‘কা’ সন্দৰ্ভত কি ক’লে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে…

‘কা’ সন্দৰ্ভত কি ক’লে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে…

ডিজিটেল ডেস্কঃ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে কোনো দেশৰে পৰা নিবিচাৰে সহায়। এই কথা আমি কোৱা নাই, মঙলবাৰে নতুন দিল্লীত সংবাদমাধ্যমক সম্বোধন কৰি এই মন্তব্য কৰিলে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতত উপস্থিত হোৱা খোদ ৰাষ্ট্ৰপতিগৰাকীয়ে। ২০২০ৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত বিদেশৰ পৰা সহায় নাপায় নেকি আমেৰিকাৰ লোকসকলক কি ক'ব বিচাৰে বুলি সাংবাদিকে সোধা প্ৰশ্নত ট্ৰাম্পে কয়, মই কোনো দেশৰ পৰা সহায় নিবিচাৰো। কোনো দেশৰ পৰা মোক সহায়ো কৰা নাই।

পাকিস্তানৰ সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বিষয়ে সাংবাদিকে সোধা প্ৰশ্নত ট্ৰাম্পে কয়, আমি এই প্ৰসংগত আজি কথা পাতিছো। ই এটা যে সমস্যা সেই কথাত কোনো সন্দেহ নাই। তেওঁলোকে (ভাৰত-পাকিস্তান) এই প্ৰসংগত কাম কৰি আছে। মই যি পাৰো সহায় কৰিম। কাৰণ দুয়োজন ভদ্রলোক (ভাৰতৰ প্ৰধানমন্ত্ৰী-পাক প্ৰধানমন্ত্ৰী)ৰ সৈতে মোৰ সম্বন্ধ ভাল।

লগতে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, মই সহায় হিচাপে যি কৰিব পাৰিম কৰিম। পাকিস্তানে কাশ্মীৰৰ প্ৰসংগত কাম কৰি আছে। কাশ্মীৰ দীৰ্ঘদিন ধৰি ভাৰত আৰু পাকিস্তানৰ বাবে ডাঙৰ সমস্যা হিচাপে দেখা দি আহিছে। দুয়োখন দেশে এই সমস্যা সমাধানৰ বাবে কাম কৰি আছে।

উল্লেখ্য যে, দিল্লীত ট্ৰাম্প বিশেষ অনুষ্ঠানত ব্যস্ত থকাৰ সময়তে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে একাংশ লোকে সাব্যস্ত কৰিছিল তীব্ৰ প্ৰতিবাদ। নাগৰিকত্ব সংশোধনী আইন প্ৰসংগত সাংবাদিকে সোধা প্ৰশ্নত ট্ৰাম্পে কয়, মই এই প্ৰসংগতো ভাৰতৰ বাবে এৰিছো। আশা কৰো তেওঁলোকে জনসাধাৰণৰ বাবে সঠিক সিদ্ধান্ত ল'ব।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in