গুজৰাটত পানী টেংকি খহি ৩ জনৰ মৃত্যু, আহত ৫ জন

গুজৰাটত পানী টেংকি খহি ৩ জনৰ মৃত্যু, আহত ৫ জন

ডিজিটেল ডেস্কঃ গুজৰাটৰ আহমেদাবাদৰ বোপাল এলেকাত সোমবাৰে এটা ২৫ বছৰ পুৰণি পানীৰ টেংকি খহি পৰাত ৩ জনৰ লোকৰ মৃত্যু ঘটে। এই দুৰ্ঘটনাত আন ৫ জন লোক গুৰুতৰভাৱে আহত হোৱা বুলি জানিব পৰা গৈছে।

দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছত ঘটনাস্থলীত উদ্ধাৰকাৰী দল উপস্থিত হৈ আহত সকলক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে। ইফালে এই ঘটনাক লৈ প্ৰচণ্ড ক্ষোভ ব্যক্ত কৰিছে স্থানীয়সকলে। স্থানীয় লোকসকলে অভিযোগ কৰা অনুসৰি, এই পানী টেংকীটোৰ সমীপতে এখন বিদ্যালয় থকা হেতুকে দুৰ্ঘটনাৰ আশংকা কৰি পূৰ্বে কেইবাবাৰো পানী টেংকীটো আতৰ কৰাৰ বাবে আবেদন জনাইছিল বিভাগীয় কৰ্তৃপক্ষক। কিন্তু তাৰ পিছতো প্ৰশাসন কিম্বা চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি দাবী কৰিছে স্থানীয় লোকসকলে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in