হোৱাটছএপৰ নতুন সংযোজন, ব্যৱহাৰকাৰীৰ বাবে নতুন অভিজ্ঞতা

হোৱাটছএপৰ নতুন সংযোজন, ব্যৱহাৰকাৰীৰ বাবে নতুন অভিজ্ঞতা

ডিজিটেল ডেস্কঃ বহুল ব্যৱহৃত ইনষ্টেন্ট মেজেজিং এপ হোৱাটছএপক অধিক সুৰক্ষিত আৰু ব্যৱহাৰকাৰীৰ অভিজ্ঞতাক উন্নীত কৰাৰ বাবে সংযোজন কৰা হৈছে কেতবোৰ নতুন ফীচাৰৰ। হোৱাটছএপৰ কৰ্তৃপক্ষই সদৰি কৰা মতে, এই নতুন ফীচাৰ সমূহৰ জৰিয়তে মেছেজিং এপটোৰ সুৰক্ষা অধিক বৃদ্ধি পোৱাৰ লগতে ব্যৱহাৰকাৰী সকলে এক অনন্য অভিজ্ঞতা লাভ কৰিবলৈ সক্ষম হ'ব।

হোৱাটছএপৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে, হোৱাটছএপ বিজিনেছ বেটা ২.১৯.৬০.৫ ভাৰ্জনত কোম্পানীয়ে কোনো ব্যক্তিৰ প্ৰফাইল ফটো চেভ কৰি ৰখাৰ অপশ্যনটো উঠাই দিছে। অৱশ্যে কোনো ব্যক্তিয়ে গ্ৰুপৰ ফটো চেভ কৰিব পাৰিব বুলিও জানিবলৈ দিয়ে কৰ্তৃপক্ষই। ইয়াৰ দ্বাৰা কোনো হোৱাটছএপ ব্যৱহাৰকাৰীয়ে অসৎ উপায়েৰে কাৰোবাৰ প্ৰফাইল ফটো ব্যৱহাৰ কৰিব খোজে, তেন্তে সেয়া কৰিবলৈ সক্ষম নহ'ব। ইয়াৰ দ্বাৰা ব্যৱহাৰকাৰী অধিক সুৰক্ষিত হ'ব হোৱাটছএপত। আইঅ'এছৰ উপৰিও শেষতীয়া এণ্ড্ৰইড ভাৰ্জনৰ বাবেও এই নতুন ফীচাৰ প্ৰস্তুত কৰা হৈছে বুলিও প্ৰকাশ কৰে হোৱাটছএপে।

আনহাতে, হোৱাটছএপ ব্যৱহাৰকাৰীক প্ৰদান কৰা আন এটা ফীচাৰ হৈছে- এতিয়াৰ পৰা ব্যৱহকাৰীলৈ প্ৰেৰণ কৰা ষ্টিকাৰ, ইমোজী নটিফিকেশ্যন বাৰতে প্ৰত্যক্ষ কৰিব পাৰিব ব্যৱহাৰকাৰীয়ে। ইয়াৰ দ্বাৰা ব্যৱহাৰকাৰীয়ে লাভ কৰিব এক নতুন অভিজ্ঞতা। বৰ্তমান হোৱাটছএপে এই ফীচাৰ আই'এছত সংযোজন কৰিছে যদিও পৰৱৰ্তী সময়ত এণ্ড্ৰইডৰ বাবেই এয়া সংযোজন কৰা হ'ব।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in