱে অৱতৰণ কৰিবলৈ সক্ষম হয়। অৱশ্যে এই ঘটনাত কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা হোৱা নাই।

আকাশমাৰ্গত থকা সময়ত বিমানত এনে ধৰণৰ তৎকালীন পৰিস্থিতিৰ সৃষ্টি হ’লে বৈমানিকে প্ৰায়ে বিমানৰ পাখীত সংযোগ হৈ থকা সামগ্ৰী সমূহ তলত পেলাই দিবলগীয়া হয়। য’ত সাধাৰণতে অনুশীলনত ব্যৱহাৰ কৰা বোমা আৰু ইন্ধনৰ টেংকী থাকে।

বৃহস্পতিবাৰৰ এই ঘটনা সংঘটিত হয় যেতিয়া ‘জেগুৱাৰ’ বিমানখন বাউণ্ড্ৰী ৱাল পাইছিলহি। যিখন দেৱালে এয়াৰ ফৰ্চ বেছক আম্বালাৰ পৰা পৃথক কৰে। বিমানৰ পৰা পেলাই দিয়া কিছু অংশ এটা বাসগৃহৰ ওপৰত আৰু কিছু অংশ পথত পৰে।

ইফালে, এম্বুলেন্স আৰু অগ্নিনিৰ্বাপক বাহিনীক ততাতৈয়াকৈ ঘটনাস্থলীলৈ ৰাওনা কৰা হয়। তদুপৰি ভাৰতীয় বায়ু সেনাৰ জ্যেষ্ঠ বিষয়াক ঘটনাস্থলীলৈ পৰিস্থিতিৰ বুজ ল’বলৈ আৰু এলেকাটোত তালাচী অভিযান চলাবলৈ পঠিওৱা হয়।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি