নৱনিৰ্মিত গনেশগুৰি উৰনীয়া সেতু মুকলি কৰি কি ক’লে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই….

নৱনিৰ্মিত গনেশগুৰি উৰনীয়া সেতু মুকলি কৰি কি ক’লে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই….
  • অসমবাসী ৰাইজলৈ শাৰদীয দুৰ্গা পূজাৰ শুভকামনা । সকলোকে কোৰোনাৰৰ প্ৰটকল মানি চলা আহ্বান মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ।
  • গনেশগুৰিৰ উৰনীয়া সেতু মুকলি অনুষ্ঠানত উপস্থিত থাকি এই মন্তব্য লোকনিৰ্মান বিভাগৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ।
  • মালিগাওঁ আৰু চুপাৰ মাৰ্কেটৰ উৰণীয়া সেতু নিৰ্ধাৰিত সময়ৰ আগত মুকলি কৰা হ'ব বুলি ব্যক্ত কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । ।
  • পহিলা বহাগত মুকলি কৰা হ'ব চুপাৰ মাৰ্কেট উৰণীয়া সেতু ।
  • ৰিহাবাৰীৰ পৰা আৰ্য মহাবিদ্যালয়ক সংযোগ কৰি চেৰাবভাটীত নতুন উৰণীয়া সেতু ।
  • মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয় আৰু যক্ষ্মা চিকিৎসালয় একলগ কৰি নিৰ্মান কৰা হ'ব দ্বিতীয় খন গুৱাহাটী চিকিৎসা মহাবিদ্যালয় ।
  • ৯ খন খন কৈ ফুট অভাৰ ব্ৰীজ ডিচেম্বৰৰ পৰা ফেব্ৰুৱাৰীলৈ এখন এখনকৈ মুকলি কৰা হ'ব ।
  • অতি কম সময়ৰ দিনতে মহানগৰীৰ পানী যোগান আচনি মুকলি কৰা হ'ব ।
  • ১০০০ খন কাঠৰ দলঙক পকী দলঙলৈ ৰূপান্তৰ কৰা হৈছে ।
  • ২ নৱেন্বৰৰ ভিতৰত ১১৯ খন চাহ বাগিছাৰ হাইস্কুলৰ কাম আৰম্ভ কৰা হ'ব । এপ্ৰিলৰ আগতে সমাপন হ'ব এই হাইস্কুল সমূহৰ নিৰ্মানৰ কাম ।
  • ৰিহাবাৰী আৰু পানবজাৰক ফাষ্ট এস্কপ্ৰেছ কৰিডৰ জৰিয়তে সংলগ্ন কৰাৰ পৰিকল্পনা ৰাজ্য চৰকাৰৰ।
  • চানমানমাৰীৰ পৰা নুনমাটীলৈ এলিভেটেট ফ্লাই অভাৰ নিৰ্মাৰ কৰাৰ পৰিকল্পনা । তলত ৪ লেন যুক্ত আৰু ওপৰত ৬ লেন যুক্ত উৰনীয়া সেতুৰ কাম আৰম্ভ কৰিব বুলি ব্যক্ত কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in