পশ্চিম গুৱাহাটীৰ সীমান্তত মেঘালয়ৰ জ’ব কাৰ্ড-আৱাস গৃহৰ কাম-কাজ, অসমত থকাৰ ইচ্ছাৰ পিছতো মেঘালয়ত চামিল বহু লোক…

পশ্চিম গুৱাহাটীৰ সীমান্তত মেঘালয়ৰ জ’ব কাৰ্ড-আৱাস গৃহৰ কাম-কাজ, অসমত থকাৰ ইচ্ছাৰ পিছতো মেঘালয়ত চামিল বহু লোক…

ডিজিটেল সংবাদ, মিৰ্জাঃ অসম চৰকাৰৰ নিস্ক্ৰিয় ভূমিকা তথা বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাহঁতৰ নিষ্ক্ৰিয় ভূমিকাৰ বাবে অসমত থকাৰ ইচ্ছাৰ পিছতো মেঘালয়ত চামিল হৈছিল পশ্চিম গুৱাহাটী সমষ্টিটোৰ বহু লোক। যাৰ বাবে অসমৰ আন্তঃৰাজ্যিক সীমান্তত মেঘালয় চৰকাৰে আগ্ৰাসন চলাই থাকিবলৈ সুবিধা পায়। কিন্তু দীৰ্ঘদিনীয়া এই সীমা সমস্যাৰ বৰ্তমান সমাধান কৰিবলৈ অসম আৰু মেঘালয় দুয়োখন চৰকাৰ আগবাঢ়ি আহি এক সিদ্ধান্তত উপনীত হোৱাৰ খবৰত অঞ্চলবাসীয়ে সন্তোষ পাইছে যদিও বিশেষ বিশ্বাসত লোৱা নাই।

এনে সময়তে কামৰূপ জিলাৰ পশ্চিম গুৱাহাটী আৰু পলাশবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত অসম-মেঘালয় সীমান্তৱৰ্তী বহু সংখ্যক গাঁও যেনে উমচুৰ, ৰাণীবাৰী, শুকুৰবেৰীয়া, মাটাইখাৰ, বাখালাপাৰা, জিমিৰিগাঁও, লংচাই, পাটগাওঁ, কুণ্ডিল নগৰ আদি বিভিন্ন ঠাইৰ লোকে অসম আৰু মেঘালয় সীমাৰ সৈতে সংলগ্ন হৈ থকাৰ এক সু-সমাধান হোৱাতো বিচাৰিছে। কোনো ক্ষেত্ৰতে সীমান্তৱৰ্তী ৰাইজে একপক্ষীয় সীমা নিৰ্ধাৰণ মানি নলয় বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি দীৰ্ঘদিন দিন ধৰি অসম চৰকাৰে অঞ্চলটোৰ ৰাইজক মাহী আইৰ দৃষ্টিৰে চাই অহাত আজি অঞ্চলটোৰ বহু লোক ইতিমধ্যেই মেঘালয়ত চামিল হোৱাই নহয়, মেঘালয়ৰ জ'ব কাৰ্ড, মেঘালয়ৰ আৱাস গৃহ, বিজুলি, বিশুদ্ধ খোৱাপানী, ৰাস্তা-ঘাট আদি দিয়া সুবিধাৰ পৰা আজিয়ে কোনো সিদ্ধান্ত গ্ৰহণ কৰি অসমত থাকিব বুলি মন্তব্য কৰাৰ পৰা বিৰত থাকে।

আনকি দীৰ্ঘদিন ধৰি পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই অঞ্চলটোৰ ৰাইজৰ সমস্যাক গুৰুত্ব নিদিয়াত অসমৰ বহু লোক এসময়ত মেঘালয়ৰ বুকুৰ কুটুম হৈ পৰে। আনহাতে, পাটগাওঁ অঞ্চলত আজিলৈকে কোনো সভা সমিতি নোহোৱাত আক্ষেপ প্ৰকাশ কৰি গঞাই কয় কেৱল সমস্যাৰ সমাধান লাগে। আমি দ্বি ভোটাৰ হৈ থাকিব নিবিচাৰো। আমি হাঁড়ে হিমজুৱে অসমীয়া। অসমীয়া হিচাপে অসমত থকাৰ আমাৰ ইচ্ছা। আমাৰ খেতি-বাতি, সমস্যা এইবোৰ মেঘালয়ৰ লগত নিমিলে। মেঘালয়ৰ মানুহৰ জ্ঞান, শিক্ষা, খেলা-ধূলা, জীৱন জীৱিকা আদি দৈনন্দিন জীৱন সংগ্ৰাম অসমতকৈ পৃথক। গতিকে অসমৰ লোক কিবা কাৰণত মেঘালয়ত চামিল হ'বলগীয়া হ'লে বিপাঙত পৰিব বুলিও দোহাৰে। অঞ্চলটোৰ পাহাৰবোৰ মেঘালয়ৰ। পথাৰ অসমীয়াৰ। এইবোৰ বৰ জটিল সমস্যা। এই সমস্যাৰ সমাধান নহ'লে অদূৰ ভৱিষ্যতে অসমৰ সীমান্ত অঞ্চলত ৰাভা, গাৰো, খ্ৰীষ্টান আদি বিভিন্ন সম্প্ৰদায়ৰ লোকৰ মাজত ধৰ্মক লৈও সংঘাত হোৱাৰ সম্ভাৱনা অধিক। তেনেক্ষেত্ৰত এই সমস্যাৰ সমাধান হোৱাৰ পোষকতা কৰিছে অঞ্চলটোৰ ৰাইজে। অন্যথা অসম মেঘালয়ৰ মাজত সীমাকলৈ সদায় বিতৰ্কৰ সূত্ৰপাত সংঘটিত হোৱাৰ সম্ভাৱনা আছে।

এই ক্ষেত্ৰত স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই পশ্চিম গুৱাহাটী সমষ্টিটোত কেইবা বছৰ ধৰি বিধায়ক হৈও এই সীমা বিবাদৰ সন্দৰ্ভত কোনো প্ৰদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত নহ'ল! আনকি সমষ্টিটোৰ বহু বাট পথ, ঠাই আদি চিনি নোপোৱাৰ অভিযোগ আহে। তেনেক্ষেত্ৰত বিধায়ক জনৰ কথাত ভোল গৈয়ো বিশেষ সিদ্ধান্ত উপনীত হ'ব নোৱাৰে একাংশই। এনে বহু কথা প্ৰকাশ কৰে যদিও দীৰ্ঘদিনীয়া সীমা সমস্যাৰ নিৰ্ধাৰণত যাতে অঞ্চলটোৰ লোক আন সমস্যাত পৰিবলগীয়া নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ দুয়োখন চৰকাৰক আহ্বান জনাইছে সীমান্তৱৰ্তী ৰাইজে। আনহাতে, এই খবৰৰ পিছতো বহুলোক কোনো উৎসাহী নহয়। কেৱল আন সময়ৰ দৰেই জীৱন জীৱিকাৰ সন্ধানত ব্যস্ত থাকে মানুহ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in