ফটো তুলিবলৈ লাগে এটা ৱেষ্ট কোটঃ কৰ্মচাৰীৰে ৱেষ্ট কোট পিন্ধি ল’লে ইমৰান খানে…

ফটো তুলিবলৈ লাগে এটা ৱেষ্ট কোটঃ কৰ্মচাৰীৰে ৱেষ্ট কোট পিন্ধি ল’লে ইমৰান খানে…

ডিজিটেল ডেস্কঃ চাৰিদিনৰ পাছতেই অৰ্থাৎ ১৮ আগষ্টত পাকিস্তানৰ নতুন প্ৰধানমন্ত্ৰী ৰূপে শপত ল'ব ইমৰান খানে। সোমবাৰে ইমৰান খান গৈছিল নেশ্যনেল এছেমব্লিলৈ। পাৰলিয়ামেণ্ট ৰেজিষ্ট্ৰেশ্যন কাৰ্ডৰ বাবে ফটো উঠাবলৈ গৈছিল ইমৰান খান।

৬৫ বছৰীয়া প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে গৈছিল সাধাৰণতে তেওঁ পিন্ধা কুৰ্টা, পাইজামা পিন্ধি। ফটো তুলিবলৈ তেওঁ নিৰ্দিষ্ট স্থানত বহিল।

কিন্তু তেওঁৰ সৈতে যোৱা ব্যক্তিগত সহায়ক, নিৰাপত্তাৰক্ষী তথা ফটোগ্ৰাফাৰজনে ভাবি প্ৰধানমন্ত্ৰীৰ ফটোখন ভাল হোৱাৰ বাবে তেওঁক এটা ৱেষ্ট কোট পৰিধান কৰিলে ভাল হ'ব বুলি পৰামৰ্শ দিলে।

ঘৰৰ পৰা ৱেষ্ট কোট আনি পুনৰ ফটোৰ বাবে প'জ দিবলৈ তেওঁৰ হাতত নাছিল পৰ্যাপ্ত সময়। সেই সময়ত তাত উপস্থিত থকা এজন বিষয়াৰ পৰা খোজি ল'লে তেওঁ পিন্ধি থকা ৱেষ্ট কোটটো। তাৰ পাছত সেইটো পিন্ধি ইমৰান খানে ৰেজিষ্ট্ৰেশ্যন কাৰ্ডৰ বাবে  সেই বিশেষ পাছপৰ্ট ছাইজৰ ফটোখন তুলিলে।

বিশ্ববিখ্যাত ক্ৰিকেটাৰ তথা তেহৰীক-ঈ-ইনছাফৰ মুৰব্বীগৰাকীৰ এনে সৰলতাই সেই সময়ত তাত উপস্থিত থকা সকলোৰে হৃদয় জয় কৰিলে। পাকিস্তানৰ সংবাদমাধ্যমৰ লগতে ভাৰত সংবাদমাধ্যমতো এই খবৰে বিশেষ স্থান পাইছে।

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি বাৰাক ওবামাক আদৰিবলৈ বিমান বন্দৰলৈ যাওতে ৪.৩১ কোটি টকীয়া কোট পিন্ধি বাতৰিৰ শিৰোনাম দখল কৰিছিল। তাৰ বিপৰীতে চুবুৰীয়া চৌখিন দেশ পাকিস্তানৰ ভাবি প্ৰধানমন্ত্ৰীগৰাকীয়ে এজন কৰ্মচাৰীৰ পৰা এটা ৱেষ্ট কোট লৈ তেওঁ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডৰ বাবে ফটো তোলা ঘটনাই ছ'চিয়েল মিডিয়াতো ব্যাপক চৰ্চা লাভ কৰিছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in