পশ্চিমবংগত তীব্ৰ বেগী গাড়ীৰ খুন্দাত বাঘৰ মৃত্যু, VIDEO

পশ্চিমবংগত তীব্ৰ বেগী গাড়ীৰ খুন্দাত বাঘৰ মৃত্যু, VIDEO

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ দলগাৱঁৰ ৰাষ্ট্ৰীয় পথত সোমবাৰে তীব্ৰ বেগী গাড়ীৰ খুন্দাত এটি প্ৰকাণ্ড চিতা বাঘ গুৰুতৰ আহত হয়। বনকৰ্মীয়ে বাঘটো উদ্ধাৰ কৰি চিকিৎসা কৰে যদিও চিকিৎসাধীন অৱস্থাতে বাঘটোৱে কৰুণ মৃত্যুক সাৱটি লয়। প্ৰাপ্ত বাতৰি অনুসৰি অসমৰ চুবুৰীয়া ৰাজ্য বংগৰ বীৰপাৰাৰ নিকটৱৰ্তী দলগাৱঁৰ চাহ বাগিচাৰ নিচেই কাষৰ ৰাষ্ট্ৰীয় পথদি সোমবাৰে এটা প্ৰকাণ্ড চিতা বাঘে পথ অতিক্ৰম কৰোতে গাড়ীৰ খুন্দাত গুৰুতৰ আহত হয়।

বাঘটো দলগাৱঁৰ নিচেই কাষত থকা উত্তৰ পূৰ্বাঞ্চলৰ ৰাষ্ট্ৰীয় পথ অতিক্ৰম কৰিবলৈ যাওঁতে এখন চাৰি চকীয়া বাহনে খুন্দা মাৰে। তীব্ৰবেগী গাড়ীৰ খুন্দাত বাঘটো চাহ বাগিচাৰ নলাত ছিটকী পৰে আৰু কঁকাল ভাঙে।

বাঘটোৰ কঁকাল ভঙাৰ উপৰিও প্ৰচুৰ ৰক্তক্ষৰণ হোৱাত দুৰ্বল হৈ পৰে। পিছত উক্ত খবৰ পাই জলদাপাৰা বনবিভাগৰ কাৰ্য্যালয়ৰ পৰা এটা বিশেষজ্ঞৰ দল ঘটনাস্থলীত উপস্থিত হৈ বাঘটো উদ্ধাৰ কৰি চিকিৎসাৰ ব্যবস্থা কৰে।

উক্ত বাঘটো উদ্ধাৰ কৰি চিকিৎসা কৰাৰ লগতে বংগৰ খয়াৰবাৰী পুণৰ সংস্থাপন কেন্দ্ৰলৈ নি থকা অৱস্থাতে বাঘটো কৰুণ মৃত্যুক সাৱটি লয়। তীব্ৰবেগী গাড়ীৰ খুন্দাত আপুৰুগীয়া সম্পদ এটি হেৰাই যোৱাত প্ৰকৃতিপ্ৰেমীসকলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in