হঠাৎ আপোনাৰ গোপন ফটো ভাইৰেল হ’লে কি কৰিব?

হঠাৎ আপোনাৰ গোপন ফটো ভাইৰেল হ’লে কি কৰিব?

♦ ডি জে ধনন্তৰি

জ্ঞান লাভৰ বাবে এতিয়া আৰু হাজাৰ পৃষ্ঠাৰ বিশ্বকোষৰ পাত লুটিয়াই ফুৰাৰ কোনো প্ৰয়োজন নাই। হাতত থকা মোবাইল ফোনটোৰেই যেতিয়াই যি তথ্যৰ প্ৰয়োজন হয় তেতিয়াই সেয়া লাভ কৰাতো সম্ভৱ হৈ পৰিছে।

ডিজিটেল প্ৰযুক্তিৰ সুবিধা এয়াই যে ই সদায় দুটা বিষয়ক অধিক গুৰুত্ব দিয়ে। সেয়া হৈছে ইনষ্টেণ্ট নলেজ (তাৎক্ষণিক জ্ঞান) আৰু ইনষ্টেণ্ট কমিউনিককেশ্যন (তাৎক্ষণিক যোগাযোগ)। ডিজিটেল প্ৰযুক্তিৰ এনে ইনষ্টেন্ট সুবিধাৰ বাবে স্মাৰ্টফোন আজিৰ যুগত আৰু বিলাসী সামগ্ৰী হৈ থকা নাই। স্মাৰ্টফোন অবিহনে বৰ্তমান জীৱন-যাপন তেনেই কঠিন আৰু আমনিদায়ক হৈ পৰাতো নিশ্চিত।

ইণ্টাৰনেটৰ এই যুগত এতিয়া ব্যক্তিগত বুলিবলৈ আমাৰ একোৱেই নাই। আমি কি খাই ভাল পাও, কি পিন্ধি ভাল পাও, কি গান শুনি ভাল পাও সেয়া আমাৰ ছ'চিয়েল মিডিয়া একাউণ্টৰ জৰিয়তে সকলোৱে মুহূৰ্ততে জানিব পাৰে। মাহটোত আমি কি কি বজাৰ কৰো, কিমান টকাৰ লেন-দেন কৰো সেয়াই জানিবলগীয়াসকলে গম পায়েই থাকে। সময়ে আমাক এনে পৰ্যায়লৈ লৈ গৈছে যে দুখ-ভাগৰ, হাঁহি-কান্দোন, প্ৰেম-ঘৃণা সকলো আমি ফেচবুক-হোৱাটছএপত আপলোড কৰিবলৈ বাধ্য।

ব্যক্তিগত বুলিবলৈ একো নথকা এই যুগত আমাৰ প্ৰতিটো ক্ষণৰ সংগী মোবাইল তথা আন ডিজিটেল যতন(ডিভাইচ)সমূহৰ ব্যৱহাৰত সাৱধান হোৱাতো অত্যন্তই প্ৰয়োজনীয়। অৱশ্যে হাজাৰ সাৱধানতাৰ মাজতো এই ডিভাইচসমূহৰ বাবে বিপদত পৰাৰ সম্ভাৱনাও অতি প্ৰবল। কিন্তু কি এই বিপদ? এই বিপদে আমাক কেনেদৰে বিধ্বস্ত কৰি তুলিব পাৰে? এনে বিপদে দেখা দিলে তাৰ পৰা পৰিত্ৰাণৰ উপায় আছেনে?

এই বিপদত পৰা নাই কোন? হলীউড-বলীউডৰ চেলিব্ৰেটিৰ পৰা আৰম্ভ কৰি গাঁৱৰ ৰহিলা-পমিলা সকলোকে খেদি ফুৰিছে এনে বিপদে। অসমতো বিগত সময়ছোৱাত ভয়াৱহ ৰূপ ধাৰণ কৰিছে এই বিধ বিপদে। কিছুদিন আগৰ কথা। নগাঁও জিলাৰ এগৰাকী বিবাহিত মহিলাই কণমানি পুত্ৰসহ জাঁপ দিলে নৈত। কিন্তু কিয় জীৱনৰ প্ৰতি মায়া হেৰুৱাই পেলাইছিল মহিলাগৰাকীয়ে?

মহিলাগৰাকীৰ স্বামী ঘৰৰ পৰা দূৰৈত কৰ্মৰত। একাকীত্ব দূৰ কৰিবলৈ তেওঁ আশ্ৰয় ল'লে ইণ্টাৰনেট, ছ'চিয়েল মিডিয়াৰ। কেনেকৈ কি হ'ল টলকিবই নোৱাৰিলে। এজন যুৱকৰ সৈতে প্ৰথমে প্ৰেম, তাৰ পিছত ফটোৰ আদান-প্ৰদান। তাতেই লাগিল কেনা। যি বিশ্বাসত নিজৰ একান্ত মুহূৰ্তৰ ফটো যুৱকজনলৈ প্ৰেৰণ কৰিছিল সেই বিশ্বাস ভৰিৰে মোহাৰি সেয়া বিয়পাই দিয়ে ইণ্টাৰনেটত। মিনিটৰ ভিতৰতে সেয়া হোৱাটছএপত ভাইৰেল হৈ পৰে। সেই কথা জানিব পাৰি ভয়ত বিতত হৈ পৰে গাঁৱৰ মহিলাগৰাকী।

মুখ লজ্জাৰ ভয়ত কি কৰিব একো ভাবি নাপাই শেষ সিদ্ধান্ত গ্ৰহণ কৰে যদিও তাতো বিফল হয়। সেই অপচেষ্টাত কণমানি পুত্ৰক হেৰুৱাই এতিয়া আইন-আদালতৰ মেৰপেচত সোমাই ভাৰাক্ৰান্ত ছ'চিয়েল মিডিয়াৰ মায়াময় জগতত ভৰি থোৱা গাঁৱৰ মহিলাগৰাকী। সকলো কথা পোহৰলৈ অহাৰ পিছত পৰিয়ালৰ লোকসকলৰ বাবেও তেওঁ ঘৃণাৰ পাত্ৰ!

আন এটা ঘটনা। কোনো কাৰণত যুৱতীগৰাকীৰ বয়ফ্ৰেইণ্ডৰ সৈতে ব্ৰেকআপ হ'ল। তাতেই ক্ষুন্ন হৈ প্ৰতিশোধ লোৱাৰ মানসিকতাৰে একালত প্ৰেয়সীৰ সৈতে কটোৱা অন্তৰংগ মুহূৰ্তৰ ফটোবোৰ এৰি দিলে ইণ্টাৰনেটত। যুৱতীগৰাকীয়ে সেই কথা জানিব পাৰিলে যদিও সাহস হেৰুৱাই নেপেলালে। তাৰ পৰিৱৰ্তে তেওঁ কাষ চাপিল আৰক্ষীৰ। যুৱতীগৰাকীৰ এনে সাহসৰ বাবে এতিয়া ৰঙাঘৰৰ আলহী একালৰ প্ৰেমিক সেই লম্পট যুৱকজন।

কাহিনীৰ ইমানতে শেষ হোৱা নাই। এইকেইদিনতে পোহৰলৈ আহিছিল আন এটা ঘটনা। OLXত জিলিকি উঠিছিল এগৰাকী যুৱতীৰ ফটো। এছকৰ্ট ছাৰ্ভিছৰ নামত কোনো দুষ্ট চক্ৰই ব্যৱহাৰ কৰিছিল যুৱতীগৰাকীৰ ফটো। কেনেবাকৈ সেই কথা গম পোৱাৰ পিছত যুৱতীগৰাকীয়ে তাত থকা যোগাযোগ নম্বৰত যোগাযোগ কৰি গ্ৰাহকৰ ভাও ধৰি চক্ৰটোক হাতে-লোটে ধৰা পেলাই সমস্ত ঘটনা আৰক্ষীক অৱগত কৰে। যুৱতীগৰাকীৰ এনে সাহসৰ বাবে পোহৰলৈ আহিছিল দুষ্ট চক্ৰৰ উক্ত কু-কাৰ্য।

এনেধৰণৰ কাহিনীৰ শেষ নাই। ছ'চিয়েল মিডিয়া, ইণ্টাৰনেটৰ প্ৰভাৱ যিমানেই বৃদ্ধি পাইছে সিমানেই এনেধৰণৰ ঘটনা বৃদ্ধি পাবলৈ লৈছে। আচৰিত কথাটো এয়াই যে একালৰ অতি আপোনজনৰ বাবেই সংঘটিত হয় এনে ঘটনা। যাক আপুনি এদিন অতি বিশ্বাসত লৈ হিয়া-মন, দেহ সকলো উজাৰি কাষ চাপে সেইজনেই নিজৰ স্বাৰ্থ সিদ্ধি নহ'লে প্ৰতিশোধ পৰায়ণ হৈ আপোনাৰ মান-সন্মান ধূলিস্যাৎ কৰি পেলাবলৈ কুণ্ঠাবোধ নকৰে। ইণ্টাৰনেটৰ যোগেদি আপোনজনে আপোনাৰ গোপন ফটো ভাইৰেল কৰি আপোনাক বিপদৰ মুখলৈ ঠেলি দিয়া এই সমগ্ৰ কু-কাৰ্যক বুজাবলৈ ব্যৱহাৰ কৰা শব্দটো হৈছে 'Revenge porn'।

'Revenge porn'ৰ কবলত পৰি সাধাৰণ যুৱতী-মহিলাৰ লগতে বহু চেলিব্ৰেটীও আপোনঘাতী হ'বলগীয়াত পৰিছে। পিছে এই বিপদ বা সমস্যাৰ সমাধান আপোনঘাতী হোৱাতো নহয়। সময় এতিয়া সলনি হৈছে। গতিকে কথাবোৰো সকলোৱে নতুনকৈ ভাবিবলৈ শিকিব লাগিব। যদিহে আপুনিও 'Revenge porn'ৰ কবলত পৰে তেন্তে বেয়া চিন্তাবোৰ মনলৈ অনাৰ পৰিৱৰ্তে সাহসেৰে তাৰ সন্মুখীন কৰক।

২০০০ চনৰ কথা। ভাৰত ভ্ৰমণলৈ আহিছিল বিশ্বৰ ধনী ব্যক্তিসকলৰ অন্যতম বিল গেটছ। মুম্বাইৰ এটি পিছপৰা অঞ্চলত অতি পিছপৰা মহিলাসকলৰ দুখ-দুৰ্দশাৰ বুজ লৈছিল তেওঁ। এগৰাকী মহিলাই তাতেই বৰ্ণনা কৰিছিল নিজৰ কৰুণ কাহিনী। সেই কাহিনী শুনি দুচকু সেমেকি উঠিছিল মাইক্ৰ'ছফটৰ প্ৰতিষ্ঠাতাগৰাকীৰ। মহিলাগৰাকী আছিল যৌনকৰ্মী। কন্যাৰ পৰা গোপনে ৰাখিছিল সেই কথা। এদিন অহুকাণে-পহুকাণে সেই কথা জানিব পাৰিছিল কন্যাৰ সহপাঠীসকলে। কথাটো গম পোৱাৰ পিছতে সহপাঠীসকলে কন্যাক সেই বিষয়ে প্ৰশ্ন কৰি আৰম্ভ কৰিছিল নিৰ্যাতন। তাৰ কিছু দিন পিছতে চিপ লৈছিল কন্যাই। ছুইচাইড নোটত লিখি থৈ গৈছিল যে যি কাৰণে তাই আত্মহত্যা কৰিছে সেই কথা কাকো ক'ব নোৱাৰে।

সেয়া আজিৰ পৰা ১৮ বছৰ আগৰ কথা। পিছে আজিও সলনি হোৱা নাই আমাৰ সমাজৰ মানসিকতা। ভব্য-গব্য লোকসকলে আন্ধাৰ গলিলৈ গৈ নিজৰ কামনা-বাসনা চৰিতাৰ্থ কৰি নিজকে ভদ্ৰলোক বুলি পৰিচয় দি বুকু ফিন্দাই ঘূৰি ফুৰে। বিপৰীতে সেইসকল ভদ্ৰলোকে ৰাতি আন্ধাৰ গলিত বিচাৰি যোৱা মহিলগৰাকী দিনত ঘৰৰ সমুখত দেখিলে লেই-লেই-ছেই-ছেই কৰি ঘৃণাত নাক কোচায়।

'Revenge porn'ৰ ক্ষেত্ৰতো সেই একেই কথা। যিসকল পুৰুষে নিজেই ফেচবুক-হোৱাটছএপত যুৱতী-মহিলাৰ লগত সম্পৰ্ক গঢ়িবলৈ উদ্যত হৈ পৰে, মাজনিশা হাই-হেল্ল'ৰে ইনবক্স ভৰাই দিয়ে সেইসকল লোকেই Revenge pornৰ বলি হোৱা ভুক্তভোগীক চৰিত্ৰহীনা তথা পতিতা বুলি ক'বলৈ আগবাঢ়ি আহে। এনে মানসিকতাৰ বাবে এই বিপদৰ চিকাৰ হোৱা ভূক্তভোগীয়ে সাহসেৰে তাৰ বিৰুদ্ধে মাত মাতিবলৈ ওলাই আহিব বুলি ভাবিলেও সেয়া হৈ নুঠে।

পিছে তথ্য-প্ৰযুক্তিৰ এই যুগত ইমান সহজে সাহস হেৰুৱালে হ'ব জানো? এয়া সাহস হেৰুওৱাৰ যুগ নহয়। এয়া হৈছে সাহসেৰে বিপদ তথা প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ যুগ। যদিহে কোনো মুহূৰ্তত আপুনিও Revenge pornৰ চিকাৰ হয় তেন্তে ভয় নাখাব। আপুনি এয়া ধৰি ল'ব যে যিজনে উক্ত কাণ্ড সংঘটিত কৰিছে সেইজনৰ সমান কাপুৰুষ এই পৃথিৱীত দ্বিতীয়জন নাই। তেনে কাপুৰুষক অদৃষ্টজনে শাস্তি দিব বুলি মনে মনে বহি থাকিলে নহ'ব। কিয়নো অদৃষ্টজনে কাপুৰুষজনক তেনে কামৰ পৰা বিৰত ৰাখিব পৰা নাই যেতিয়া সেইজনক এসেকা দিয়াৰ দায়িত্ব আপোনাৰ। আপোনাৰ একান্ত মুহূৰ্তৰ ফটো অসাৱধানবশত যদিহে ভাইৰেল হৈ পৰে তেন্তে যিয়ে সেয়া সংঘটিত কৰিছে তেওঁৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপক। ভাৰতীয় দণ্ডবিধি তথা তথ্য-প্ৰযুক্তি আইন মতে এনে কাম অৰ্থাৎ Revenge porn হৈছে এক শাস্তিযোগ্য অপৰাধ।

যদিহে আপুনি এনে ঘটনাৰ কবলত পৰে তেন্তে নিজকে কেতিয়াও অকলশৰীয়া বুলি নাভাবিব। সেয়া সন্মান হানিকৰ বুলিও নাভাবিব। কিয়নো আপোনাৰ ফটো এখন ভাইৰেল হোৱাটো আপোনাৰ বাবে কোনো সন্মান হানিকৰ নহয়, সন্মান হানি সেইজনৰহে হৈছে যিয়ে উক্ত কাণ্ড সংঘটিত কৰিছে। ফটো এখন ভাইৰেল হৈ পৰাৰ পিছত তাক বাধা দিয়াতো কোনোপধ্যে সম্ভৱ নহয়, গতিকে বাধা দিয়াৰ উপায় ভাবি মূৰ ঘমাই থকাৰ পৰিৱৰ্তে জীৱনটো কিদৰে স্বাভাৱিক কৰি ৰাখিব তাৰ প্ৰতিহে অধিক গুৰুত্ব দিয়ক।

আহকচোন এনে পৰিস্থিতিৰ কবলত পৰিলে কি কৰা উচিত সেই বিষয়ে জানি লওক। এনেধৰণৰ ডিজিটেল বিপদৰ বাতৰিৰ বাবে কেবাটাও আন্তৰ্জাতিক বঁটা জয় কৰিবলৈ সমৰ্থ হোৱা নাইজেৰিয়াৰ বিশিষ্ট সাংবাদিক অজিঅমা উবাবুকৰ মতে Revenge porn বা হেকাৰৰ কবলত পৰি আপোনাৰ গোপন ফটো ভাইৰেল হ'লে কিছুদিনৰ বাবে সকলো ডিজিটেল গেজেটৰ পৰা কিছুদিনলৈ আঁতৰি থকা উচিত। তেওঁ আৰু কৈছে এনে ঘটনা সংঘটিত হ'লে কেতিয়াও অকলশৰে থকা উচিত নহয়। সেই সময়খিনিত তেনে লোকৰ সৈতে কটাও যিয়ে আপোনাক ভালদৰে বুজি পায়, কিয়নো অকলশৰে থাকিলে দুশ্চিন্তাই খেদি ফুৰাৰ সম্ভাৱনা যথেষ্ট বৃদ্ধি পায়। প্ৰতিশোধ পৰায়ণ হৈ সেইজনৰ বিৰুদ্ধে নিজাববীয়াকৈ ব্যৱস্থা লোৱাৰ পৰিৱৰ্তে আইনৰ কাষ চপাটোৱেই বুদ্ধিমানৰ কাম বুলিও সাংবাদিকগৰাকীয়ে মন্তব্য কৰিছে।

সেয়ে আহক, প্ৰতিটো মুহূৰ্ততে সতৰ্ক হৈ থাকক। পৰাপক্ষত যিমানেই কাষ চাপি নাযাওক কিয় ডিজিটেল ডিভাইচৰ জৰিয়তে কোনো লোকলৈ গোপন ফটো আদি প্ৰেৰণ নকৰিব। মোবাইলত কেতিয়াও নিজৰ একান্ত মুহূৰ্তৰ ফটো ছেভ কৰি নথব, কিয়নো ফোনটো হেৰালে বা হেকাৰৰ হাতত পৰিলে সেয়া মুহূৰ্ততে ভাইৰেল হৈ পৰাৰ সম্ভাৱনা অধিক। সকলোতকৈ ডাঙৰ কথাটো হ'ল কোনো লোককে এনে গোপন ফটোৰ ক্ষেত্ৰত বিশ্বাসত নল'ব।

শুনি আচৰিত হ'ব যে যোৱা সপ্তাহত এগৰাকী ভাৰতীয় নৌসেনা বিষয়াৰ পত্নীয়ে তেওঁৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিছে। তাৰ কাৰণ এয়াই যে নৌসেনাৰ বিষয়া স্বামীয়ে তেওঁৰ গোপন ফটো কোনো কথাত খং কৰি ইণ্টাৰনেটত ভাইৰেল কৰি দিছিল। গতিকে যিমান পাৰি সিমান সাৱধান হ'বলৈ চেষ্টা কৰক। কথাতেই কোৱা হয় সাৱধানীৰ মৰণ নাই। আৰু সাৱধানে থকাৰ পিছতো তেনে ঘটনা সংঘটিত হ'লে ভয় নকৰি সাহসেৰে সন্মুখীন হ'বলৈ কেতিয়াও পিছহুহুকি নাহিব। ইয়াত লাজ-অপমানৰ কথাও আহি নপৰে, কিয়নো লাজ সেইজনেহে কৰে যিয়ে নকৰিবলগীয়া কাম কৰে। মনত ৰাখিব, ভাললগাজনৰ সৈতে অন্তৰংগ মুহূৰ্ত পাৰ কৰাটো কোনো বেয়া কাম নহয়। তেনে অন্তৰংগ মুহূৰ্তৰ ফটো ভাইৰেল কৰাজন যে প্ৰকৃততে মানুহৰ শাৰীত নপৰে সেই কথা উপলব্ধি কৰিব পাৰিলেই আপুনি তেনে পৰিস্থিতিৰ মুখামুখি হ'বলৈ লাভ কৰিব যথেষ্ট সাহস!

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in