শেহতীয়া খবৰ
সংসদ ভৱনৰ দিশে আগবাঢ়িছে জে এন ইউৰ প্ৰতিবাদী মিছিল...  •  সংসদৰ শীতকালীন অধিবেশন আৰম্ভ...  •  ৰঞ্জন গগৈৰ উত্তৰাধিকাৰী, দেশৰ ৪৭ সংখ্যক মুখ্য ন্যায়াধীশ শৰদ অৰবিন্দ বোবডে কোন…  •  সংসদৰ শীতকালীন অধিবেশন আৰম্ভ হোৱাৰ পূৰ্বে কি ক’লে প্ৰধানমন্ত্ৰী মোডীয়ে... চাওঁক VIDEO  •  দেশৰ ৪৭সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে শপত ল’লে ন্যায়াধীশ শাৰদ অৰবিন্দ ববডেই, চাওক VIDEO  •  অভয়াপুৰীত বিজেপি কৰ্মীক হত্যা, দলঙৰ তলত উদ্ধাৰ মৃতদেহ...  •  পৰ পুৰুষৰে পত্নীৰ সম্পৰ্ক! কামপুৰত পত্নী-শহুৰৰ পৰিয়ালে বিহ খুৱাই হত্যা কৰাৰ সন্দেহ যুৱকক...  •  বিশ্বনাথত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত ২জন  •  মহানগৰীত ৱৰ্ল্ড ডে অফ ৰিমেম্বাৰেঞ্চ উদযাপন, পথ দুৰ্ঘটনাত নিহত সকলক স্মৰণ  •  মহানগৰীত সেনাৰ সহযোগত বন বিভাগে পানী টেংকীৰ পৰা উদ্ধাৰ কৰিলে পোৱালিসহ এটা হাতী

দুখীয়াৰ মনৰ কথা বুজ লৈ ন’বেল লাভ কৰা ভাৰতৰ পুত্ৰ-বোৱাৰী…

9,187

ডিজিটেল ডেস্কঃ যোৱা ৭ অক্টোবৰৰ পৰা ১৪ অক্টোবৰৰ লৈকে একলেথাৰিয়ে ঘোষণা হ’ল ২০১৯ বৰ্ষৰ সন্মানীয় ন’বেল পুৰস্কাৰ। বিভিন্ন ক্ষেত্ৰত কেবাজনো বিশেষজ্ঞ গৱেষকে লাভ কৰিলে এই পুৰস্কাৰ। ন’বেল পুৰস্কাৰৰ ঘোষণা কৰা সপ্তাহটোত শেষৰ দিনা ভাৰতলৈ আহিল এটা ভাল খবৰ।

অৰ্থনীতিত এজন ভাৰতীয়ই লাভ কৰিছে ন’বেল পুৰস্কাৰ। তেওঁৰ লগতে আন দুগৰাকী ন’বেল প্ৰাপ্ত ব্যক্তি হৈছে এস্থৰ ডোফ’লো, মাইকেল কেমৰৱে। এই খবৰ পোৱাৰ লগে লগে সমগ্ৰ দেশতে আনন্দৰ জোৱাৰ উঠিছে। প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰপতিৰ পৰা আৰম্ভ কৰি দেশ-বিদেশৰ বহু ৰাষ্ট্ৰনেতাই জনালে শুভেচ্ছা।

অভিজিৎ বেনাৰ্জী কোন?

২০১৯ বৰ্ষৰ ন’বেল বঁটা লাভ কৰা অভিজিৎ বেনাৰ্জীৰ প্ৰকৃত ঘৰ পশ্চিমবংগত। ১৯৬১ চনৰ ২১ ফেব্ৰুৱাৰীত মু্ম্বাইত জন্ম হৈছিল বেনাৰ্জীৰ। তেখেতৰ পিতৃ-মাতৃ দুয়োৱে আছিল অধ্যাপক। বেনাৰ্জীৰ প্ৰাৰম্ভিক শিক্ষা প্ৰথমে কলকাতাৰ চাউথ পইন্ট স্কুলত আৰম্ভ হৈছিল। প্ৰেছিডেন্সী কলেজত অৰ্থনীতিত স্নাতক লোৱাৰ পিছত ১৯৮৩ চনত তেখেতে দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত নামভৰ্তি কৰে।

এই বিশ্ববিদ্যালয়ৰে পৰাই তেখেতে অৰ্থনীতিত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি পি এইচ ডিৰ বাবে ঢাপলি মেলে আমেৰিকাৰ হাৱাৰ্ড বিশ্ববিদ্যালয়লৈ। অভিজিৎ বেনাৰ্জীৰ লগতে পঢ়-শুনা কৰিছিল পিষ্টন বিশ্ববিদ্যালয়ত। ১৯৮৮চনত তেওঁ হাৱাৰ্ড বিশ্ববিদ্যালয়ৰ পৰা পি এইচ ডি ডিগ্ৰী লাভ কৰে। ইয়াৰ পাছতে বৰ্তমান আমেৰিকাৰ এম আই টি ফুড ফাউনণ্ডেচনৰ অৰ্থনীতিৰ আন্তৰাষ্ট্ৰীয় অধ্যাপক।

এইখিনিতে উল্লেখ কৰিব লাগিব যে, অৰ্থনীতিত ন’বেল বঁটা প্ৰাপ্ত অভিজিৎ বেনাৰ্জী হৈছে দ্বিতীয়গৰাকী ভাৰতীয়। ইয়াৰ পূৰ্বে অৰ্থনীতিত ন’বেল বঁটা লাভ কৰিছিল অমৰ্ত্য সেনে।

ন’বেল বঁটা ঘোষণাৰ সময়ত কি কৰি আছিল অভিজিৎ বেনাৰ্জীয়েঃ

ন’বেল বঁটা ঘোষণাৰ কিছু সময়ৰ পাছতে www.nobelprize.orgৰ সৈতে হোৱা এক সাক্ষাৎকাৰত বেনাৰ্জীয়ে কয়, ‘এই সন্মান লাভ কৰাৰ বাবে মই যথেষ্ট সুখী। দৰিদ্ৰ লোকসকলক লৈ কৰা কামবোৰৰ বাবেই মই স্বীকৃতি লাভ কৰিছো। এই পুৰস্কাৰ মই সেইসকল লোকলৈ সমৰ্পিত কৰিলো, যিসকল লোকে বিশ্বৰ দৰিদ্ৰতাৰ সৈতে সাহসেৰে যুঁজি আছে।’ সাক্ষাৎকাৰত বেনাৰ্জীয়ে কয় যে, ‘ষ্টকহোমৰ পৰা ন’বেল বঁটা লাভ কৰাৰ বাতৰি পোৱাৰ সময়ত মই গভীৰ নিদ্ৰাত আছিলো। পুৱা সোনকালে শুই উঠাৰ অভ্যাস মোৰ নাই। কিন্তু খবৰটো পোৱাৰ লগে লগে মোৰ টোপনি ভাগিছিল। প্ৰায় এঘন্টা সময় বিভিন্নজনৰ লগত কথা বতৰা পাতি পুনৰ ৪০ মিনিটৰ বাবে পুনৰ শুই পৰিছিলো।’

ন’বেল বঁটা লাভ কৰা এস্থৰ ডোফ’লো হৈছে অভিজিৎ বেনাৰ্জীৰ পত্নীঃ

২০১৯ বৰ্ষৰ অৰ্থনীতিত ন’বেল বঁটা লাভ কৰা এস্থৰ ডোফ’লো হৈছে অভিজিৎ বেনাৰ্জীৰ পত্নী। ন’বেল পুৰস্কাৰ লাভ কৰা এওঁলোক হৈছে পঞ্চমগৰাকী দম্পত্তি। ১৯৭২ চনত জন্ম হোৱা এস্থৰ ডোফ’লো হৈছে এমআইচিৰ অৰ্থনীতি বিভাগৰ এগৰাকী গৱেষক। ডোফ’লো হৈছে অৰ্থনীতিত ন’বেল বঁটা লাভ কৰা দ্বিতীয়গৰাকী মহিলা। ইয়াৰ পূৰ্বতে ২০০৯ চনত আমেৰিকাৰ এলিন’ৰ আষ্টমে প্ৰথমবাৰৰ বাবে লাভ কৰিছিল অৰ্থনীতিত ন’বেল। পুৰস্কাৰ লাভ কৰাৰ পাছতে ডোফ’লোৱে ক’লে, ‘এই বঁটাই প্ৰমাণ কৰিলে যে মহিলা পুৰুষতকৈ কোনো গুণে কম নহয়। এই বঁটাই সেইসকল মহিলাক উৎসাহ যোগাব যিসকলে নীৰৱে সমাজৰ বাবে নিজৰ কাম চলাই গৈছে। ‘

১৯ অক্টোবৰত প্ৰকাশ পাব অভিজিৎ বেনাৰ্জী আৰু এস্থৰ ডোফ’লোৰ নতুন গ্ৰন্থঃ

ন’বেল বঁটা পোৱা স্বামী-স্ত্ৰী অভিজিৎ আৰু এস্থৰ ডোফ’লোৰ নতুন এখন গ্ৰন্থ প্ৰকাশ পাব ১৯ অক্টোবৰত কিতাপখনৰ নাম হৈছে ‘‘Good Economics for Hard Times – Better Answers to our Biggest Problems’। প্ৰকাশক জগৰনাট বুকছে সোমবাৰে এই কিতাপখন প্ৰকাশৰ কথা ঘোষণা কৰে। প্ৰকাশকৰ মতে এই কিতাপখনত সাধাৰণ মানুহৰ মনত উদয় হোৱা অৰ্থনীতি সম্বন্ধীয় বিভিন্ন প্ৰাশ্নৰ উত্তৰ দিবলৈ লেখকে চেষ্টা কৰিছে।

কংগ্ৰেছৰ সৈতে কি সম্পৰ্ক অভিজিৎ বেনাৰ্জীৰঃ

২০১৯ৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছে প্ৰকাশ কৰা ন্যায় নামৰ ইস্তাহাৰখনৰ পৰামৰ্শদাতা আছিল অভিজিৎ বেনাৰ্জী। ইয়াত দেশৰ প্ৰতিটো দৰিদ্ৰ পৰিয়ালক ৭২ হাজাৰ টকা দিয়াৰ কথা ঘোষণা কৰিছিল কংগ্ৰেছে। সোমবাৰে বঁটা ঘোষণাৰ পিছত অভিনন্দন জ্ঞাপন কৰি কংগ্ৰেছৰ নেতাসকলে অভিজিৎ বেনাৰ্জীৰ সৈতে কাম কৰাৰ কথা কৈ তেওঁৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে।

কেতিয়া দিয়া হ’ব এই ন’বেল পুৰস্কাৰঃ

সোমবাৰে ভাৰতৰ অভিজিৎ বেনাৰ্জীৰ লগতে এস্থৰ ডোফ’লো, মাইকেল কেমৰৱেক বিশ্বৰ পৰা দ্ৰৰিদ্ৰতা হ্ৰাস কৰাৰ বাবে প্ৰয়োগাত্মক দৃষ্টিকোণৰ বাবে প্ৰদান কৰা হয় অৰ্থনীতিৰ ন’বেল। ৭ৰ পৰা ১৪ অক্টোবৰৰ লৈকে ঘোষণা কৰা ন’বেল পুৰস্কাৰ প্ৰাপ্ত সকলো ব্যক্তিক লিত বৰ্ষৰ ১০ ডিচেম্বৰত প্ৰদান কৰা হ’ব বঁটা।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি