এতিয়াৰে পৰা টিভিটো WhatsApp! উৰাবাতৰিৰ বিৰুদ্ধে আৰম্ভ নতুন যুদ্ধ

এতিয়াৰে পৰা টিভিটো WhatsApp! উৰাবাতৰিৰ বিৰুদ্ধে আৰম্ভ নতুন যুদ্ধ

ডিজিটেল ডেস্কঃ এতিয়াৰে পৰা টিভিটো দেখিবলৈ পোৱা যাব WhatsApp। অৱশ্যে মোবাইলৰ দৰেকৈ টিভিত দেখা পোৱা হোৱাটছএপৰ জৰিয়তে আপুনি একোৱেই কৰিব নোৱাৰে। কিন্তু শিকিব পাৰিব বহু কথা। টিভিত দেখা পোৱা হোৱাটছএপৰ জৰিয়তে একো কৰিব নোৱাৰাৰ কাৰণটোনো কি? কাৰণ এয়াই যে টিভিত হোৱাটছএপক বিজ্ঞাপনৰ ৰূপতহে দেখা পোৱা যাব।

বিগত সময়ছোৱাত ভাৰতত মেছেজিং এপবিধৰ সহায়ত একাংশ দুষ্ট প্ৰকৃতিৰ লোকে উৰাবাতৰি বিয়পাই সামাজিক অস্থিৰতা সৃষ্টি কৰাৰ বাবেই টিভিত সোমবাৰৰ পৰা সজাগতামূলক বিজ্ঞাপন দিবলৈ আৰম্ভ কৰিছে ইয়াৰ মূল সংস্থা ফেচবুকে। এই বিজ্ঞাপনত উৰাবাতৰি কিদৰে ৰোধ কৰিব পাৰিব সেই সম্পৰ্কে এপবিধৰ ইউজাৰসকলক সচেতন কৰিবলৈ চেষ্টা চলোৱা পৰিলক্ষিত হৈছে।

উল্লেখ্য যে, উৰাবাতৰি বিয়পি পৰাতো স্পষ্ট হৈ পৰাত ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ে হোৱাটছএপক এই সন্দৰ্ভত বিহিত ব্যৱস্থা হাতত ল'বলৈ আহ্বান জনাইছিল। চৰকাৰৰ এনে আহ্বানৰ প্ৰতি সহাঁৰি জনাই সংস্থাটোৱে ভাৰতত এগৰাকী ওজৰ-আপত্তি গ্ৰহণকাৰী বিষয়াকো নিযুক্তি প্ৰদান কৰে।

ইয়াৰ পিছতে ছপা মাধ্যম আৰু ৰেডিঅ'ৰ যোগেদি সচেতনতাৰ বিজ্ঞাপন প্ৰকাশ কৰে হোৱাটছএপে। যোৱা ২৯ আগষ্টত দেশৰ মুঠ ৪৬টা অনাতাৰ কেন্দ্ৰৰ জৰিয়তে প্ৰথম পৰ্যায়ৰ সজাগতা অভিযান আৰম্ভ কৰে মাৰ্কিন মেছেজিং এপবিধে। ৫ ছেপ্টেম্বৰত ৮৩টা অনাতাৰ কেন্দ্ৰৰ জৰিয়তে আৰম্ভ কৰে দ্বিতীয় পৰ্যায়ৰ অভিযান।

বাতৰি কাকত আৰু ৰেডিঅ'ৰ পিছত এই অভিযানক আৰু অধিক শক্তিশালী কৰি তুলিবলৈ এইবাৰ টিভিৰ জৰিয়তে বিজ্ঞাপন সম্প্ৰচাৰ কৰিবলৈ পদক্ষেপ হাতত লৈছে জনপ্ৰিয় এপবিধে। এই অনুযায়ী চলচিত্ৰ নিৰ্মাতা শীৰ্ষ গুহ ঠাকুৰ্তাৰ সৈতে ভৰতীয়সকলৰ আচাৰ-ব্যৱহাৰ আৰু মনোজগতৰ সূক্ষ্ম বিশ্লেষণ কৰি ৬০ ছেকেণ্ডৰ ৩টাকৈ বিজ্ঞাপনৰ ভিডিঅ' নিৰ্মাণ কৰি উলিয়াইছে মাৰ্কিন সংস্থাটোৱে।

হোৱাটছএপৰ ভাৰতৰ দায়িত্বত থকা এগৰাকী বিষয়াই সংবাদ মাধ্যমক জনোৱা মতে, ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচন সমাপ্ত হোৱাৰ পিছতে আৰম্ভ হ'বলগীয়া লোকসভা নিৰ্বাচনত যাতে উৰাবাতৰিয়ে কোনো সমস্যাৰ সৃষ্টি কৰিব নোৱাৰে আৰু ৰাজনৈতিক দলসমূহে ইয়াৰ অপব্যৱহাৰ কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই এনে ব্যৱস্থা হাতত লৈছে।

'প্ৰতিজন লোককে হোৱাটছএপে সংযুক্ত কৰাত সফল হৈছে। হোৱাটছএপৰ জৰিয়তে প্ৰতিদিনে কোটি কোটি ইউজাৰে নিজৰ প্ৰিয়জনৰ সৈতে যোগাযোগ ৰাখিব পাৰিছে। ইয়াক লৈ আমি গৌৰৱান্বিত। তাৰ মাজতে একাংশ লোকে ইয়াক উৰাবাতৰি বিয়পোৱাৰ দৰে কামত ব্যৱহাৰ কৰাটো আমি প্ৰত্যক্ষ কৰিছো। এনে অপব্যৱহাৰ ৰোধ কৰিবলৈ আমি প্ৰতিজ্ঞাৱদ্ধ।'-এইদৰে কয় হোৱাটছএপৰ বিজ্ঞাপনৰ দায়িত্বত থকা বিষয়া বস্কো জুবিগাই। টিভিত সম্প্ৰচাৰ হ'বলগীয়া বিজ্ঞাপনটোৱে ভাৰতৰ হোৱাটছএপ ইউজাৰসকলক কিদৰে সঠিকভাৱে এপবিধ ব্যৱহাৰ কৰিব লাগে সেই শিক্ষা প্ৰদান কৰিব বুলিও আশা প্ৰকাশ কৰে বিষয়াগৰাকীয়ে।

জানিব পৰা মতে, টিভিৰ লগতে ফেচবুক আৰু ইউটিউবতো মুঠ ৯টা ভাৰতীয় ভাষাত বিজ্ঞাপন প্ৰচাৰৰ জৰিয়তে সজাগতা অভিযান আৰম্ভ কৰিছে হোৱাটছএপে। প্ৰতিটো বিজ্ঞাপন ভিডিঅ'তে উৰাবাতৰি প্ৰচাৰৰ জৰিয়তে কিদৰে স্বাভাৱিক জীৱন ব্যাহত হৈ পৰে সেয়া সুন্দৰকৈ দেখুওৱা হৈছে। লগতে উৰাবাতৰি কিদৰে ধৰা পেলাব পাৰি আৰু ইয়াৰ পৰা কেনেদৰে হাত সাৰি থাকিব পাৰি সেই বিষয়টোও তিনিওটা ভিডিঅ'তে সামৰি লোৱা হৈছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in