পশ্চিম মাছখোৱাত বিশাল জোৰ সমদল…

পশ্চিম মাছখোৱাত বিশাল জোৰ সমদল…

ডিজিটেল সংবাদ, ঢকুৱাখনা: ধেমাজি জিলাৰ প্ৰশাসনিক এক্তিয়াৰলৈ ঢকুৱাখনা মহকুমাৰ অন্তৰ্গত পশ্চিম মাছখোৱা অঞ্চলক অন্তৰ্ভুক্তি কৰাক লৈ  গণ উদ্গিৰণৰ সৃষ্টি হৈছে পশ্চিম মাছখোৱাত। ৰাইজৰ আশা আকাংক্ষা দাবীক পদপিষ্ট কৰি কেৱল ৰাজনৈতিক অভীষ্ট সিদ্ধিৰ বাবে পশ্চিম মাছখোৱা বাসীক লখিমপুৰ জিলাৰ ঢকুৱাখনা মহকুমাৰ পৰা বলপূৰ্বক ভাবে ধেমাজি জিলালৈ নিয়াৰ যি ৰাজনৈতিক চক্ৰান্ত চলিছে তাৰেই ৰাজহুৱা প্ৰতিবাদত উত্তাল হৈছে বৃহত্তৰ পশ্চিম মাছখোৱা অঞ্চল।

মঙলবাৰে সন্ধিয়া একাংশ গেৰুৱা দল আৰু সহযোগী দলৰ স্বাৰ্থপৰ নেতা চেলা চামুণ্ডাৰ অভীষ্ট সিদ্ধিৰ বাবে গ্ৰহণ কৰা এই জনবিৰোধী পদক্ষেপৰ বিৰুদ্ধে সন্ধিয়া হাৰ্হি দেৱালয়ৰ পৰা এক প্ৰতিবাদী জোঁৰ সমদল উলিয়াই এই চৰকাৰী সিদ্ধান্তৰ বিৰুদ্ধাচৰণ কৰে পশ্চিম মাছখোৱা অঞ্চলৰ ৰাইজে। নাযাওঁ ধেমাজি -লাগে ঢকুৱাখনা,  পশ্চিম মাছখোৱাক ধেমাজি জিলাৰ অন্তৰ্ভূক্তি বাতিল কৰক , পশ্চিম মাছখোৱাবাসীকলৈ  নিৰ্লজ ৰাজনীতি কৰা অশুভ শক্তি মূর্দাবাদ,  ৰাজ্য চৰকাৰৰ কাণ্ডজ্ঞানহীন নীতি পৰিহাৰ কৰক,  আমাক ঢকুৱাখনাত থাকিবলৈ দিয়ক, ধেমাজি আমি নিবিচাৰোঁ, বাই বাই ধেমাজি, ৱেলকাম  লখিমপুৰ ,এই সংগ্ৰাম চলিছে চলিছে চলিবই আদি শ্লোগান দি কপহুৱা গাঁওৰ পৰা আৰম্ভ কৰি  দেৱলিয়া গাঁও হৈ আমগুৰি গাঁও হৈ গোবিন্দপুৰ চাৰিআলিত ওলাই পুনৰ গোবিন্দপুৰ গাঁও আৰু পানী গাঁও ,গুৱাল গাঁও হৈ পুনৰ গোসাঁনী থানৰ সমীপত এই বিশাল জোৰ সমদলৰ সামৰণি  মাৰে। 

পশ্চিম মাছখোৱাবাসীক পনবন্দী কৰি ধেমাজি জিলা প্ৰশাসনৰ অন্তৰ্ভূক্তি নকৰিবলৈ অন্তিম সকীয়াই দি ৰাইজ সংগঠন একত্ৰিত হৈ এনে হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে ঐক্যবদ্ধ হোৱাৰ আহ্বান জনায় জোৰ সমদলকাৰী  সকলে।  শতাধিক জোৰ সমদলকাৰীয়ে হাতে হাতে জোৰ লৈ এনে কাণ্ডজ্ঞানহীন আৰু অপৰিপক্ক সিদ্ধান্ত চৰকাৰ পক্ষই পৰিহাৰ নকৰিলে ব্যাপক ৰূপত এনে নাৰ্য সুবিধা লাভৰ সংগ্ৰাম অব্যাহত ৰাখিব বুলি সকীয়াই দিয়ে। উল্লেখযোগ্য যে বুধবাৰে চৰকাৰী ভাবে জাৰি কৰা এনে অপৰিপক্ক সিদ্ধান্তৰ প্ৰতিবাদত ঢকুৱাখনা মহকুমাধিপতিৰ কাৰ্য্যালয় প্ৰাংগণত এক অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰে  প্ৰতিবাদ জনাব  বৃহত্তৰ পশ্চিম মাছখোৱাবাসীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in