কিমান জানে কাদেৰ খানৰ বিষয়ে?

কিমান জানে কাদেৰ খানৰ বিষয়ে?

ডিজিটেল ডেস্কঃ সমগ্ৰ বিশ্বজুৰি নৱবৰ্ষক আদৰাৰ প্ৰস্তুতি৷ উছাহ আৰু উদ্দাপনাৰে চৌপাশ ভৰপূৰ৷ তাৰ মাজতে বছৰৰ প্ৰথমটো দিনতেই চিৰদিনৰ বাবে গুছি গ'ল বলীউডৰ যশস্বী অভিনেতা কাদেৰ খান৷ শ্বাস প্ৰশ্বাসজনিত কাৰণত দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা এইগৰাকী মহান অভিনেতা তথা ডায়ল'গ ৰাইটাৰে ৮১ বছৰ বয়সত কানাডাৰ এখন চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে৷

মৃত্যুৰ সময়ত কোটি কোটি টকাৰ সম্পত্তিৰ পাহাৰ গঢ়ি থৈ যোৱা কাদেৰ খানে নিজক প্ৰতিষ্ঠা কৰিবলৈ এটা সময়ত দৰিদ্ৰতাৰ বিৰুদ্ধে যুঁজ দিবলগা হৈছিল৷ এটা তেনেই সাধাৰণ দৰিদ্ৰ পৰিয়ালত ১৯৩৭ চনৰ ১১ ডিচেম্বৰত বৰ্তমান আফগানিস্তানৰ ৰাজধানী কাবুলত জন্মগ্ৰহণ কৰিছিল কাদেৰ খানে৷ এটা সময়ত তেওঁলোক ইমানেই দৰিদ্ৰ আছিল যে এসাজ ভাতৰ বাবেও হাহাকাৰ কৰিবলগীয়া হৈছিল৷ আনকি দৰিদ্ৰতাৰ বাবেই চিকিৎসাৰ অভাৱত কাদেৰ খানৰ তিনি ককায়েকে প্ৰাণ হেৰুৱাবলগীয়া হয়৷ তেতিয়া কাদেৰ খান সৰু৷ দৰিদ্ৰতাৰ পৰা নিষ্ঠাৰ পাবলৈ কাদেৰ খানৰ পিতৃ-মাতৃয়ে কাবুলৰ পৰা আহি মুম্বাইত থাকিবলৈ লয়৷

কিন্তু দৰিদ্ৰতাই এসময়ত কাদেৰ খানৰ পৰিয়ালতো অশান্তিৰ সৃষ্টি কৰিবলৈ ধৰে৷ অভাৱৰ বাবেই এদিন তেওঁৰ পিতৃ-মাতৃয়ে পৃথকে পৃথকে থকাৰ সিদ্ধান্ত লয়৷ কাদেৰ খানে যথেষ্ট কষ্ট কৰি হোটেলত কাম কৰি, গাড়ীৰ মেকানিকৰ লগত থাকি নিজৰ পঢ়াৰ খৰচ উলিয়াবলৈ আৰম্ভ কৰে৷

কাদেৰ খানৰ ৮ বছৰ বয়সত এদিন যেতিয়া তেওঁ সমনীয়াৰ সৈতে বহি অইন লোকৰ কণ্ঠৰ নকল কৰি আছিল তেতিয়া সেই সময়ৰ যশস্বী অভিনেতা আশ্ৰফ খানৰ চকু পৰে কাদেৰ খানৰ ওপৰত৷ তেৱেঁই কাদেৰ খানক নিজৰ বাসগৃহলৈ মাতি নি অভিনয়ৰ অ-আ ক-খ শিকাবলৈ আৰম্ভ কৰে৷ পিছত কাদেৰ খানে তেওঁ বাস কৰা অঞ্চলত কেইবাখনো ৰংগমঞ্চত অভিনয় কৰি দৰ্শকৰ ৱাহ ৱাহ বুটলিবলৈ সক্ষম হয়৷

কাদেৰ খানে অতি কষ্ট আৰু ত্যাগেৰে চিভিল ইঞ্জিনিয়াৰিঙৰ পাঠ্যক্ৰম সম্পূৰ্ণ কৰি এখন মুম্বাইৰ এখন ইঞ্জিনিয়াৰিং কলেজত অধ্যাপক হিচাপে নিযুক্ত হয়৷ তাতেই এক সমাৰোহত কাদেৰ খানে কৰা অভিনয় দেখি অভিনেতা দীলিপ কুমাৰে তেওঁক চিনেমা জগতত প্ৰথমটো সুযোগ প্ৰদান কৰে৷ ইয়াৰ পিছতে কাদেৰ খানে ১৯৭৩ চনত মুক্তিপ্ৰাপ্ত ছবি 'দাগ'ৰ জৰিয়তে ছবিজগতত আত্মপ্ৰকাশ কৰে৷

এয়াই আছিল কাদেৰ খানৰ আৰম্ভণি৷ 'দাগ' ছবিত কৰা তেওঁ কৰা অভিনয়ৰ পিছতে তেওঁলৈ কেইবাখনো ছবিৰ অফাৰ আহে৷ অভিনয়ৰ সমান্তৰালকৈ তেওঁ এজন ডায়ল'গ ৰাইটাৰ হিচাপেও খ্যাতি লাভ কৰে৷ খলনায়ৰ চৰিত্ৰত অভিনয় কৰা কাদেৰ খানক পৰৱৰ্তী সময়ত দৰ্শকে কমেডীয়ানৰ ৰূপত হে বেছি পচন্দ কৰিবলৈ লয়৷

কাদেৰ খানে তেওঁৰ জীৱিত কালত অমিতাভ বচ্চন, ধৰ্মেন্দ্ৰ আদি প্ৰখ্যাত অভিনেতাসকলৰ বাবেও ডায়ল'গ ৰচনা কৰিছিল৷ 'কালা পথ্থৰ', 'ম্যে খিলাড়ী তু আনাড়ী', 'কানুন অপনা অপনা' আদি বহু জনপ্ৰিয় ছবিৰ আঁৰত থকা ব্যক্তিজন কাদেৰ খান৷ তেওঁ অভিনয় কৰা 'হাচিনা মান জায়েগী', 'কুলি নাম্বাৰ ওৱান', 'বিবি হ্যো তোহ এইচি', 'ঘৰ হ্যো তোহ এইচা' আদি ছবি আজিও বহু দৰ্শকৰ প্ৰিয় ছবি৷

অসুস্থতাৰ প্ৰতি লক্ষ্য ৰাখি কাদেৰ খানে দীৰ্ঘদিন ধৰি অভিনয় জগতৰ পৰা আতৰি আছিল৷ তেওঁ কানাডাত তেওঁৰ জ্যেষ্ঠ পুত্ৰ শ্বাৰফৰাজ খানৰ সৈতে বাস কৰি আছিল৷ এটি দৰিদ্ৰ পৰিয়ালৰ পৰা আহি অভিনেতা হিচাপে পৰিচিতি লাভ কৰা কাদেৰ খান মৃত্যু পৰ্যন্ত ৭০ কোটি টকাৰ মালিক আছিল৷ ছবিজগত আৰু ইহ সংসাৰৰ পৰা আঁতৰি গ'লেও কাদেৰ খানে অভিনয় কৰা ছবিসমূহৰ মাজেৰে তেওঁ ভাৰতীয়সকলৰ মাজত সদায় চিৰস্মৰণীয় হৈ ৰ'ব৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in