ছাত্ৰ-ছাত্ৰীক ইংৰাজী পঢ়ুওৱা শিক্ষয়িত্ৰীয়ে নিজেই নোৱাৰিলে কিতাপৰ এটা লাইন পঢ়িব! চাওক VIDEO

ছাত্ৰ-ছাত্ৰীক ইংৰাজী পঢ়ুওৱা শিক্ষয়িত্ৰীয়ে নিজেই নোৱাৰিলে কিতাপৰ এটা লাইন পঢ়িব! চাওক VIDEO

ডিজিটেল ডেস্কঃ এগৰাকী শিক্ষয়িত্ৰী। উত্তৰ প্ৰদেশৰ উন্নাও জিলাৰ চিকন্দৰপুৰৰ এখন চৰকাৰী বিদ্যালয়ত তেওঁ পাঠদান কৰে। পঞ্চম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ পাঠদান কৰা শিক্ষয়িত্ৰীগৰাকীয়ে ছাত্ৰ-ছাত্ৰীক পঢ়ুওৱা বিষয় হৈছে ইংৰাজী। পিছে এতিয়া এই শিক্ষয়িত্ৰীগৰাকীৰ জ্ঞানৰ নমুনাই এতিয়া যথেষ্ট চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে।

উন্নাওৰ চিকন্দৰপুৰস্থিত চৰকাৰী বিদ্যালয়খন যোৱা ২৮ নৱেম্বৰত পৰ্যবেক্ষণ কৰিছিল শিক্ষা বিষয়া দেবেন্দ্ৰ কুমাৰ পাণ্ডেয়ে। বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীক দুই এটা অধ্যায় পঢ়িবলৈ দিয়াত ছাত্ৰ-ছাত্ৰীসকলৰ অজ্ঞতা ধৰা পৰে। বিশেষকৈ ইংৰাজী বিষয়ত ছাত্ৰ-ছাত্ৰীসকল অতি দুৰ্বল হোৱাত শিক্ষা বিষয়াগৰাকীয়ে বিদ্যালয়খনত ইংৰাজী বিষয়ৰ পাঠদান কৰা শিক্ষয়িত্ৰীগৰাকীক ইয়াৰ কাৰণ সোধে।

শিক্ষয়িত্ৰীগৰাকীৰ পৰা সন্তোষজনক উত্তৰ লাভ নকৰি শিক্ষা বিষয়াগৰাকীয়ে শিক্ষয়িত্ৰীগৰাকীক ইংৰাজীৰ এটা অধ্যায় উলিয়াই দি পঢ়ি শুনাবলৈ কয়। কিন্তু ইংৰাজী বিভাগৰ শিক্ষয়িত্ৰীগৰাকীয়ে এটা অধ্যায়টো দূৰৰে কথা, এটা শাৰীও ভালদৰে পঢ়িব নোৱাৰিলে। আনকি যিখিনি পঢ়িলে সেয়াও বানান কৰি কৰি।

শিক্ষয়িত্ৰীগৰাকীৰ এনে জ্ঞানৰ নমুনাৰ পিছত তেওঁক নিলম্বন কৰে শিক্ষা বিষয়া দেবেন্দ্ৰ কুমাৰ পাণ্ডেয়ে। শিক্ষা বিষয়াগৰাকীয়ে কয়, 'যিগৰাকী শিক্ষয়িত্ৰীয়ে নিজেই ইংৰাজী পঢ়িব নোৱাৰে, তেওঁ ছাত্ৰ-ছাত্ৰীক কি শিক্ষা দিব? এনে কিছুমান শিক্ষকৰ বাবেই চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ শিক্ষাৰ মান অনুন্নত হৈ ৰয়।' ইফালে শিক্ষয়িত্ৰীগৰাকীৰ এটা ভিডিঅ' ছ'চিয়েল মিডিয়াত এতিয়া ভাইৰেল হৈ পৰাৰ পিছত চৰকাৰী বিদ্যালয়ৰ পাঠদানক লৈ বিভিন্নজনে প্ৰশ্ন তুলিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in