৭ দিনত ২০০ কোটিৰ ক্লাৱত WAR

৭ দিনত ২০০ কোটিৰ ক্লাৱত WAR

ডিজিটেল ডেস্কঃ দেশৰ ছবিঘৰত খলকনি সৃষ্টি কৰি বিগত ৭ টা দিনত অভিলেখ সংখ্যক উপাৰ্জন হিন্দী ছবি ৱাৰৰ। অভিনেতা হৃতিক ৰোচন আৰু টাইগাৰ শ্ৰুফ অভিনীত এই ছবিখনে বিগত ৭ টা দিনত মুঠ উপাৰ্জন কৰিছে ২০৭ কোটি টকা। যোৱা ৮ অক্টোবৰত ছবিখনে উপাৰ্জন কৰিছে ২৭ কোটি টকা। অতি দ্ৰুতগতিৰে ২০০ কোটিৰ ক্লাৱত প্ৰৱেশ কৰা ৱাৰ ছবিখন হৈছে এক্সন আৰু থ্ৰীলাৰেৰ ভৰপূৰ।

ছবি সমীক্ষক তৰুণ আদৰ্শৰ মতে মুক্তিৰ ৭ টা দিনৰ ভিতৰত ২০০ কোটিৰ ক্লাৱত প্ৰৱেশ কৰা ৱাৰে হিন্দী ছবি সঞ্জু, চুল্তান, দঙ্গল আৰু বজৰঙ্গী ভাইজানক পিছ পেলাইছে। এনে গতিত ছবিখন দৰ্শকে আদৰি ললে আৰু ৪ টা দিনৰ ভিতৰতে ৩০০ কোটিৰ ক্লাৱত প্ৰৱেশ কৰিব ৱাৰে। উল্লেখ্য যে, ছবিখনে মুক্তিৰ দিনাই উপাৰ্জন কৰিছিল ৫১.৬০ কোটি টকা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in