কেবৰ জৰিয়তে বিজেপিয়ে হিন্দু-মুছলমানৰ একতাৰ মাজত বিভেদ আনিব বিচাৰিছেঃ আজমল

কেবৰ জৰিয়তে বিজেপিয়ে হিন্দু-মুছলমানৰ একতাৰ মাজত বিভেদ আনিব বিচাৰিছেঃ আজমল

ডিজিটেল ডেস্কঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সমগ্ৰ উত্তৰ-পূব উত্তাল হৈ থকাৰ মাজতে সোমবাৰে লোকসভাত উত্থাপন হ'ব নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬। খিলঞ্জীয়াৰ জাতি, মাটি, ভেটিৰ দাবীক অগ্ৰাহ্য কৰি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে বিধেয়ক গৃহীত কৰিবলৈ চলোৱা চেষ্টাৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে বিৰোধী ৰাজনৈতিক দলসমূহো।

সোমবাৰে নাগৰিকত্ব সংশোধনীৰ বিধেয়কৰ বিৰোধিতা কৰি এআইইউডিএফৰ সভাপতি তথা ধুবুৰী সমষ্টিৰ সাংসদ বদৰুদ্দিন আজমলে এই বিধেয়কখন হিন্দু-মুছলমানৰ একতা আৰু ভাতৃত্ববোধৰ বিৰুদ্ধাচৰণ বুলি মন্তব্য কৰে। সংবাদ মাধ্যমৰে বাৰ্তালাপ কৰি আজমলে কয় যে এই বিধেয়কখন সংবিধান বিৰোধী। কেব গৃহীত কৰি বিজেপি চৰকাৰে হিন্দু-মুছলমানৰ মাজত থকা ঐক্যতাৰ এনাজৰী ডাল চিঙি পেলোৱাৰ ষড়যন্ত্ৰ ৰচিছে বুলিও দাবী কৰে আজমলে।

তেওঁ কয়, 'আমাৰ মাজত একতা আছে। হিন্দু হওক বা মুছলমান, আমি সকলো ভাতৃৰ দৰেই বাস কৰো। কিন্তু বিজেপিয়ে কেবৰ জৰিয়তে আমাৰ মাজত বিভেদ আনিব বিচাৰিছে। সদনত আমি কেবৰ বিৰোধিতা কৰিম আৰু বিৰোধী সাংসদসকলেও আমাৰ সৈতে কেবৰ বিৰোধিতা কৰিব। আমি এই বিধেয়ক গৃহীত হ'বলৈ নিদিও।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in