পানী বুলি এচিডকে খালে, মোবাইল গেমৰ নিচাত গ’মেই নাপালে…

পানী বুলি এচিডকে খালে, মোবাইল গেমৰ নিচাত গ’মেই নাপালে…

ডিজিটেল ডেস্কঃ বৰ্তমানৰ আধুনিক যুগত সকলোৱে আজৰি সময়ত নিজৰ নিজৰ মোবাইলটোৰ সৈতে ব্যস্ত হৈ পৰে। স্কুল-কলেজৰ পৰা ঘৰলৈ উভতি আহি ৪ জি মোবাইলটোত বহুতে সময় অতিবাহিত কৰে গেম খেলি। মাজে সময়ে অৱশ্যে পঢ়াতকৈ খেলত অধিক সময় ব্যস্ত থাকিলে পিতৃ-মাতৃৰ গালিও শুনিবলগীয়া হয়। কিন্তু মোবাইলৰ এটা গেমৰ বাবে মধ্যপ্ৰদেশৰ এজন কিশোৰৰ প্ৰাণ কথমপি ৰক্ষা পৰে।

মধ্যপ্ৰদেশৰ চিন্দৱাড়াত এজন কিশোৰে মোবাইলত অনলাইন গ্ৰুপ হৈ 'পাবজি' গেমটো খেলি থকা সময়তে ঘটিল এই অঘটন। কিশোৰজনে গেমটো খেলাত ইমানেই মগ্ন হৈ পৰিল যে পানীৰ পৰিৱৰ্তে এচিডহে সেৱন কৰিলে। সংবাদমাধ্যমৰ সূত্ৰ অনুসৰি, কিশোৰজনে খেলাত মগ্ন থকাৰ বাবে এচিডৰ বটলটোকে পানীৰ বটল বুলি ভাবি এচিড সেৱন কৰিছিল।

দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পাছত কিশোৰজন পৰিয়ালৰ লোকে ততায়ৈকাকৈ স্থানীয় হাস্পতালত ভৰ্তি কৰে। প্ৰায় ১০ঘণ্টাৰ অধিক সময় চিকিৎসকে কিশোৰজনৰ অস্ত্ৰোপচাৰ কৰে। অস্ত্ৰোপচাৰৰ পাছত কিশোৰজনৰ প্ৰাণ ৰক্ষা পৰে। ইফালে, কিছুদিন পূৰ্বে পাবজি গেমৰ নিৰ্মাতা 'টেনচেন্ট'-এ ঘোষণা কৰিছিল যে, তেওঁলোকে গ্ৰুপ গেমিঙৰ ফলত হোৱা সৃষ্টি দুৰ্ঘটনাবোৰ ৰোধিবলৈ চৰকাৰক সহায় কৰিব। অৱশ্যে এই ঘটনাটোৰ পাছত গেম নিৰ্মাণ কৰা এই কোম্পানীটোৰ ওপৰত নিশ্চয় প্ৰভাৱ পৰিব।

টেনচেন্টে লগতে জনায় যে, তেওঁলোকে নিৰ্মাণ কৰা প্ৰায়বোৰ মোবাইল গেমতেই ডিজিটেল ল'কৰ ব্যৱস্থা কৰিব। যাৰ ফলত ১৩ বছৰ বা তাতকৈ কম বয়সৰ কোনেও অভিভাৱকৰ অনুজ্ঞা অবিহনে এই গ্ৰুপ গেমবোৰ খেলিব নোৱাৰিব। লগতে জনায় যে, অতি শীঘ্ৰে চীনত 'পাবজি' মোবাইল গেমটোত ডিজিটেল ল'কৰ সুবিধা উপলব্ধ হ'ব।

চৰকাৰে প্ৰতি বছৰে মোবাইলৰ গেমৰ খেলাৰ ক্ষেত্ৰত কেতবোৰ নিয়ম জাৰি কৰিছে। এই গ্ৰুপ গেমবোৰৰ ফলত প্ৰায় সংঘটিত হোৱা ঘটনাবোৰ ৰোধ কৰিবলৈ চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰি আহিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in