গান্ধীৰ প্ৰতিমূৰ্তিৰ তলত বহি হুকহুকাই কান্দিলে ফিৰোজ খানে, কিয়… VIDEO

গান্ধীৰ প্ৰতিমূৰ্তিৰ তলত বহি হুকহুকাই কান্দিলে ফিৰোজ খানে, কিয়… VIDEO

ডিজিটেল ডেস্কঃ ২ অক্টোবৰত বিশ্বজুৰি পালন হ'ল জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫০ সংখ্যক জয়ন্তী। গান্ধীক স্মৰণৰ এই দিনটোতে সমাজবাদী পাৰ্টীৰ নেতা ফিৰোজ খানক দেখা গ'ল এক অন্য ৰূপত। ভাইৰেল হোৱা এটা ভিডিঅ'ত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিৰ তলত বহি হুকহুকাই কান্দি পেলালে নেতাগৰাকীয়ে।

উত্তৰ প্ৰদেশৰ চম্ভল চহৰৰ চান্দাউচি কোটৱালিৰ ফাৱৰা চ'কত সংঘটিত হৈছে এই ঘটনা। ২ অক্টোবৰত দেশৰ অন্য নেতাসকলৰ লগতে ফিৰোজ খানেও তালৈ গৈছিল জাতিৰ পিতাৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰিবলৈ। সমাজবাদী পাৰ্টীৰ কেইবাগৰাকীও নেতা-কৰ্মীক লগত লৈ জিলা অধ্যক্ষ ফিৰোজ খান ফাৱৰা চ'কত উপস্থিত হৈ প্ৰথমে গান্ধীৰ প্ৰতিমূৰ্তিটো চাফ চিকুণ কৰে। তাৰ পিছতেই কিয় বাপুৱে দেশবাসীক নিথৰুৱা কৰি গুছি বুলি গ'ল বুলি অভিযোগ তুলি হুকহুকাই কান্দি পেলাই ফিৰোজ খান আৰু উপস্থিত অন্য নেতাসকলে।

কেমেৰাৰ সন্মুখত ফিৰোজ খানে কান্দি কান্দি কয়, 'আপুনি ক'লৈ গুছি গ'ল বাপু? আমাক এখন স্বাধীন ৰাষ্ট্ৰ প্ৰদান কৰি আমাক অকলশৰীয়া কৰি আপুনি কিয় গুছি গ'ল? আমাৰ সকলো ইচ্ছা, সপোন এতিয়া লাহে লাগে নিঃশেষ হ'ব ধৰিছে।'

ছ'চিয়েল মিডিয়াত ফিৰোজ খানৰ এই কন্দাৰ দৃশ্য ভাইৰেল হোৱাৰ পিছতে বিভিন্নজনে প্ৰতিক্ৰিয়া ব্যক্ত কৰি জনপ্ৰিয়তা লাভৰ বাবে তেওঁ কৰা এয়া এক নাটক বুলি মন্তব্য কৰিছে। আদিত্য জয়ৰাম তিৱাৰী নামৰ এজন টুইটাৰ একাউন্টধাৰীয়ে লিখিছে- 'জনপ্ৰিয়তা লাভৰ বাবে এছপিৰ জিলা অধ্যক্ষগৰাকীয়ে কৰা এয়া এক অদ্ভূত নাটক! ২ অক্টোবৰৰ গান্ধী জয়ন্তীৰ ক্ষণত এছপি নেতাৰ ফতুৱামিৰ দৃশ্য পোহৰলৈ আহিছে। কেমেৰা দেখাৰ লগে লগে গান্ধীৰ প্ৰতিমূৰ্তিৰ তলত বহি কন্দাৰ অভিনয় কৰিলে এছপি জিলা অধ্যক্ষ ফিৰোজ খান আৰু অন্য নেতাসকল।'

https://twitter.com/Manish23mishra/status/1179392639034150913

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in