নৃশংস! ৰাজহুৱা বিচাৰত দুই হাতৰ দহো আঙুলি কাটি মহিলাক শাস্তি

নৃশংস! ৰাজহুৱা বিচাৰত দুই হাতৰ দহো আঙুলি কাটি মহিলাক শাস্তি

ডিজিটেল ডেস্কঃ পশ্চিমবংগৰ বীৰভূমিত বুধবাৰে সংঘটিত এক নৃশংস কাণ্ডই সমগ্ৰ দেশতে সৃষ্টি কৰিছে চাঞ্চল্যৰ। অন্ধবিশ্বাস আৰু কু-সংষ্কাৰৰ ফলত সংঘটিত হোৱা এই ঘটনাৰ ফলত এগৰাকী মহিলাই হেৰুৱাবলগীয়া হয় দুয়োহাতৰ দহো আঙুলি।

জানিব পৰা মতে, বীৰভূমিৰ পড়ইখানৰ অন্তৰ্গত ৰাধাকেষ্টপুৰ গাঁৱত এক মাংগালিক অনুষ্ঠান চলি আছিল। সেই সময়তে একাংশ গঞাই ডাইনী সন্দেহত এগৰাকী মহিলাৰ দুয়ো হাতৰ দহটা আঙুলি কাটি পেলায়।

গাঁওখনৰ ফন্দি চৰ্দাৰ নামৰ মহিলাগৰাকীক পূৰ্বৰে পৰা গাঁওবাসীয়ে ডাইনীৰ অপবাদ জাপি দি আহিছিল। তেওঁলোকৰ মতে গাঁওখনত মহিলাগৰাকীৰ উপস্থিতিৰ বাবেই অপায়-অমংগল হৈ আহিছে।

ৰাইজে বিচাৰ চলাই মহিলাগৰাকীক প্ৰথমে বলি দিয়াৰ সিদ্ধান্ত লয় যদিও পিছত সেয়া সলনি কৰে। বুধবাৰে দিনৰ ভাগত গাঁওখনত এক ৰাজহুৱা মাংগলিক অনুষ্ঠান চলি থকাৰ সময়তে একাংশ লোকে মহিলাগৰাকীক বন্দী কৰি দুয়োহাতৰ আঙুলি কাটি পেলায়।

পিছত ফন্দি চৰ্দাৰৰ পৰিয়ালৰ লোকে মহিলাগৰাকীক গুৰুতৰ অৱস্থাত উদ্ধাৰ কৰি বৰ্ধমান চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰি আৰক্ষীক খবৰ দিয়ে। আৰক্ষী ঘটনা স্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।

উল্লেখ্য যে, বিজ্ঞান-প্ৰযুক্তি বিদ্যাই জয়জয়-ময়ময় অৱস্থা পোৱাৰ সময়তে এতিয়াও দেশৰ ভিন্ন প্ৰান্তৰ লক্ষ লক্ষ লোক মুক্ত হ'ব পৰা নাই অন্ধবিশ্বাস আৰু কু-সংষ্কাৰৰ কৰাল গ্ৰাসৰ পৰা।

শেহতীয়া পৰিসংখ্যা অনুযায়ী অন্ধবিশ্বাসৰ বলি হৈ চলিত বৰ্ষত উত্তৰ প্ৰদেশ, মধ্য প্ৰদেশ, হাৰিয়ানা, অসম, কৰ্ণাটককে ধৰি দেশৰ বিভিন্ন প্ৰান্তত ৪৭ জন লোকে প্ৰাণ হেৰুৱাব লগীয়া হৈছে। ইয়াৰ মাজতে চুবুৰীয়া ৰাজ্য পশ্চিমবংগত সংঘটিত হয় এই অমানৱীয় কাণ্ড।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in