পানীৰ টোপালত জীৱনৰ মুকুতা…

পানীৰ টোপালত জীৱনৰ মুকুতা…

● মৃদুল কুমাৰ সন্দিকৈ

এজন ব্যস্ত মানুহ

পুৱা-গধুলি মানুহজনৰ ব্যস্ততা বাঢ়ে। মহানগৰীত তেওঁ এখন পানী কঢ়িওৱা ভানৰ গৰাকী। নিজেই চলায় গাড়ীখন। দৈনিক ৫ঘৰ মানুহক তেওঁ পানী দিয়ে। সেই গ্ৰাহকৰ উপৰিও কেতিয়াবা ৮-৯ ঘৰ মানুহলৈকে পানী দিব লগা হয়।

পানীয়েই তেওঁৰ এতিয়া জীৱিকা। তেওঁৰ ভাষাত- 'গুৱাহটীত পানীৰ অভাৱ দিনক দিনে বাঢ়ি গৈ আছে। মই কেতিয়াবা ফোন নধৰা হৈ যাও। ভাগৰো লাগে! তাতে বাটপথত যি যান-জঁট গাড়ী চলাবলৈকে মন নাযায়। ওচৰতে হ'লে দিব পাৰি। বেছি দূৰ হ'ল দিয়া মস্কিল। বেয়াও লাগে! কিমান অসুবিধাত পৰি মানুহে পানীৰ বাবে ফোন কৰে। কিন্তু মোৰো উপায় নাথাকে।'

কাৰোবাক যাম বুলি কথা দি তেওঁ নোযোৱাকৈ নাথাকে। যোৱা ৬ বছৰ ধৰি তেওঁ পানী যোগান ধৰি আহিছে বিভিন্ন ঠাইত। পানী নহ'লে এটা পৰিয়ালৰ কি অৱস্থা হ'ব পাৰে, সেই কথা ভালদৰে বুজে। তেওঁৰ কথা হ'ল- পানীৰ মূল্য পানীৰ অভাৱতহে বুজা যায়।

মানুহজনৰ নাম জগদীশ। গুৱাহাটীৰ জু-ৰোডত তেওঁ থাকে। সেই স্থানৰ পৰাই তেওঁ বিভিন্ন স্থানলৈ পানী যোগান ধৰি আহিছে। এনেদৰে মহানগৰীত পানীৰ যোগান ধৰা বহু লোক আছে। প্ৰায়বোৰ পানীৰ যোগান ধৰা লোকৰে নিৰ্দিষ্ট গ্ৰাহক থাকে। সেইসকলক নিয়মীয়াকৈ পানী যোগান ধৰিব লাগে। বিয়া-সবাহ বা আন উৎসৱ পাৰ্বনত সেই ব্যস্ততা তেওঁলোকৰ বৃদ্ধি পায়।

পানীৰ অভাৱ এক ডাঙৰ সমস্যা

কেৱল মহানগৰীতে নহয়, বিশ্বৰ বিভিন্ন প্ৰান্তত পানীৰ অভাৱ এক ডাঙৰ সমস্যাৰূপে পৰিগণিত হৈছে। বসতিপূৰ্ণ চহৰাঞ্চল সমূহত এই সমস্যাই ভয়াবহ ৰূপ ধাৰণ কৰিছে। জনসংখ্যা বৃদ্ধিৰ অনুপাতে ভূ-গৰ্ভত থকা পানীৰ ভাণ্ডাৰ কমি আহিছে। আন উৎসৰ পৰা পানী সংগ্ৰহ কৰিলেও সেই উৎসবোৰতো পানীৰ নাটনিয়ে পানীৰ সমস্যাক জটিল কৰি তুলিছে।

এনে কথাও চৰ্চা বা আলোচনা হয় যে যদি বিশ্বত তৃতীয় বিশ্বযুদ্ধ হয়, তেনেহ'লে সেয়া হ'ব পানীৰ বাবে। প্ৰতিটো খোজতেই আমাক পানীৰ প্ৰয়োজন। কিছুদিনৰ পূৰ্বে দক্ষিণ ভাৰতৰ কেইবাখনো ৰাজ্যত সৃষ্টি হোৱা পানীৰ সমস্যা সমাধানৰ বাবে ৰে'লযোগে অন্য স্থানৰ পৰা পানী আনিবলগা পৰিস্থিতিৰ সৃষ্টি হৈছিল।

এই সমস্যাই এতিয়া সাধাৰণ লোকসকলক বাৰুকৈয়ে চুই গৈছে। গুৱাহাটী মহানগৰীতে পানীৰ নাটনি এক গুৰুত্বপূৰ্ণ সমস্যাৰূপে বিবেচিত হৈ আহিছে। গ্ৰাম্যাঞ্চলক বাদ দি চহৰাঞ্চলসমূহত এই সমস্যা লাহে লাহে অধিক জটিল হৈ পৰিছে।

ইয়াৰ বিকল্প কি?

পানীৰ নাটনিৰ সমস্যা সামাধান কি? কিদৰে পানীৰ অভাৱ দূৰ কৰিব পাৰি? ইয়াক লৈ যথেষ্ট আলোচনা আৰু গৱেষণা ইতিমধ্যে চলিছে। ব্ৰহ্মপুত্ৰৰ পাৰত থকা গুৱাহাটী মহানগৰীতে পানীৰ এই অভাৱ দেখাৰ পাছত কাষত তেনে নদ-নদী নথকা চহৰাঞ্চলসমূহত পানীৰ সমস্যা কিমান ভয়াবহ হ'ব পাৰে সেয়া কল্পনাই কৰিব নোৱাৰি।

পুৱা শুৱাৰ পৰা উঠাৰ পৰা আৰম্ভ কৰি দৈনন্দিন জীৱনৰ প্ৰতিটো কাম কাজতে পানীৰ অবিহনে নহয়। পানী প্ৰানীৰ প্ৰাণ। পানীৰ অভাৱ হয়তো যিকোনো প্ৰকাৰে দূৰ কৰিব। কিন্তু গছ-গছনি বা পাৰিপাৰ্শ্বিক পৰিৱেশৰ প্ৰয়োজনীয় পানীৰ অভাৱ হ'লে সমগ্ৰ জীৱকুল আৰু পৰিস্থিতি তন্ত্ৰৰ প্ৰতিয়েই ভাবুকিৰ সৃষ্টি হ'ব। সেই ভাবুকিৰ ইতিমধ্যে সৃষ্টি হৈছে।

পানীৰ অভাৱ দূৰ কৰিবৰ বাবে বিভিন্ন বিকল্প ব্যৱস্থা বা পথ গ্ৰহণ কৰা হৈছে। উদাহৰণস্বৰূপে বিশাল পাইপেৰে নদ-নদী বা সাগৰৰ পৰা পানী আনি মানুহক ব্যৱহাৰৰ বাবে দিয়া হৈছে। কিন্তু এই ব্যৱস্থা অতি ব্যয়বহুল আৰু ইয়াৰ ফলত কেৱল মানুহৰ সমস্যাহে সমাধান কৰিব পৰা যাব।

পৰিৱেশ তথা প্ৰাকৃতিকভাৱে পানীৰ সমস্যা সমাধানৰ বাবে চিন্তা চৰ্চাৰ অন্তত বিশ্বজুৰি এক পদ্ধতি জনপ্ৰিয় হৈছিল। সেয়া আছিল প্ৰাকৃতিকভাৱে পোনা পানী উপযুক্তভাৱে সংৰক্ষণ কৰা। অতি কম ব্যয়ৰে এই পানী সংৰক্ষণ কৰাৰ লগতে ইয়াৰ জৰিয়তে পৰিৱেশতন্ত্ৰ তথা জীৱকুলকো ৰক্ষা কৰিব পৰা যায়।

বৰষুণ!

বৰষুণ এটা ভাললগা শব্দ। আকাশৰ পৰা নামি অহা বৰষুণৰ টোপালবোৰ কেৱল কবিতা বা সাহিত্যৰ উপাদান নহয়, এই বৰষুণে পানীৰ নাটনি বা অভাৱ দূৰ কৰিব পাৰে। অতীতৰ পৰাই বৰষুণৰ পানী সংৰক্ষণৰ উদাহৰণ আছে।

বিভিন্ন আখ্যান বা কাহিনীত পানী সংৰক্ষণ কৰাৰ উদাহৰণ আছে। ৰজা-মহাৰজাসকলে পুখুৰী খান্দি বা আন উপায়েৰে বৰষুণৰ পানী সংৰক্ষণ কৰিছিল। খৰাং বতৰত সেই পানী ব্যৱহাৰ কৰি পানীৰ সমস্যা সমাধান কৰিছিল।

অসমীয়া সমাজ জীৱনত বৰষুণ আহিলেই বৰষুণৰ পানী বিভিন্ন পাত্ৰত ধৰি ৰাখি সেই পানীৰে দৈনন্দিন কাম কাজ কৰাৰ লগতে অন্যান্য আনুসাংগিক কাম কাজতো ব্যৱহাৰ কৰা হৈছিল। লাহে লাহে এই অভ্যাস আমাৰ গ্ৰাম্য জীৱনৰ পৰা আতৰি গ'ল। কিন্তু পানীৰ সমস্যাই ভয়াবহ ৰূপ ধাৰণ কৰাৰ সময়ত বিজ্ঞান সন্মতভাৱে বৰষুণৰ পানী সংৰক্ষণৰ প্ৰাসংগিকতা বৃদ্ধি পাইছে।

সমগ্ৰ বিশ্বই এতিয়া তীব্ৰ জলসংকটত পৰিছে। এই সন্দৰ্ভত বিশ্বজুৰি সজাগতা অভিযান চলাৰ লগতে অসমতো এই অভিযান ব্যাপক ৰূপত চলিছে। কিয়নো ভূ-পৃষ্ঠত থকা পানীৰ স্তৰ নিম্নগামী হৈ গৈ আছে দিনক দিনে। এই জলসংকটৰ পৰা ৰক্ষা পাবলৈকে বৰষুণৰ পানী সংৰক্ষণ কৰাটো প্ৰয়োজন হৈ পৰিছে।কিয়নো বৰষুণৰ পানী সংৰক্ষণ কৰি সেইবোৰ পৰিশোধনৰ জৰিয়তে খোৱাৰ উপযুক্ত কৰাৰ লগতে পুখুৰী, কুঁৱা আদিত জমা ৰাখি, কৃষি আদি কাৰ্যত ব্যৱহাৰ কৰিব পাৰি।

বৰষুণৰ পানী সংৰক্ষণ কি?

বৰষুণৰ পানী সংগ্ৰহ কৰি তাক পৰবৰ্তী সময়ত ব্যৱহাৰ কৰাৰ পদ্ধতিকে ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং বা বৰষুণৰ পানী সংৰক্ষণ বুলি ক'ব পাৰি। বৰষুণৰ পানী সংগ্ৰহ এক নব্য কৌশল। ঘৰৰ চাল, চাদ বা আন উপৰিভাগৰ পৰা বৰষুণৰ পানী সংগ্ৰহ কৰি সেইবোৰ বিভিন্ন পদ্ধতিৰে জমা ৰাখিব পাৰি। এই পানীসমূহ স্বাভাৱিকভাৱেই ঘৰৰ চাল বা চাদৰ পৰা সংগ্ৰহ কৰি এক বিশেষ পাত্ৰত জমা ৰখা হয়।

কিদৰে এই পানী সংগ্ৰহ কৰা হ'ব, সেয়া বিভিন্ন কাৰকৰ উপৰত নিৰ্ভৰ কৰে। ঠাইখনৰ অৱস্থা, বৰষুণৰ মাত্ৰা, মাটিৰ তলভাগৰ স্তৰ বা তৰপৰ গুণাগুণ আদি কাৰকবোৰৰ উপৰত নিৰ্ভৰ কৰি বৰষুণৰ পানী সংৰক্ষণ কৰাৰ পদ্ধতি ভিন্ন হ'ব পাৰে। আনকি ২৪ ঘণ্টাই পানীৰ যোগানদাতা লোকসকলেও এই পদ্ধতিৰে বৰষুণৰ পানী সংগ্ৰহ কৰি সাময়িকভাৱে পানীৰ অভাৱত সেইবোৰ ব্যৱহাৰ কৰা বা ভূ-গৰ্ভলৈ সেইবোৰ প্ৰেৰণ কৰি ভূ-পৃষ্ঠত থকা পানীৰ স্তৰ বৃদ্ধি কৰাত অৰিহণা যোগাব পাৰে।

বৰষুণৰ পানী সংৰক্ষণ কৰিলে কি লাভ হয়?

বৰষুণৰ পানী সংৰক্ষণ কৰাটো কিয় প্ৰয়োজন আৰু উপযুক্ত, সেই বিষয়ে বিভিন্ন যুক্তি বা বিচাৰ-বিশ্লেষণ কৰিছে বিশেষজ্ঞসকলে। প্ৰথম যুক্তি হ'ল- বৰষুণৰ পানী সংৰক্ষণ এক অতিৰিক্ত পানীৰ উৎস। এই পানী সংৰক্ষণে মাটিৰ তলৰ পানী বা আন পদ্ধতিৰে যোগান ধৰা পানীৰ পৰিপূৰক উৎস হ'ব পাৰে। বৰষুণৰ পানী অতি কম খৰছতে বিশুদ্ধৰূপত বা ৰসায়নিক দ্ৰব্যমুক্ত ৰূপত পাব পাৰি। এই পদ্ধতিত পানী সংৰক্ষণৰ ব্যয় নূন্যতম।

এনেদৰে পানী সংৰক্ষণ কৰি কৃত্ৰিম বান বা ভূমিস্খলন আদিও ৰোধ কৰিব পাৰি। এই পদ্ধতিৰে সাধাৰণতে মাটিৰ তলত পানীৰ অভাৱ হ'লে, লেতেৰা মাটি সংমিশ্ৰিত পানী ওলালে, শিলাময় বা পাহাৰীয়া অঞ্চলত, ৰসায়নিক দ্ৰব্য সংমিশ্ৰিত পানীৰ সমস্যাৰ পৰা মুক্ত হ'বলৈ যিকোনো লোকে বৰষুণৰ পানী সংৰক্ষণ কৰিব পাৰে।

বৰষুণৰ পানী ব্যৱহাৰঃ

দৈনন্দিন জীৱনত বৰষুণৰ পানী ব্যৱহাৰ বিভিন্ন কাম কাজত কৰাৰ লগতে এই পানী পৰিশোধন কৰি ৰন্ধন প্ৰকৰণ কৰিব পৰা যায়। খোৱা বা গা-ধোৱা কাৰ্য্যতো বৰষুণৰ পানী ব্যৱহাৰ কৰিব পাৰি। শৌচাগাৰ, কাপোৰ ধোৱা আদি কামতো সংৰক্ষিত বৰষুণৰ পানী ব্যৱহাৰ কৰা হয়।

ইয়াৰোপৰিও এই পানী কৃষি কৰ্মত ব্যৱহাৰ কৰা হয়। লগতে যি স্থানত পানীৰ অভাৱ নহয়, তেনে স্থানৰ লোকসকলে এনে সংৰক্ষিত পানী ভূ-গৰ্ভলৈ প্ৰেৰণ কৰি উক্ত অঞ্চলত ভূ-গৰ্ভত থকা পানীৰ স্তৰ বৃদ্ধি কৰিব পাৰে।

বৰষুণৰ পানী সংৰক্ষণ আৰু অসমঃ

অসমত গড়ে বাৰ্ষিক বৰষুণৰ পৰিমাণ ২৮১৮ মিলিমিটাৰ। গুৱাহাটী চহৰতে বছৰত ১৬৯৮ মিলিমিটাৰ বৰষুণ হয়। বৰষুণৰ ফলত গুৱাহাটীত যি কৃত্ৰিম বানৰ সৃষ্টি হয়, ইয়াৰ পৰাই বুজিব পাৰি কিমান সংখ্যক বৰষুণৰ পানী অপচয় হয়।

বৰষুণৰ বতৰত ইয়াৰ কিছু পানী সংৰক্ষণ কৰিলে মহানগৰীত পানীৰ অভাৱৰ সমস্যা সমাধান কৰাৰ লগতে কৃত্ৰিম বান প্ৰতিৰোধৰ ক্ষেত্ৰতো ই আশাৰ বতৰা কঢ়িয়াই আনিব পাৰে। ইয়াৰ উপৰিও ভূমিস্খলন, আন উদ্যোগিক কাম কাজত এই পানী ব্যৱহাৰ কৰিব পৰা যায়।

অসমত চৰকাৰে ২০০০ খন প্ৰাথমিক বিদ্যালয়, ৫০০ খন গাঁও পঞ্চায়ত আৰু খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত বৰষুণৰ পানী সংৰক্ষণৰ এক আঁচনি গ্ৰহণ কৰিছিল। কিন্তু এই আঁচনি বিভিন্ন কাৰণত ফলপ্ৰসূ নহ'ল। বৰপেটা জিলাতেই এই আঁচনিৰ অধীনত ২.২০ কোটি টকা খৰছ কৰিছিল চৰকাৰে। এই আঁচনিৰ জৰিয়তে জিলাখনত ৮৯ খন প্ৰাথমিক বিদ্যালয়, ১৯খন গাঁও পঞ্চায়ত আৰু ১১টা খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত বৰষুণৰ পানী সংৰক্ষণৰ ব্যৱস্থা কৰিছিল।

নিম্নমানৰ সামগ্ৰীৰ ব্যৱহাৰ, আসোঁৱাহপূৰ্ণ ব্যৱস্থা আৰু সজাগতাৰ অভাৱৰ বাবে বৰষুণৰ পানী সংৰক্ষণৰ এই গুৰুত্বপূৰ্ণ প্ৰচেষ্টা বিদ্যালয় বা চৰকাৰী কাৰ্যালয় সমূহত সফল হৈ নুঠিল।

জলসংকট বিশ্বৰ এক ভয়াবহ সমস্যাঃ

জলসংকটৰ প্ৰতি লক্ষ্য ৰাখিয়েই বিশ্বৰ বিভিন্ন দেশৰ নেতাই ৰাষ্ট্ৰসংঘৰ পৃষ্ঠপোষকতাত এই সমস্যাৰ প্ৰতি সজাগতা সৃষ্টিৰ বাবে উদ্যোগ গ্ৰহণৰ বাবে একত্ৰিত হৈছিল। ১৯৯২ চনতে ব্ৰাজিলৰ ৰিঅ' দ্য জেনেৰিঅ' চহৰত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰসংঘৰ পৰিৱেশ আৰু উন্নয়ন সন্মিলনত জল সংৰক্ষণৰ বাবে এটা বিশেষ দিন উদযাপনৰ প্ৰস্তাৱ লৈছিল। সেই প্ৰস্তাৱ অনুসৰিয়েই ১৯৯৩ চনত ২২ মাৰ্চ দিনটো বিশ্ব জল দিৱসৰূপে ঘোষণা কৰা হয়। তেতিয়াৰ পৰাই বিশ্ব জল দিৱস উদযাপন কৰি অহা হৈছে।

এই জল দিৱসত প্ৰকাশ পোৱা পানী সম্পৰ্কীয় প্ৰতিবেদনে ভৱিষ্যতৰ এখন ছবি দাঙি ধৰে। ২০৫০ চনত মানুহৰ বাবে প্ৰয়োজনীয় খাদ্য উৎপাদন কৰিবলৈ কৃষি ক্ষেত্ৰত ব্যৱহাৰ হোৱা পানীৰ চাহিদা ১৯ শতাংশ বৃদ্ধি পাব। ইয়াৰ লগতে ২০৩৫ চনলৈ সামগ্ৰিকভাৱে পানীৰ চাহিদা বৃদ্ধি হ'ব বৰ্তমানৰ তুলনাত ৮৫ শতাংশ।

এই তথ্যই দাঙি ধৰে অহা ২০টা বছৰত পানীৰ বাবে কেনে হাহাকাৰ কৰিবলগা পৰিস্থিতিৰ সৃষ্টি হ'ব। সেয়েহে জল দিৱসৰ লগত সংগতি ৰাখি বিশ্বৰ বিভিন্ন দেশে পানীৰ সৈতে উন্নয়নৰ দিশটোক নতুন ধৰণে চোৱাৰ চিন্তা কৰিছে। আনকি পানী আৰু বহনক্ষম উন্নয়নৰ এক ধাৰণাৰে জল সম্পদৰাজিৰ সঠিক ব্যৱহাৰ, অৰ্থনৈতিক আৰু পৰিৱেশত পানীৰ প্ৰয়োজনীয়তাৰ উপৰত গুৰুত্ব দিয়া হৈছে।

জীৱন ধাৰণৰ বাবে মৌলিক উপাদান পানী। অসমত আজি পানীৰ সমস্যাৰ গুৰুত্ব উপলব্ধি কৰা নাই যদিও লাহে লাহে এই সমস্যা এনেদৰে গা কৰি উঠিছে। ৰাষ্ট্ৰসংঘই সহশ্ৰাব্দ উন্নয়নৰ লক্ষ্য শীৰ্ষক যি ঘোষণা পত্ৰ প্ৰস্তুত কৰিছিল, তাৰ ১০নং দফাত খোৱাপানীৰ সমস্যা সমাধান কৰা আৰু 'জীৱনৰ বাবে পানী' লক্ষ্যৰে ব্যৱস্থা গ্ৰহণৰ প্ৰতি মতপোষণ কৰিছিল।

জলসংকটত ভাৰতঃ

বিশ্বৰ দ্বিতীয় জনবহুল দেশ ভাৰত। ২০৫০ চনত ভাৰতৰ জনসংখ্যা ১৬০ কোটি অতিক্ৰম কৰিব বুলি আশংকা কৰা হৈছে। সেয়া হ'লে বিশ্বৰ ভিতৰতে জনবহুল দেশৰ শীৰ্ষস্থান দখল কৰিব ভাৰতে। এতিয়াই ভাৰতত খোৱাপানী এক ডাঙৰ সমস্যা হৈ আহিছে। বৰ্তমান ভাৰতৰ ৬৮.২ শতাংশ পৰিয়ালেহে নিৰাপদ খোৱাপানীৰ ব্যৱস্থা লাভ কৰি আহিছে।

প্ৰতি বছৰে আমাৰ দেশত ৩৭.৩ নিযুত লোক পানীজনিত ৰোগত আক্ৰান্ত হয়। ইয়াৰে ৭৫ শতাংশ শিশু। খোৱাপানীৰ বাবে ভূ-গৰ্ভত থকা পানীৰ উৎসকে সম্বল কৰি লোৱাৰ বাবে ফ্লৰাইড, আৰ্চেনক আদি সংমিশ্ৰিত পানী বহু লোকে ব্যৱহাৰ কৰি আহিছে।

অসমতো বাৰিষা চৌদিশ পানীৰে উফন্দি পৰে। কিন্তু খৰালি অহাৰ লগে লগে নদ-নদী তথা জান-বিল সমূহৰ জলস্তৰ নিম্নগামী হোৱাই নহয়, বহু ঠাইত সেই পানীৰ উৎসসমূহ শুকাই যায়। সেয়েহে পানীৰ সমস্যা সমাধান কৰিবলৈ এনে বিকল্প উৎসৰ দ্বাৰাই পানীৰ সংগ্ৰহ আৰু সংৰক্ষণ এতিয়া প্ৰয়োজনীয় হৈ পৰিছে।

গুৱাহাটীত বৰষুণৰ পানী সংৰক্ষণঃ

ৰাজ্যৰ আন প্ৰান্তৰ লগতে মহানগৰীতো বৰষুণৰ পানী সংৰক্ষণৰ ক্ষেত্ৰত গুৱাহাটী পৌৰনিগমে এক পদক্ষেপ গ্ৰহণ কৰিছিল। আনকি নতুন গৃহ নিৰ্মাণৰ অনুমতি দিয়াৰ সময়ত বৰষুণৰ পানী সংৰক্ষণৰ ক্ষেত্ৰত নতুন নিৰ্দেশনা সংযোজন কৰাৰো সিদ্ধান্ত লৈছিল গুৱাহাটী পৌৰ নিগমে।

এই বিষয়টো তদাৰক কৰিবলৈ বিশেষ গোট গঠন কৰা আৰু মহানগৰীত নিৰ্মাণ কৰা ঘৰ, ফ্লেট বা আন অট্টালিকাত বৰষুণৰ পানী সংৰক্ষণত গুৰুত্ব দি এক প্ৰকল্প অনুমোদন জনোৱা হৈছিল। ইয়াৰ বাবে আৰ্হি প্ৰস্তুতকৰণৰ বাবে গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষ আৰু আন আনুসাংগিক বিভাগসমূহক দায়িত্ব দিয়াৰ কথাও ঘোষণা কৰা হৈছিল।

কিন্তু পৰৱৰ্তী সময়ত এই ব্যৱস্থা বা নীতি-নিৰ্দেশনা সন্দৰ্ভত কেনে ফলাফল লাভ কৰিলে, সেয়া গুৱাহাটী পৌৰ নিগম বা চৰকাৰী পক্ষই প্ৰকাশ নকৰিলে। মহানগৰীত নিৰ্মাণ কৰা ফ্লেট, অট্টালিকা বা আন ঘৰ-দুৱাৰ সমূহত বৰষুণৰ পানী সংৰক্ষণৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহ'ল।

লক্ষণীয় কথাটো হ'ল- বানৰ সময়ত বিদ্যালয়লৈ আহিব নোৱাৰা লখিমপুৰ, ধেমাজি আদিৰ অঞ্চল সমূহত খৰালি কালত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত খোৱাপানীৰ সমস্যাই দেখা দিয়ে। এই সমস্যা সমাধান কৰিবলৈও বৰষুণৰ পানী সংৰক্ষণ এক উপযুক্ত পথ হ'ব পাৰে। কিন্তু ব্যৱহাৰিকভাৱে বৰষুণৰ পানী সংৰক্ষণৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা আঁচনিয়ে ৰাজ্যৰ কোনো বিদ্যালয় বা চহৰ-নগৰত সফলতা দাবী কৰিব নোৱাৰে।

পানীৰ সমস্যা সমাধানৰ বাবেই আনকি মোডী চৰকাৰে জন আন্দোলন গঢ়ি তুলিছিল। প্ৰথম পৰ্যায়ত জলশক্তি অভিযানেৰে দেশৰ ২৫৬খন জিলা সামৰি লৈছিল। এই অভিযানৰ মূল লক্ষ্য আছিল বৰষুণৰ পানী সংৰক্ষণ বা পানী সংৰক্ষণৰ ক্ষেত্ৰত সজাগতা সৃষ্টি। কিয়নো আমাৰ দেশত পানীৰ অভাৱৰ বাবেই বছৰি ২ লক্ষাধিক লোকৰ মৃত্যু হয়।

বিশুদ্ধ খোৱাপানীৰ অভাৱ, দূষিত পানী সেৱন এইবোৰ সমস্যাৰ এতিয়াও সমাধান হোৱা নাই। অসমত পানীৰ প্ৰচূৰ ভাণ্ডাৰ থাকিলেও সেইবোৰ সঠিভাৱে এতিয়াও ব্যৱহাৰ কৰিব পৰা হোৱা নাই। উল্লেখযোগ্য যে ৰাজ্যখনত ব্ৰহ্মপুত্ৰকে ধৰি ইয়াৰ ১২১খন উপ নৈ আৰু বৰাককে ধৰি ইয়াৰ ১১ খন উপ নৈ আছে। কিন্তু তাৰ পিছতো খৰালিত পানীৰ অভাৱ হয়। যাৰ বাবে বৰষুণৰ সংৰক্ষণৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে।

প্ৰাকৃতিক সম্পদৰ ভিতৰত আটাইতকৈ ব্যৱহাৰ হোৱা সম্পদবিধেই হৈছে পানী। সেয়েহে ইয়াক প্ৰয়োজনত পাবলৈ সকলোৰে সজাগতাৰ প্ৰয়োজন।

বৰষুণৰ পানী কেনেকৈ সংৰক্ষণ কৰিব পাৰি?

বৰষুণৰ পানী সংৰক্ষণৰ মূল তিনিটা উপাদান আছে। সেয়া হ'ল- সংগ্ৰহ, প্ৰবাহ আৰু সংৰক্ষণ। বৰষুণৰ পানী সংৰক্ষণ দুই শ্ৰেণীৰে কৰিব পাৰি। প্ৰথম পদ্ধতিত ঘৰৰ ব্যৱহাৰৰ বাবে ঘৰৰ চালেৰে বৈ যোৱা পানীৰ সংৰক্ষণ আৰু দ্বিতীয় পদ্ধতিত পথাৰত, আন কৃষি কৰ্মত ব্যৱহাৰৰ বাবে বৰষুণৰ পানী সংৰক্ষণ।

বৰষুণৰ পানী সংৰক্ষণৰ পদ্ধতিত মুঠ ৬টা উপাদান থাকে। তাৰ ভিতৰত বৰষুণৰ পানী সংৰক্ষণ কৰিবৰ বাবে ঘৰৰ চালৰ পৰা সেই পানী ধৰি ৰখা, সংগ্ৰহ কৰা পানী চালৰ পৰা অন্য ঠাইলৈ প্ৰবাহিত কৰা, চালৰ পৰিস্কাৰকৰণ, যাক কোৱা হয় 'ফাষ্ট ফ্লাচ'। আৰু সেইবোৰ কোনো প্ৰাত্ৰত নিৰাপদভাৱে সংৰক্ষিত কৰা, ইয়াৰ বিশুদ্ধিকৰণ আৰু অন্তিম পৰ্যায়ত ইয়াৰ বিতৰণ।

পিছপৰা বা গ্ৰাম্য অঞ্চলসমূহত সমজুৱাভাৱে নাদ স্থাপন কৰি সেই পানী সংৰক্ষণ কৰি বিভিন্ন কামত ব্যৱহাৰ কৰিবলৈ অনুপ্ৰাণিত কৰিব পাৰি। ঘৰৰ চালৰ পৰাই মূলতঃ বৰষুণৰ পানী সংগ্ৰহ কৰা হয়। ভাৰতৰ মৰুভূমি অঞ্চলত বহু বছৰ ধৰি বৰষুণৰ পানী সংৰক্ষণ আৰু ব্যৱহাৰ কৰি অহা হৈছে।

বিদ্যালয়সমূহত এই কাম কৰিলে ছাত্ৰ-ছাত্ৰীসকলে ইয়াৰ জৰিয়তে ভৱিষ্যতে বৰষুণৰ পানী সংৰক্ষণৰ প্ৰয়োজনীয়তা অনুভৱ কৰিব। পৃথিৱীত থকা পানীৰ মাত্ৰ ৩ শতাংশহে পৰিস্কাৰ পানী। বাকী পানী মহাসাগৰৰ লুনীয়া পানী। মাটিৰ তলত থকা পানীৰ ১১ শতাংশ ব্যৱহাৰৰ বাবে উপলব্ধ। সেয়েহে এই পানী অপব্যৱহাৰ আৰু উদ্দেশ্যবিহীনভাৱে ইয়াক অপচয় কৰাটো কিমান ভয়াবহ হ'ব পাৰে সেয়া সকলোৱে বুজা উচিত।

মাটিৰ তলৰ পানীভাগক পুনঃসক্ৰিয়কৰণৰ বাবে বৰষুণৰ পানী সংৰক্ষণ কৰি পুনঃসক্ৰিয়কৰণ গাত, নলী-নাদ আদিৰ জৰিয়তে ভূ-গৰ্ভলৈ এই বৰষুণৰ পানী অপচয় হোৱাৰ বিপৰীতে প্ৰেৰণ কৰিব পাৰি।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in