তাজমহল দৰ্শন কৰি কি ক’লে মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে…

তাজমহল দৰ্শন কৰি কি ক’লে মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে…

ডিজিটেল ডেস্কঃ আহমেদাবাদত 'নমস্তে ট্ৰাম্প' অনুষ্ঠান সম্বোধনৰ পাছতে মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে পৰিদৰ্শন কৰে আগ্ৰাৰ তাজমহল। ট্ৰাম্পৰ সৈতে তাজমহল দৰ্শন কৰিলে তেওঁৰ পত্মীৰ লগতে জী-জোৱাঁইয়ে।

তাজমহলৰ অপূৰ্ব সৌন্দৰ্যত মুগ্ধ হৈ ট্ৰাম্পে পত্মীৰ সৈতে উঠিলে ফটো। কিছু সময় তাজমহলৰ বাকৰিত সময় কটাই অহাৰ সময়ত 'ভিজিটৰ বুক'ত ট্ৰাম্পে লিখিলে তাজমহল সৌন্দৰ্য কথা। ভিজিটৰ বুকত ট্ৰাম্পে লিখিলে-

তাজমহল হৈছে ভাৰতৰ বৈচিত্ৰময় সংস্কৃতিৰ অৰ্পূব দস্তাবেজ। সচাঁকৈয়ে তামহলৰ সৌন্দৰ্যত আমি মুগ্ধ হ'লো। তাজমহলে মানুহৰ মনত প্ৰেৰণা দিয়ে।

ধন্যবাদ ভাৰতবৰ্ষ

উল্লেখ্য যে, মাৰ্কিন ৰাষ্ট্ৰপতিৰ লগতে তেওঁৰ পৰিয়ালক তাজমহল পৰিদৰ্শন কৰোৱায় টুৰিষ্ট গাৰ্ড নিতিন সিঙে। আগ্ৰাত উপস্থিত হোৱাৰ লগে লগে মাৰ্কিন ৰাষ্ট্ৰপতি গৰাকীক প্ৰায় ১৩ কিঃমিঃ জোৰা পথত ২৫ হাজাৰ শিক্ষাৰ্থীয়ে আদৰণি জনায়। উত্তৰ প্ৰদেশৰ বিভিন্ন চৰকাৰী আৰু বেচৰকাৰী স্কুলৰ পৰা এই শিক্ষাৰ্থীসকল ট্ৰাম্পক আদৰণি জনাবৰ বাবে একত্ৰিত হৈছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in