পশ্চিম বংগৰ ৰাজ্যিক বিজেপিৰ সভাপতিৰ কনভয়ত অচিনাক্ত দুৰ্বৃত্তৰ আক্ৰমণ

পশ্চিম বংগৰ ৰাজ্যিক বিজেপিৰ সভাপতিৰ কনভয়ত অচিনাক্ত দুৰ্বৃত্তৰ আক্ৰমণ

ডিজিটেল ডেস্কঃ পশ্চিম বংগত শুকুৰবাৰে আৰম্ভ হ'ব বিজেপিৰ ৰথ যাত্ৰা৷ বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ অমিত শ্বাহে অংশ ল'বলগীয়া এই কাৰ্যক্ৰমক লৈ ইতিমধ্যে ব্যস্ত হৈ পৰিছে ৰাজ্যখনৰ বিজেপি৷ কিন্তু তাৰ পূৰ্বেই পশ্চিম বংগৰ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ ঘোষৰ ওপৰত কোনো অচিনাক্ত দুৰ্বৃত্তই আক্ৰমণ চলোৱাক লৈ শংকিত হৈ পৰিছে ৰাজ্যখনৰ বিজেপি৷

সংবাদ মাধ্যমৰ বাতৰি মতে, বৃহস্পতিবাৰে কোচবিহাৰত দিলীপ ঘোষৰ কনভয়ৰ ওপৰত অচিনাক্ত দুৰ্বৃত্তই আক্ৰমণ চলায়৷ মুখত ক'লা কাপোৰ বন্ধা দুৰ্বৃত্তৰ দলটোৱে বিজেপিৰ সভাপতিজনৰ কনভয়ৰ কেইবাখনো বাহনৰ অনিষ্ট সাধন কৰাৰ এটা ভিডিঅ' ইতিমধ্যে ভাইৰেল হৈ পৰিছে৷ এই আক্ৰমণ ৰাজ্যখনৰ তৃণমূল কংগ্ৰেছৰ কৰ্মকৰ্তাসকলে কৰা বুলি অভিযোগ উত্থাপন কৰিছে বিজেপিয়ে৷

উল্লেখ্য যে, শুকুৰবাৰে অনুষ্ঠিত হ'বলগীয়া ৰথ যাত্ৰাৰ কাম কাজৰ নেতৃত্ব দিবলৈ বৃহস্পতিবাৰে পুৱা কোচবিহাৰত উপস্থিত হৈছিল দিলীপ ঘোষ৷ সেই সময়তে তেওঁলৈ লক্ষ্য কৰি আক্ৰমণ চলায় দুৰ্বৃত্তই৷ আনহাতে দুৰ্বৃত্তৰ আক্ৰমণৰ সময়ত ঘটনাস্থলীত আৰক্ষীও উপস্থিত আছিল বুলি জানিব পৰা গৈছে৷ অৱশ্যে এই আক্ৰমণত ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকী কোনো ধৰণৰ আঘাতপ্ৰাপ্ত হোৱা নাই৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in