নতুন কি কি লক্ষণ দেখা পালে আপোনাৰ হ’ব পাৰে কোৰোনা…

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল ডেস্ক : কোৰোনাৰ দ্বিতীয় ঢৌৱে এক বিভিষিকাময় পৰিস্থিতিৰ সৃষ্টি কৰিছে দেশত । দেশৰ ৰাজ্য সমূহত কোৰোনাৰ সংক্ৰমন ৰোধৰ বাবে ঘোষণা কৰা হৈছে লকডাউন, নৈশ সান্ধ্য আইনৰ লগতে বিভিন্ন নীতি নিয়ম । ইফালে দেশত কোৰোনা আক্ৰান্ত হোৱা লোক সকল নতুন নতুন লক্ষণ দেখা পোৱা গৈছে বুলি মন্তব্য কৰিছে চিকিৎসক সকলে ।

চিকিৎসকে কোৱা অনুসৰি ২০২০ বৰ্ষত কোৰোনাত আক্ৰান্ত লোকৰ লক্ষণ সমূহ আছিল জ্বৰ,কাহ,চৰ্দি,মাংসপেষীৰ বিষ, নাকেৰে গোন্ধ নপোৱা ইত্যাদি । ইফালে দেশত কোভিড আক্ৰান্ত লোক সকল পুৰণা লক্ষণ সমূহৰ উপৰিও চিকিৎসকে দেখা পোৱা নতুন লক্ষণ সমূহ হ'ল গাঠি আৰু মাংসপেশীৰ বিষ,ডায়েৰিয়া,নখৰ ৰং সলনি হোৱা,ডিঙিৰ সুৰসুৰনি,চকু জ্বলা পোৰা,মূৰৰ বিষ আদি ।

চিকিৎসক সকলে এই সমূহ লক্ষণ থাকিলে কোভিড পৰীক্ষা কৰোৱাৰ বাবে আহ্বান জনোৱাৰ লগতে সমাজিক দুৰত্ব,মাস্ক পৰিধান কৰাৰ বাবেও আহ্বান জনাই । ইফালে দেশত এদিনতে তিনি লাখতকৈ অধিক লোক কোভিডত আক্ৰান্ত হৈছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in