হোজাইৰ বানাক্ৰান্ত অঞ্চলত জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকা…

হোজাইৰ বানাক্ৰান্ত অঞ্চলত জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকা…

ডিজিটেল ডেস্কঃ অসম চৰকাৰৰ জলসম্পদ মন্ত্ৰী শ্ৰী পীযুষ হাজৰীকাই আজি হোজাই জিলাৰ লংকা ৰাজহ চক্ৰৰ অধীনৰ মান্ডুলীত বানত ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰে । ডিমা হাচাওত বিগত কিছুদিন ধৰি প্ৰবল বৰষুণ দি থকাৰ ফলত নামনি অঞ্চলৰ কপিলী নদীৰ পানী বৃদ্ধি হৈ কাষৰীয়া অঞ্চলত বানপানীৰ সৃষ্টি কৰিছিল | কপিলীৰ বানে লংকা অঞ্চলৰ মান্ডুলীত মৰা কপিলীৰ কাষৰ গঢ়কাপ্তানি পথৰ এচোৱা উটুৱাই নিয়াত কাষৰীয়া অঞ্চলটো জলমগ্ন হৈ পৰিছিল |

জলসম্পদ মন্ত্ৰীগৰাকীয়ে আজি স্থানীয় বিধায়ক ৰামকৃষ্ণ ঘোষক লগত লৈ জিলা প্ৰশাসনৰ বিষয়াসকলৰ সৈতে মান্ডুলীৰ বানে চিঙা স্থানত গৈ উপস্থিত হৈ বান পৰিস্থিতিৰ বুজ লয় | মন্ত্ৰীগৰাকীয়ে পানী কমাৰ লগে লগে এই গড়কাপ্তানি পথটিৰ চিঙা অংশ পুনৰ মেৰামতি কৰি উন্মুক্ত অংশ বন্ধ কৰি দিবলৈ বিভাগীয় বিষয়াক নিৰ্দেশ দিয়ে । বানত ক্ষতিগ্ৰস্তসকলৰ বাবে উপযুক্ত সাহাৰ্য সামগ্ৰী আৰু পশুধনৰ বাবেও খাদ্য সামগ্ৰীৰ ব্যৱস্থা কৰিবলৈ তেওঁ জিলা প্ৰশাসনক নিৰ্দেশ দিয়ে ।

মান্ডুলী পৰিদৰ্শন কৰাৰ সময়ত উপস্থিত সাংবাদিকৰ আগত মন্ত্ৰী পীযুষ হাজৰীকাই প্ৰকাশ কৰে যে প্ৰায় ১৮ বছৰৰ মূৰত অঞ্চলটো বানাক্ৰান্ত হৈছে আৰু সাধাৰণ ৰাইজে স্বাভাৱিকতেই কিছু সমস্যাত পৰিছে | ডিমা হাচাওত এটা ৰাতিৰ ভিতৰতে প্ৰবল বৃষ্টিপাত হোৱাৰ বাবেই কপিলীৰ পানী এনেদৰে উফণ্ডি উঠি কাষৰীয়া অঞ্চলত বানৰ সৃষ্টি হোৱা বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰকৃতিৰ লগত সদায় যুঁজাটো টান যদিও চৰকাৰ আৰু প্ৰশাসনে হোজাই জিলাৰ যিবোৰ অঞ্চলত বানে মথাউৰি অথবা পথ ভাঙি পেলাইছে সেই সকলোখিনি কাম পুনৰ কৰিবলৈ ব্যৱস্থা ল'ব |

আজিৰ পৰিদৰ্শনকালত মন্ত্ৰীগৰাকীয়ে স্থানীয় বানাক্ৰান্ত ৰাইজৰ লগতো মত বিনিময় কৰি তেওঁলোকৰ খবৰ লয় আৰু প্ৰশাসনৰ উদ্যোগত স্থানীয় প্ৰাথমিক বিদ্যালয় এখনত স্থাপন কৰা সাহাৰ্য বিতৰণ কেন্দ্ৰ এটাৰো বুজ লয় | বিধায়ক ৰামকৃষ্ণ ঘোষ, জিলা উপায়ুক্ত অনুপম চৌধুৰীৰ লগতে মন্ত্ৰীগৰাকীৰ আজিৰ পৰিদৰ্শনকালত জিলা প্ৰশাসন আৰু জলসম্পদ বিভাগৰ বিষয়াসকল উপস্থিত থাকে |

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in