শেহতীয়া খবৰ
চৰকাৰে কৃষকসকলক বিভাজিত কৰি আন্দোলনটোক নিষ্ফল কৰাৰ প্ৰয়াস কৰিছেঃ প্ৰফেচৰ দৰ্শনপাল...  •  দেশৰ ১ লাখ ছাত্ৰ-ছাত্ৰীয়ে ব্যক্তিগতখণ্ডৰ বিদ্যালয় এৰি চৰকাৰী বিদ্যালয়লৈ ঢাপলি মেলিছে কিয়...  •  ধনশিৰি আছুত মোক্ষম আঘাত,আছু ত্যাগ কৰি যোগদান কৰিলে চুতীয়া ছাত্ৰ সন্থাত...  •  বিটিচিত বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিবঃ ৰঞ্জিত দাস...  •  সাংস্কৃতিক কৰ্মী বুন বৰাৰ উদ্যোগত বিন্দাচ অৰিজিনেল নামৰ আন্তঃৰাষ্ট্ৰীয় মনোৰঞ্জন ধৰ্মী এপৰ শুভাৰম্ভ...  •  ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰ হোৱা অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীৰ ভাতৃ চৌভিক চক্ৰৱৰ্তীৰ জামিন মঞ্জুৰ...  •  বোকাজানৰ অসম-নাগালেণ্ড সীমান্তৰ লাহৰিজানত বিধ্বংসী অগ্নিকাণ্ড...  •  ব্ৰিটেইনে উদ্ভাৱন কৰিলে কোভিড ভেকচিন, অহা সপ্তাহৰ পৰা আৰম্ভ হ’ব টিকাকৰণ...  •  ব্ৰিটেইনে উদ্ভাৱন কৰিলে কোভিড ভেকচিন, অহা সপ্তাহৰ পৰা আৰম্ভ হ’ব টিকাকৰণ...  •  বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ বাসগৃহত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস...

“আমি উত্তেজনা আৰু বৃদ্ধি হোৱাটো নিবিচাৰো”, লাডাখত ভাৰত-চীনৰ স্থিতিক লৈ আমেৰিকাৰ মন্তব্য…

71

ডিজিটেল ডেস্কঃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ সচিব মাইক পোম্পিও আৰু প্ৰতিৰক্ষা সচিব মাৰ্ক গ্ৰেফে আগন্তুক সপ্তাহত এক গুৰুত্বপূৰ্ণ ভ্ৰমণত অংশ গ্ৰহণ কৰিব।শনিবাৰে ট্ৰাম্প প্ৰশাসনৰ জ্যেষ্ঠ বিষয়াসকলৰ সতে এক বৈঠকত মিলিত হৈ  তেওঁলোকে কয় যে, আমেৰিকা যুক্তৰাষ্ট্ৰই লাডাখত ভাৰত-চীনৰ মাজত চলি থকা সংঘাট খুব ওচৰৰ পৰা প্ৰত্যক্ষ কৰি আছে।

তেওঁলোকে উল্লেখ কৰে যে, এইবিষয়ে ভাৰতৰ সৈতে আলোচনা কৰি আছে যাতে পৰিস্থিতিটো আৰু জটিল নহয়।আমেৰিকা যুক্তৰাষ্ট্ৰই কয় যে, তেওঁলোকে দক্ষিণ চীন সাগৰত ইয়াৰ সামৰিক উপস্থিতিৰ সতে দক্ষিণ-পূৱ এছিয়াত ভাৰতীয় অংশগ্ৰহণ বৃদ্ধিক স্বাগতম জনাইছে। ইয়াৰ উপৰিও হিমালয়ৰ পৰা বিতৰ্কিত সমুদ্ৰীয় ক্ষেত্ৰত চীনৰ আক্ৰমণাত্মক আচৰণৰ সৈতে মোকাবিলা কৰিবৰ বাবে আমেৰিকাই সম-বিচাৰধাৰীয়ে সহযোগিতাৰে কাম কৰি আছে বুলিও মন্তব্য কৰিছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি