কোন কিমান চৰ্চিত, য়াহুৱে কি ক’লে?

কোন কিমান চৰ্চিত, য়াহুৱে কি ক’লে?

ডিজিটেল ডেস্কঃ ভাৰতৰ কোন নেতা বা চেলিব্ৰেটীয়ে অধিকবাৰ বাতৰিৰ শিৰোনাম দখল কৰে আপুনি জানেনে? বিতৰ্কিত মন্তব্য, ভাল কাম, বেয়া কাম, বিয়া, দুৰ্নীতি এইবোৰেই হৈছে এজন ব্যক্তিয়ে বাতৰিৰ শিৰোনামা দখল কৰাৰ মূল কাৰণ৷ শেহতীয়াকৈ 'য়াহু'ৱে চলোৱা এক সমীক্ষাৰ মতে ২০১৮ চনত আটাইতকৈ চৰ্চিত ব্যক্তিজন হৈছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷ তাৰ পিছতেই স্থান লাভ কৰিছে কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীয়ে৷

উল্লেখ্য যে, বিগত কিছু বছৰ ধৰি নৰেন্দ্ৰ মোদীয়ে একেধাৰে এই তালিকাৰ শীৰ্ষ স্থান দখল কৰি আহিছে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ছ'চিয়েল মিডিয়াত অধিক সক্ৰিয় হোৱাটোও এই স্থান দখল কৰাৰ এক মূখ্য কাৰণ বুলিও বিভিন্ন জনে ক'ব বিচাৰে৷ তাৰ বিপৰীতে আগন্তক লোকসভা নিৰ্বাচনক লৈ সৰৱ ভূমিকা লোৱা ৰাহুল গান্ধীয়ে চলিত বৰ্ষত দ্বিতীয় চৰ্চিত ব্যক্তি হিচাপে পৰিগণিত হৈছে৷ বিগত দুই তিনি বছৰ কংগ্ৰেছ ম্লান পৰিছিল যদিও ৰাহুল গান্ধীৰ নাম চৰ্চালৈ অহালৈ চাই কংগ্ৰেছৰ সক্ৰিয়তা বৃদ্ধি পাইছে বুলি মন্তব্য কৰিব পাৰি৷

তিনি তালাক আৰু অনুচ্ছেদ ৩৭৭ত মুখ্য ন্যায়ালয়ৰ নিৰ্ণায়ক ভূমিকাক লৈ ভাৰতৰ অধিক চৰ্চিত ব্যক্তিৰ তালিকাৰ তৃতীয় স্থান অধিকাৰ কৰিছে উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ দীপক মিশ্ৰাই৷ এই তালিকাত স্থান লাভ কৰিছে মেহুল চৌকসী, নীৰৱ মোদী আৰু বিজয় মালিয়াৰ দৰে পলাতকো৷ দেশৰ বেংকৰ ঋণ পৰিশোধ নকৰি পলায়ন কৰি থকা মেহুল চৌকসী, বিজয় মালিয়া আৰু নীৰৱ মোদীয়ে এই বৰ্ষত বাতৰিৰ শিৰোনাম দখল কৰিছিল৷

ইফালে, চলিত বৰ্ষত বিবাহ সম্পন্ন কৰা দুই তাৰকা ৰণবীৰ সিং আৰু দিপীকা পাডুকনৰ বিবাহক লৈও বেছ চৰ্চা চলিছিল৷ যাৰ বাবে এই তালিকাত স্থান লাভ কৰিবলৈ সক্ষম হৈছে দম্পত্তিহালে৷ কিন্তু 'য়াহু'ৰ এই তালিকাত স্থান লাভ কৰা আটাইতকৈ কনিষ্ঠজন হৈছে কৰিণা আৰু ছৈফৰ সন্তান তেমুৰ৷ তেমুৰৰ দুষ্টালিবোৰে এই বৰ্ষৰ শেষৰ ফালে ছ'চিয়েল মিডিয়াত আৰু বাতৰিৰ বিনোদন পৃষ্ঠাত যথেষ্ট চৰ্চিত হোৱা পৰিলক্ষিত হৈছে৷

আনহাতে চলিত বৰ্ষৰ আৰম্ভণিতে দুচকুৰ চাৱনিৰে হাজাৰ জনৰ বুকুত স্থাল লাভ কৰিবলৈ সক্ষম হোৱা মালায়লম অভিনেত্ৰী প্ৰিয়া প্ৰকাশ বেৰিয়াৰো আছে এই তালিকাত৷ এই তালিকাত অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা আৰু নিক জোনাছৰ উপৰিও স্থান লাভ কৰিছে যোগী আদিত্যনাথৰ দৰে নেতাইও৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in