কি হ’ব কংগ্ৰেছৰ পৰা বহিস্কৃত ৰাজদীপ গোৱালা আৰু ৰুমী নাথৰ ৰাজনৈতিক ভবিষ্যত…

কি হ’ব কংগ্ৰেছৰ পৰা বহিস্কৃত ৰাজদীপ গোৱালা আৰু ৰুমী নাথৰ ৰাজনৈতিক ভবিষ্যত…

ডিজিটেল সংবাদ, শিলচৰ : কি হ'ব কংগ্ৰেছৰ পৰা বহিস্কৃত কাছাৰ জিলাৰ দুই কংগ্ৰেছী প্ৰাক্তন বিধায়ক ৰাজদীপ গোৱালা আৰু ডাঃ ৰুমী নাথৰ ৰাজনৈতিক ভবিষ্যত? কংগ্ৰেছ নেতৃত্বৰ বিৰুদ্ধে জেহাদ ঘোষনা কৰি লক্ষীপুৰৰ কংগ্ৰেছী বিধায়ক ৰাজদীপ গোৱালাই গুৱাহাটীত অমিত শ্বাহৰ সন্মুখত বিজেপিত যোগদান কৰিছিল ৷ আশা এটাই তেওঁক পুনৰ লক্ষীপুৰ সমষ্টিৰ পৰা প্ৰাৰ্থীত্ব দিব বিজেপিয়ে ৷ কিন্তু তেওঁৰ আশাত চেঁচা পানী ঢালি বিজেপিয়ে লক্ষীপুৰত প্ৰাৰ্থীত্ব দিলে জিলা বিজেপিৰ সভাপতি কৌশিক ৰায়ক ৷

ৰাজদীপ গোৱালাক উদাৰবন্দ সমষ্টিত নিৰ্বাচন খেলিবলৈ ৰাজ্যিক বিজেপি নেতৃত্বই বাৰাম্বাৰ অনুৰোধ কৰাৰ পিচতো ৰাজদীপে দলৰ সেই অনুৰোধ মানি নল'লে ৷তেওঁ লক্ষীপুৰৰ বাহিৰে তেওঁ কোনো সমষ্টিতে নিৰ্বাচনত অবতীৰ্ণ নহয় ৷ এই আকোৰগোজৰ বাবে অৱশেষত উদাৰবন্দত বৰ্তমানৰ বিধায়ক মিহিৰকান্তি চোম আৰু লক্ষীপুৰত কৌশিক ৰাইক দলে প্ৰাৰ্থীত্ব প্ৰদান কৰিলে ৷

বহু আশা বুকুত বান্ধি গেৰুৱা বসন বিন্ধা ৰাজদীপ গোৱালাৰ ৰাজনৈতিক ভবিষ্যত এতিয়া কোন দিশে সেয়া হৈছে আজিৰ তাৰিখত লাখ টকীয়া প্ৰশ্ন ৷ ৰাজদীপৰ একাংশ সমৰ্থক পুনৰ তেওঁঁক কংগ্ৰেছলৈ উভতি আহিবলৈ অনুৰোধ কৰাৰ বিপৰীতে একাংশ আকৌ তেওঁক নিৰ্দলীয় প্ৰাৰ্থী হিচাপে লক্ষীপুৰত নিৰ্বাচন খেলিবলৈ অনুৰোধ জনাইছে ৷

কিন্তু ৰাজদীপে এতিয়ালৈ কোনো ধৰনৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই ৷ ৰাজ্যিক বিজেপিৰ এক নিৰ্ভৰযোগ্য সুত্ৰই সদৰী কৰা মতে, ৰাজদীপক হেনো ৰাজ্যসভালৈ নিৰ্বাচিত কৰাৰ টোপ দিয়া হৈছে ৷
ইফালে, কংগ্ৰেছৰ পৰা বহিস্কৃত বৰখলাৰ প্ৰাক্তন বিধায়িকা ডাঃ ৰুমী নাথৰ ৰাজনৈতিক ভবিষ্যতও অন্ধকাৰৰ দিশে ৷ কংগ্ৰেছ ত্যাগ কৰি মাজতে বিজেপিত যোগদানৰ কুচকায়াজ চলাইছিল যদিও ৰাজ্যিক বিজেপিয়ে ৰুমী নাথক প্ৰশ্ৰয় নিদিলে ৷

দিশহাৰা হৈ কংগ্ৰেছত প্ৰত্যাৱৰ্তনৰ বাবে সকলো প্ৰকাৰ চেষ্টা চলাইছিল ৰুমী নাথে ৷ তাতো বিধি পথালি দিছিল ৰুমী নাথৰ বৈৰী সুস্মিতা দেবে ৷ দলৰ ভাবমুৰ্তি অক্ষুন্ন ৰখাৰ স্বাৰ্থতে সুস্মিতা দেবে ৰুমীৰ কংগ্ৰেছ গমন কাৰ্যত বন্ধ কৰি দিছিল ৷ অৱশ্যে, সুস্মিতাই বিৰোধিতা কৰিলেও ৰুমী নাথে এতিয়াও প্ৰদেশ কংগ্ৰেছ নেতৃত্বৰ সৈতে যোগাযোগ অব্যাহত ৰাখি আছে বুলি ৰাজনৈতিক মহলত ব্যাপক চৰ্চা লাভ কৰিছে৷

তদুপৰি, বৰখলাৰ সংখ্যালঘু ভোটবেংকৰ প্ৰতি লক্ষ ৰাখি ৰুমী নাথে এআইইউডিএফৰ সৈতেও যোগাযোক ৰখা বুলি চৰ্চিত হৈছে ৷ কংগ্ৰেছ আৰু এআইইউডিএফৰ পৰা প্ৰাৰ্থীত্ব নাপালে কি হব ৰুমী নাথৰ ৰাজনৈতিক কেৰিয়াৰ? ৰুমীৰ একাংশ সমৰ্থকৰ মতে,কংগ্ৰেছ আৰু এআইইউডিএফৰ পৰা কোনো সহাৰি নাপালে ৰুমী নাথে নব গঠিত এজিপি নাইবা ৰাইজৰ দলৰ কোনে এটা দলৰ পৰা বৰখলাত প্ৰতিদ্বন্দিতা কৰিবই ৷ অৱশ্যে, এই সন্দৰ্ভত সংবাদ মাধ্যমৰ সন্মুখত মুখ খোলাৰ পৰা কৌশললেৰে আতৰি আছে ডাঃ ৰুমী নাথ ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in