পশ্চিমবংগত আকৌ এবাৰ হ’বনে মমতাৰ চৰকাৰ…

ফাইল ফটো
ফাইল ফটো

ডিজিটেল ডেস্কঃ অসমৰ লগতে আন চাৰিখন ৰাজ্য আৰু এখন কেন্দ্ৰীয় শাসিত প্ৰদেশ ইতিমধ্যে সাজু হৈছে ভোটগণনাৰ বাবে। পশ্চিমবংগতো জিলা প্ৰশাসন, নিৰ্বাচনী বিষয়াসকল সাজু হৈছে ভোটগণনাৰ বাবে। ৰাজ্যখনত মুঠ ১১১৩টা ভোটগণনা কেন্দ্ৰ আছে যি আন ৰাজ্যসমূহৰ ভোটগণনা কেন্দ্ৰৰ তুলনাত সৰ্বাধিক।

উল্লেখ্য যে, পশ্চিমবংগত ১০৮টা ভোটগণনা কেন্দ্ৰত কটকটীয়া নিৰাপত্তা অৰ্থাৎ তিনি স্তৰীয় নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে। য'ত নিৰাপত্তাৰ মাজত ৰখা হৈছে ইভিএম মেচিন আৰু ভিভিপেটসমূহ। উল্লেখযোগ্য যে, ৰাজ্যখনৰ মুঠ ২৯৪টা সমষ্টিত অনুষ্ঠিত হৈছিল ভোটগ্ৰহণ।

২৭ মাৰ্চৰ পৰা ২৯ এপ্ৰিলৰ ভিতৰত ৮টা পৰ্যায়ত অনুষ্ঠিত হৈছিল ভোটগ্ৰহণ পৰ্ব। অৱশ্যে ভোটগণনা পৰ্ব সম্পন্ন হোৱাৰ পাছতহে জানিব পৰা যাব যে ৰাজ্যখনত আকৌ এবাৰ মমতা দিদিৰ চৰকাৰ গঠন হ'ব নে নহয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in