হোৱাটছ এপৰ জৰিয়তেও দিব পাৰিব ৰেষ্টুৰাৰ বিল, কৰিব পাৰিব মোবাইলৰ ৰিৰ্চাজ…

ডিজিটেল ডেস্কঃ কেৱল মেচেজ আৰু ভিডিঅ কলতে সীমাৱদ্ধ নাথাকে হোৱাটছ এপ। অচিৰেই ভাৰতত হোৱাটছ এপে আৰম্ভ কৰিব ব্যৱসায়ভিত্তিক কিছু বিত্তীয় লেনদেনৰ সুবিধা। অহা কিছুদিনৰ পিছৰে পৰা আপুনিও হোৱাটছ এপৰ জৰিয়তে পৰিশোধ কৰিব পাৰিব ৰেষ্টুৰেন্টৰ বিল আৰু কৰিব পাৰিব মোবাইলৰ ৰিৰ্চাজ।

পে টি এম, ফ্লিপকাৰ্টৰ দৰে যেনেকৈ এগৰাকী লোকে বিত্তীয় লেনদেন কৰিব পাৰে হোৱাটছ এপৰ জৰিয়তেও অচিৰেই এগৰাকী গ্ৰাহকে এনে বোৰ কাম কৰিব পাৰিব। ইতিমধ্যে বহুকেইটা বিত্তীয় প্ৰতিষ্ঠানৰ সৈতে আলোচনা কৰি কিছু গাইডলাইনো প্ৰস্তুত কৰিছে হোৱাটছ এপ কৰ্তৃপক্ষই।

উল্লেখ্য যে, ২০১৮চনতে ভাৰতত হোৱাটছ এপে আৰম্ভ কৰিছিল WhatsApp Payৰ দৰে ব্যৱস্থা। কিন্তু এতিয়ালৈকে কোনো বিত্তীয় প্ৰতিষ্ঠানৰ পৰা হোৱাটছ এপে এই এপতো মানুহৰ মাজত প্ৰচলনৰ বাবে অনুমতি লাভ কৰা নাই। এই সকলো কাম অচিৰেই বাস্তৱত পৰিণত কৰিবৰ বাবে হোৱাটছ এপে সকলো কাম পূৰ্ণগতিত কৰি আছে বুলিও জনায় হোৱাটছ এপ কৰ্তৃপক্ষই।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি