পশ্চিমবংগত বিধায়কৰ বাহনলৈ দুৰ্বৃত্তৰ গুলীচালনা, ৩ দলীয় কৰ্মীৰ মৃত্যু

পশ্চিমবংগত বিধায়কৰ বাহনলৈ দুৰ্বৃত্তৰ গুলীচালনা, ৩ দলীয় কৰ্মীৰ মৃত্যু

ডিজিটেল ডেস্কঃ পশ্চিম বংগত নিৰ্বাচনী হিংসাই তীব্ৰ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে। বৃহস্পতিবাৰে সন্ধিয়া পশ্চিম ২৪-পৰগনা জিলাৰ এটা পেট্ৰ'ল পাম্পত তৃণমূল কংগ্ৰেছৰ এজন বিধায়কৰ বাহনলৈ লক্ষ্য কৰি অচিনাক্ত দুৰ্বৃত্তই গুলিচালনা কৰে। এই ঘটনাত তৃণমূল কংগ্ৰেছৰ ৩জন দলীয় কৰ্মী নিহত হয়।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, জিলাখনৰ জায়নগৰ পেট্ৰল পাম্পত তৃণমূল কংগ্ৰেছৰ বিধায়কজনৰ চাৰিচকীয়া বাহনখনত তেল ভৰাই থকা সময়তে অচিনাক্ত দুৰ্বৃত্তৰ এটা দলে বাহনখনলৈ বুলি গুলিচালনা কৰে। দুৰ্বৃত্তৰ গুলীত বাহনৰ ভিতৰত থকা ৩জন দলীয় কৰ্মীয়ে মৃত্যুক সাৱটি লয়।

কিন্তু এই ঘটনাৰ কিছু সময় পূৰ্বে বিধায়ক বিশ্বনাথ দাসে গাড়ীৰ পৰা নামি এন্য এখন গাড়ীৰে ঘটনাস্থলীৰ পৰা দলৰ কাৰ্যালয়লৈ ৰাওনা হোৱাত এই ঘটনাৰ পৰা তেওঁৰ প্ৰাণ ৰক্ষা পৰে। ইফালে ঘটনা সংঘটিত কৰা দুৰ্বৃত্তৰ দলটো মটৰ চাইকেলত উঠি আহিছিল বুলি জানিব পৰা গৈছে।

আনহাতে ঘটনাৰ অনুসন্ধান চলাই আৰক্ষীয়ে ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহত ৩জন লোকক আটক কৰি সোধপোছ অব্যাহত ৰাখিছে। এই ঘটনাৰ আঁৰত চি পি আই (এম) জড়িত থকাৰ সন্দেহ কৰিছে বিধায়ক বিশ্বনাথ দাসে। কিন্তু চি পি আই (এম)ৰ অধ্যক্ষ সুজান চক্ৰৱৰ্তীয়ে এই ঘটনা তৃণমূল কংগ্ৰেছৰ ব্যক্তিগত সংঘাতৰ বাবেই সংঘটিত হোৱা বুলি মন্তব্য কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in