শেহতীয়া খবৰ
মাৰ্ঘেৰিটাস্থিত জিইএল চাৰ্চত উত্তপ্ত পৰিস্থিতি  •  নসত্ৰত এহেজাৰ গছপুলি ৰোপণ কৰি প্লাষ্টিক বৰ্জনৰ আহ্বান ভাৰতীয় ষ্টেট বেংকৰ  •  অসম সাহিত্য সভাৰ ৭৫সংখ্যক শুৱালকুছি অধিবেশনত বৃন্দাবনী বস্ত্ৰ প্ৰদৰ্শন কৰিবলৈ আহ্বান মৃণালিনী দেৱীৰ  •  বৰ্ণিল সাংস্কৃতিক অনুষ্ঠানেৰে সামৰণি পৰিল বিধায়ক কাপ ক্ৰীড়া মহোৎসৱ-২০১৯, ঢকুৱাখনাৰ ক্ৰীড়া প্ৰতিভাক উজ্জীৱিত কৰাৰ প্ৰয়াস...  •  বৰ্ণিল সাংস্কৃতিক অনুষ্ঠানেৰে সামৰণি পৰিল বিধায়ক কাপ ক্ৰীড়া মহোৎসৱ-২০১৯, ঢকুৱাখনাৰ ক্ৰীড়া প্ৰতিভাক উজ্জীৱিত কৰাৰ প্ৰয়াস...  •  টংলা আঞ্চলিক ছাত্ৰ সন্থাৰ অভিনন্দন অনুষ্ঠান, বৃত্তিগতভাৱে সফল ব্যক্তি হোৱাৰ পূৰ্বে ভাল মানুহ হোৱাৰ আহ্বান...  •  নগাঁৱৰ টেঙাপানী বনভোজস্থলীত ভয়ংকৰ পৰিৱেশ, পানীৰ মাজত আবদ্ধ বিলাসী বাহন, VIDEO  •  হাউডী মোডী অনুষ্ঠানত উপস্থিত মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প...  •  চৌদী আৰৱৰ ৰাজকুমাৰৰ বিমানেৰে নিউয়ৰ্কত উপস্থিত পাক প্ৰধানমন্ত্ৰী ইমৰান খান...  •  হাউডী মোডীঃ হিউষ্টনৰ এন আৰ জি ষ্টেডিয়ামত উপস্থিত প্রধানমন্ত্ৰী মোডী... চাওঁক VIDEO

এইবাৰ বিৰাট কোহলিৰ হাতত বেট নহয় কিতাপ!

581

ডিজিটেল ডেস্কঃ কিতাপ পঢ়াত ব্যস্ত ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলি। ক্ৰিকেট খেলাৰ সমান্তৰালকৈ খেলুৱৈগৰাকীৰ হাতত দেখিবলৈ পোৱা গৈছে এখন কিতাপ। ৱেষ্ট ইণ্ডিজৰ সৈতে চলি থকা টেষ্ট ক্ৰিকেটত ভাল খেলিব নোৱাৰাৰ বাবে বিভিন্ন মহলত সমালোচনাৰ সন্মুখীন হোৱা খেলুৱৈগৰাকীয়ে এইবাৰ কিতাপ পঢ়াৰ বাবে চৰ্চালৈ অহা দেখিবলৈ পোৱা গৈছে।

নিজৰ খেলত চকু দিয়াৰ সমান্তৰালকৈ খেলুৱৈগৰাকীক কিতাপ পঢ়াত ব্যস্ত থকা দেখিবলৈ পোৱা গ’ল এন্টিগুৱাৰ ছাৰ ভিভিয়ান ৰিচাৰ্ডছ ষ্টেডিয়ামত। ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ভাৰতে বেট ধৰি থকাৰ সময়তে ষ্টিভেন চিলভেষ্টাৰৰ “Detox Your Ego: Seven Easy Steps to Achieving Freedom, Happiness and Success in Your Life” নামৰ গ্ৰন্থখন পঢ়াত ব্যস্ত থাকে খেলুৱৈ গৰাকী। যি বিষয়টোৱে বৰ্তমান ছ’চিয়েল মিডিয়াটো বিশেষ চৰ্চা লাভ কৰা দেখা গৈছে।

উল্লেখ্য যে, বেট ধৰিয়ে প্ৰথম ইনিংছত খেলুৱৈগৰাকীয়ে মাত্ৰ ৯ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল। য’ত অজিংকা ৰাহানিৰ ৮১ ৰান আৰু ৰবিন্দ্ৰ জাডেজাৰ ৫৮ ৰানৰ সৈতে ভাৰতে ২৯৭ ৰান সংগ্ৰহ কৰে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি