নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আদৰণি…

নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আদৰণি…

ডিজিটেল সংবাদ,নাৰায়ণপুৰ : ৰাজ্যৰ নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক আদৰণি জনাইছে বিজেপিৰ ৰাজ্যিক কিষান মৰ্চাৰ সভাপতি প্ৰফুল্ল বৰাই ৷ নাৰায়ণপুৰত দলীয় কৰ্মীৰ সৈতে আনন্দোৎৱত অংশগ্ৰহণ কৰি সংবাদ মাধ্যমৰ আগত নৱনিৰ্বাচিত মুখ্যমন্ত্ৰী গৰাকীৰ লগতে নতুনকৈ গঠন হ'ব লগা মন্ত্ৰীসভা খনলৈ শুভেচ্ছা জ্ঞাপন কৰে কিষান মৰ্চাৰ ৰাজ্যিক সভাপতি গৰাকীয়ে ৷

এগৰাকী মনে বিচৰা মুখ্যমন্ত্ৰী লাভ কৰি খুবেই আনন্দিত বুলি উল্লেখ কৰি ৰাজ্যিক কৃষাণ মৰ্চাৰ সভাপতি গৰাকীয়ে সকলৰে সহযোগত মুখ্যমন্ত্ৰী ড.হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত নতুন চৰকাৰ খনে উন্নয়নৰ পূৰ্বৰ গতিধাৰা অব্যাহত ৰাখিবলৈ সক্ষম হ'ব বুলিও সজোৰে দাবী কৰে ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in