‘নমামি গংগা’ৰ নামত মোডী চৰকাৰৰ বৃহৎ কেলেংকাৰী, স্বেচ্ছাসেৱী সংগঠনৰ গৱেষণাই উদঙালে স্বৰূপ

‘নমামি গংগা’ৰ নামত মোডী চৰকাৰৰ বৃহৎ কেলেংকাৰী, স্বেচ্ছাসেৱী সংগঠনৰ গৱেষণাই উদঙালে স্বৰূপ

ডিজিটেল ডেস্কঃ অলাগতীয়াল কামত ৰাজকোষৰ ধন ব্যয় কৰি আহিছে নৰেন্দ্ৰ মোডীৰ চৰকাৰে। অসমত 'নমামি ব্ৰহ্মপুত্ৰ'ক লৈ ব্যাপক চৰ্চা চলিছিল। 'নমামি গংগা'ও মোডী চৰকাৰৰ তেনেকুৱাই এক প্ৰকল্প। যাক লৈ উত্থাপন হৈ আহিছে বিভিন্ন অভিযোগ। ব্ৰহ্মপুত্ৰৰ খননৰ নামত আৰু গংগাক প্ৰদূষণমুক্ত কৰাৰ নামত পতা হৈছিল এই উৎসৱ। ব্ৰহ্মপুত্ৰত ১০ কোটি টকা ব্যয় কৰি পতা উৎসৱৰ বাহিৰে খননৰ দিশত একো নহ'ল। ইফালে গংগাক প্ৰদূষণমুক্ত কৰাৰ ঢাক ঢোল বজাই আৰম্ভ কৰা ২০ হাজাৰ কোটি টকীয়া প্ৰকল্প আছিল 'নমামি গংগা'।

ইয়াৰে সিংহভাগ ধন ইতিমধ্যে ব্যয় কৰাও হৈছে। পিছে ৰাজকোষৰ এই বৃহৎ পৰিমাণৰ ধন ব্যয় কৰাৰ পিছতো প্ৰদূষণমুক্ত হোৱা নাই গংগাৰ পানী। বৰং বৃদ্ধিহে পাইছে প্ৰদূষণৰ মাত্ৰা। যোৱা ৩ বছৰত গংগা নদীৰ পানী সৰ্বাধিকভাৱে দূষিত হোৱা বুলি সংকট মোছন ফাউণ্ডেশ্যন নামৰ সংস্থাটোৱে প্ৰকাশ কৰিছে এক ভয়ংকৰ তথ্য। এই তথ্যক লৈ দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

উল্লেখযোগ্য যে, ১৯৮৬ চনত ৰাজীৱ গান্ধীৰ শাসনকালত গংগা একশ্যন প্লেন আৰম্ভ কৰাৰ সময়ৰ পৰাই নদীখনক প্ৰদূষণমুক্ত কৰি ৰখাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে সংকট মোছন ফাউণ্ডেশ্যন (এছএমএফ) নামৰ এই স্বেচ্ছাসেৱী সংস্থাটোৱে। সংস্থাটোৱে গংগাৰ পানীৰ ওপৰত নিয়মিত ভাৱে চলাই আহিছে পৰীক্ষা-নিৰীক্ষা। ইয়াৰ বাবে সংস্থাটোৰ আছে এটা নিজাববীয়া পৰীক্ষাগাৰো।

উক্ত পৰীক্ষাগাৰৰ সহায়ত সংস্থাটোৱে চলোৱা পৰীক্ষা-নিৰীক্ষা আৰু গৱেষণাৰ অন্তত শেহতীয়াভাৱে প্ৰকাশ কৰিছে এক প্ৰতিবেদন। উক্ত প্ৰতিবেদনত কোৱা হৈছে গংগাৰ পানীত কলিফৰ্ম বেক্টেৰিয়াৰ পৰিমান বহুগুণে বৃদ্ধি পাইছে। তদুপৰি বৃদ্ধি পাইছে বায়'কেমিকেল অক্সিজেন ডিমাণ্ড (বিঅ'ডি)ৰ মাত্ৰাও।

২০১৫ চনৰ 'নমামি গংগা' প্ৰকল্প আৰম্ভ কৰিছিল মোডী চৰকাৰে। ইয়াৰ জৰিয়তে গংগা নদীক দেশৰ মাতৃ ৰূপে ঘোষণা কৰি প্ৰদূষণমুক্ত কৰাৰ প্ৰতিশ্ৰুতিও দিছিল চৰকাৰখনে। সেই মতে ২০ হাজাৰ কোটি টকীয়া প্ৰকল্প গ্ৰহণ কৰা হৈছিল। এছএমএফৰ সমীক্ষা অনুসৰি, ২০১৬ চনৰ জানুৱাৰীত গংগাৰ পানীত পোৱা কলিফৰ্মৰ মাত্ৰা আছিল উচ্চগতিত ৪.৫ লাখ আৰু নিম্ন গতিত ৫.২ কোটি। কিন্তু ২০১৯ চনৰ ফেব্ৰুৱাৰীত এই মাত্ৰা বৃদ্ধি পাই হৈছেগৈ উচ্চ গতিত ৩.৮ কোটি আৰু নিম্ন গতিত ১৪.৪ কোটি।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in