পশ্চিমবংগৰ পৰা অসমলৈ পলাই আহি আশ্ৰয় গ্ৰহন কৰা লোকক সাক্ষাৎ পশ্চিমবংগৰ ৰাজ্যপালৰ…

পশ্চিমবংগৰ পৰা অসমলৈ পলাই আহি আশ্ৰয় গ্ৰহন কৰা লোকক সাক্ষাৎ পশ্চিমবংগৰ ৰাজ্যপালৰ…

ডিজিটেল ডেস্ক : নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ দিনা পশ্চিমবংগত বিজেপি কৰ্মীৰ ওপৰত চলা হিংসাত্মক ঘটনাৰ পিছতে বহুতো লোকে পশ্চিমবংগ এৰি অসমলৈ পলাই আহে । এই লোক সকলক শুকুৰবাৰে সাক্ষাৎ কৰে পশ্চিমবংগৰ ৰাজ্যপাল জগদীপ ধনখাৰে ।

ধুবুৰী জিলাৰ ৰণপাগলী শিৱিৰত উপস্থিত হৈ ৰাজ্যপাল গৰাকীয়ে আশ্ৰয় গ্ৰহন কৰা লোক সকলৰ বুজ লয় । আস্ৰয় শিৱিৰত থকা লোক সকলে হিংসাত্মক ঘটনা সন্দৰ্ভত ব্যক্ত কৰি কন্দোনত ভাঙি পৰা পৰিলক্ষিত হয় । আনহাতে ৰাজ্যপালে অতি শীঘ্ৰে লোক সকলক নিজ গৃহলৈ উভতাই নিয়া হ'ব বুলিও প্ৰতিশ্ৰুতি প্ৰদান কৰে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in