বিছকেকত পাক প্ৰধানমন্ত্ৰী ইমৰান খানে কি ভুল কৰিলে… চাওক VIDEO

বিছকেকত পাক প্ৰধানমন্ত্ৰী ইমৰান খানে কি ভুল কৰিলে… চাওক VIDEO

ডিজিটেল ডেস্কঃ কিৰ্গিস্তানৰ ৰাজধানী বিছকেকত অনুষ্ঠিত এছচিঅ'ৰ শিখৰ সন্মিনত অংশ লোৱাৰ বাবে উপস্থিত হৈছে কেইবাখনো দেশৰ ৰাষ্ট্ৰপ্ৰধান। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন, চীনৰ ৰাষ্ট্ৰপতি চি জিনপিঙকে ধৰি কেইবাখনো ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপ্ৰধানে অংশ লৈছে শিখৰ সন্মিলনত। সন্মিলনত অংশ লৈছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানেও।

কিন্তু এছচিঅ'ৰ শিখৰ সন্মিলনৰ উদঘাটন সমাৰোহত অংশ লোৱাৰ সময়তে পাক প্ৰধানমন্ত্ৰীয়ে কৰিলে এটা ভুল। যি ভুলে এতিয়া বিশেষ চৰ্চা লাভ কৰিছে ছ'চিয়েল মিডিয়াত। অৱশ্যে এয়া তেওঁৰ প্ৰথম ভুল নহয়। ইয়াৰ পূৰ্বেও এনে ভুল তেওঁ বহুবাৰ কৰিছে আৰু তাৰ বাবে সমালোচনাৰো সন্মুখীন হৈছে পাক প্ৰধানমন্ত্ৰীগৰাকী।

পাকিস্তানী সংবাদ সংস্থা পিটিআইয়ে পাক প্ৰধানমন্ত্ৰীগৰাকীৰ এছচিঅ' সন্মিলনত অংশগ্ৰহণৰ এক ভিডিঅ' প্ৰকাশ কৰিছে। এই ভিডিঅ'টোৰে সংবাদ সংস্থাটোৱে এছচিঅ'ৰ সমাৰোহত প্ৰধানমন্ত্ৰী ইমৰান খানৰ অংশ গ্ৰহণক লৈ গৌৰৱ প্ৰদৰ্শন কৰিলেও এই ভিডিঅ'টো এতিয়া সমালোচিত হৈছে অন্য এটা কাৰণত। কাৰণ ভিডিঅ'টোৰে প্ৰকাশ ঘটিছে পাক প্ৰধানমন্ত্ৰীগৰাকীৰ অজ্ঞতা অথৱা অহং ভাৱৰ।

ভিডিঅ'টোত প্ৰত্যক্ষ কৰিব পৰা যায় যে সন্মিলিনৰ উদঘাটন সমাৰোহত ঘোষকে ৰাষ্ট্ৰপ্ৰধান সকলৰ নাম লৈ হলৰ ভিতৰলৈ এজন এজনকৈ আমন্ত্ৰণ জনাইছে। কিন্তু পাকিস্তানৰ প্ৰধানমন্ত্ৰীগৰাকীৰ নাম উচ্ছাৰণ কৰি ঘোষকে তেওঁক হলৰ ভিতৰলৈ আমন্ত্ৰণ জনোৱাৰ পূৰ্বেই ইমৰান খানে নিজেই আহি হলৰ ভিতৰত তেওঁৰ বাবে সংৰক্ষিত আসনত বহি পৰে। তাৰ কিছু সময় পিছতহে ঘোষকে তেওঁৰ নাম উচ্চাৰণ কৰে আৰু তেতিয়া পাক প্ৰধানমন্ত্ৰীগৰাকীয়ে থিয় হৈ মূৰ দোৱাই সকলোকে সম্ভাষণ জনায়।

আনহাতে একে সময়তে ইমৰান খানে আন এটা ভুল কৰা দেখা গ'ল ভিডিঅ'টোত। যাৰ বাবে এতিয়া বিছকেকৰ পৰা উভতি অহাৰ পূৰ্বেই সমালোচনাৰ সন্মুখীন হৈছে পাক প্ৰধানমন্ত্ৰীগৰাকী। ভিডিঅ'টোত প্ৰত্যক্ষ কৰিব পৰা মতে, যি সময়ত ঘোষকে ৰাষ্ট্ৰপ্ৰধানসকলক হলৰ ভিতৰলৈ আমন্ত্ৰণ জনাই আছিল, সেই সময়ত সকলোৱে থিয় হৈ ৰাষ্ট্ৰপ্ৰধান সকলক সম্ভাষণ জনায়। কিন্তু সেই সময়ত একমাত্ৰ পাক প্ৰধানমন্ত্ৰীগৰাকীক নিজৰ আসনত বহি থকা দেখা গ'ল। যাৰ বাবে ইমৰান খানে অন্য ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপ্ৰধানক সন্মান কৰিব নাজানে বুলিও সমালোচনা কৰিছে বহুতে।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে চৌদি আৰবত অনুষ্ঠিত অৰ্গেনাইজেশ্যন অৱ ইছলামিক কো-অপাৰেশ্যনৰ ১৪ সংখ্যক শিখৰ সন্মিলনতো চৌদি আৰবৰ চুলতানক অপমান কৰা বুলি সমালোচনাৰ সন্মুখীন হৈছিল ইমৰান খান। সন্মিলনত তেওঁ চৌদি আৰবৰ চুলতান চলমান বিন আব্দুল আজিজক সাক্ষাৎ কৰাৰ সময়ত চুলতানৰ সন্মুখত তেওঁ কৰা মন্তব্যৰ দোভাষিকে অনুবাদ কৰি চুলতানক বুজাই দিয়াৰ পূৰ্বেই ইমৰান খানে সেই স্থান ত্যাগ কৰিছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in