শেহতীয়া খবৰ
পুত্ৰৰ নিৰ্মম লাঠিৰ প্ৰহাৰত মৃত্যু হ'ল পিতৃৰ, আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে পুত্ৰক...  •  হিমন্তৰ টুইট : অসমৰ নহয়,চীনৰ টাইৱান চাহ বাগিছাৰ ফটোৰে অসম বচাও অভিযান কংগ্ৰেছৰ...  •  নাৰায়ণপুৰত চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ভাওনা সমাৰোহ-২০২১ : স্মৃতিগ্ৰন্থ ৰূপ ৰস ৰংগ উন্মোচন...  •  মাজুলী বনগাৱত ভয়ংকৰ অগ্নিকাণ্ড...  •  মই টিকেট নোপোৱা কোনো কাৰণ নাই : ৰামকান্ত দেউৰী  •  বকোৰ শিঙুৱা জলসিঞ্চন প্ৰকল্পৰ কেনেলত মৃতদেহ উদ্ধাৰ...  •  হোজাই জিলাৰ তিনিটা সমষ্টিত ১২৫ টা জটিল ভোটকেন্দ্ৰ : অৰ্ধ সামৰিক বাহিনীৰ ৩০ কোম্পানী নিয়োগ...  •  হোটেল চিগনেট আৰু হোটেল গে'টৱে গ্ৰেণ্ডিৱেৰত অসম প্ৰদেশ কংগ্ৰেছৰ দুখনকৈ বৈঠক...  •  হোটেল চিগনেট আৰু হোটেল গে'টৱে গ্ৰেণ্ডিৱেৰত অসম প্ৰদেশ কংগ্ৰেছৰ দুখনকৈ বৈঠক...  •  শীঘ্ৰে আৰম্ভ হ'ব স্তব্ধ ইণ্ডো- নগা ৰাজনৈতিক আলোচনা...

‘জয় শ্ৰীৰাম’ ধ্বনিৰ পাছতেই ভাষণ নিদিয়াকৈ আঁতৰি গ’ল মমতা বেনাৰ্জী…VIDEO

17,521

ডিজিটেল ডেস্কঃ শনিবাৰে কলকাতাৰ ভিক্টোৰীয়া মে’মৰিয়েলত আয়োজন কৰা হয় পৰিক্ৰমা দিৱস।  এই অনুষ্ঠানটিত দেখা গ’ল এক বিৰল ঘটনা। উক্ত অনুষ্ঠানত আমন্ত্ৰিত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ভাষণ নিদিওঁ বুলি কৈ আঁতৰি গ’ল মাইকৰ কাষৰ পৰা।

দৰাচলতে, যেতিয়া মমতা বেনাৰ্জীক ভাষণ দিবলৈ আমন্ত্ৰণ কৰা হৈছিল সেই সময়তে অনুষ্ঠানটিত উপস্থিত একাংশ লোকে ‘জয় শ্ৰীৰাম’ ধ্বনি দিয়ে আৰু তাৰপাছতেই ক্ষোভিত হৈ পৰে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী গৰাকী।

তেওঁ কয়- ‘চৰকাৰী অনুষ্ঠানবোৰৰ সন্মান থাকিব লাগে। এয়া কোনো ৰাজনৈতিক দলৰ অনুষ্ঠান নহয়। কলকাতাত প্ৰধানমন্ত্ৰী মোডী আৰু সাংস্কৃতিক মন্ত্ৰালয়ে উক্ত অনুষ্ঠান অনুষ্ঠিত কৰাৰ বাবে মই কৃতজ্ঞ। কিন্তু কাৰোবাক নিমন্ত্ৰণ কৰি অপমান কৰা আপোনালোকক শোভা নিদিয়ে। ইয়াৰ প্ৰতিবাদত মই একো নকওঁ। জয় হিন্দ, জয় বাংলা।’

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি