পশ্চিম কাৰ্বি আংলঙত হাতীৰ আক্ৰমণত নিহত মহিলা

ফাইল ফটো
ফাইল ফটো

ডিজিটেল ডেস্কঃ ৰাজ্যত অব্যাহত আছে বন্যাহস্তীৰ তাণ্ডৱ। এইবাৰ পশ্চিম কাৰ্বি আংলঙত হাতীৰ আক্ৰমণত মৃত্যু হ'ল এগৰাকী মহিলাৰ। মঙলবাৰে পুৱা ঘৰৰ পৰা মহিলাগৰাকী বাহিৰলৈ ওলাই যোৱাৰ সময়তে সংঘটিত হয় এই কৰুণ ঘটনা। বন্যহস্তীৰ আক্ৰমণত প্ৰাণ যোৱা মহিলাগৰাকীৰ নাম চুখীয়া দেৱী।

উল্লেখ্য যে, বহুদিনৰ পৰা অঞ্চলটোত বন্যহস্তীয়ে উপদ্ৰৱ চলাই আহিছিল। কিন্তু বন বিভাগক এই কথা অৱগত কৰাৰ পাছতো বিভাগটোৱে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ তুলিছে অঞ্চলবাসীয়ে। যাৰ ফলশ্ৰুতিত হাৱাইপুৰৰ গোহাঁইগাঁৱত পুৱা এনেদৰে প্ৰাণ হেৰুৱালে মহিলাগৰাকীয়ে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in