‘এ বেণ্ড ইন দ্য ৰিভাৰ’ লিখিবলৈ তেওঁ আৰু নাই

‘এ বেণ্ড ইন দ্য ৰিভাৰ’ লিখিবলৈ তেওঁ আৰু নাই

'know nothing of the people on my father's side; I know only that some of them came from Nepal. Two years ago a kind Nepalese who liked my name sent me a copy of some pages from an 1872 gazetteer-like British work about India, Hindu Castes and Tribes as Represented in Benares; the pages listed – among a multitude of names -those groups of Nepalese in the holy city of Banaras who carried the name Naipal. That is all that I have.'
— V.S. Naipaul'

তেওঁৰ সম্পূৰ্ণ নাম আছিল বিদ্যাসাগৰ সুৰুযপ্ৰসাদ নাইপল। চমুকৈ ভি এছ নাইপল। নাইপল শব্দটোৰ নেপালৰ সৈতে সম্পৰ্ক আছে। যাৰ অৰ্থ হ'ল 'যি নেপালৰ'। শনিবাৰে দেহাৱসান ঘটিল এইগৰাকী বিশ্ববিখ্যাত লিখকৰ। ২০০৮চনত টাইম আলোচনীয়ে বিশ্বৰ ৫০গৰাকী মহান লিখকৰ তালিকাত স্থান দিছিল নাইপলক।

ভাৰতীয় মুলৰ এইগৰাকী লিখকৰ উপৰি পুৰুষ ১৮৮০চনতে গুচি গৈছিল ত্ৰিনিদালৈ। তাতেই জন্ম হৈছিল ভি এছ নাইপলৰ। তেওঁৰ পিতৃ আছিল সাংবাদিক তথা ফিক্সন লেখক। কেৱল পিতৃয়ে নহয়, পৰিয়ালটোৰ বহুকেইজন লিখা-মেলাৰ সৈতে জড়িত। তেওঁৰ সৰু ভাতৃ শিৱ নাইপল আছিল এজন ভাল লিখক। নাইপলৰ পিতৃ শ্ৰীপ্ৰসাদ নাইপল বৃত্তিত সাংবাদিক আছিল।

কলমেৰে বিশ্বৰ পাঠকৰ হৃদয়ত এক বিশেষ সুকীয়া স্থান লাভ কৰা নাইপলৰ এখন বিখ্যাত কিতাপ আছিল 'এ হাউছ ফৰ মিষ্টাৰ বিশ্বাস'। এই কিতাপখনে বিশ্বজুৰি জনপ্ৰিয়তা লাভ কৰিছিল। ১৯৬১চনত প্ৰকাশ পোৱা এই কিতাপখন লিখিবলৈ তেওঁক প্ৰয়োজন হৈছিল তিনি বছৰৰ।

ত্ৰিনিদাত ১৯৩২চনৰ ১৭ আগষ্টত জন্মগ্ৰহণ কৰা নাইপলে লণ্ডনত শিক্ষাগ্ৰহণ কৰিছিল। ভাৰতীয় মুলৰ এইগৰাকী লিখকৰ মৃত্যু হ'ল লণ্ডনতে। ৩০খনৰো অধিক গ্ৰন্থ ৰচনা কৰা নাইপলে ১৯৭১চনত লাভ কৰিছিল সন্মানীয় 'বুকাৰ' সন্মান। এই সন্মান তেওঁক 'ইন এ ফ্ৰী ষ্টেট' শীৰ্ষক গ্ৰন্থৰ বাবে দিয়া হৈছিল।

৮৫ বছৰ বয়সত মৃত্যু হোৱা নাইপলে ১৯৫৫চনত প্ৰথম বিবাহপাশত আৱদ্ধ হৈছিল। প্ৰথমা পত্নীৰ মৃত্যুৰ পাছত ১৯৯৬চনত নাইপলে পাকিস্তানৰ সাংবাদিক নাদিৰাৰ সৈতে দ্বিতীয়বাৰলৈ বিবাহপাশত আৱদ্ধ হয়।

সাহিত্য সাধনাই নাইপলৰ আছিল জীৱনৰ লক্ষ্য। কিন্তু সেই সাধনাক কেৱল তেওঁ গল্প-উপন্যাসৰ মাজতেই সীমাৱদ্ধ কৰি থোৱা নাছিল। ৰচনাত্মক ধ্যান-ধাৰণাৰে সাহিত্যৰ লগতে সমাজ আৰু ৰাজনীতিক তেওঁৰ সৃষ্টিত স্থান দিছিল। বিশ্বৰ বহু ঠাইত তেওঁ ভ্ৰমণ কৰিছিল। সেই ভ্ৰমণৰ অভিজ্ঞতাৰেও তেওঁৰ লিখনি সমৃদ্ধ হৈছিল।

১৯৫১চনত নাইপলৰ প্ৰথমখন গ্ৰন্থ প্ৰকাশ পাইছিল। ৩০খনৰো অধিক গ্ৰন্থৰ স্ৰষ্টা নাইপলৰ মৃত্যুত বিশ্বই এজন মহান সাহিত্যিকক হেৰুৱালে। তেওঁৰ পত্নীয়ে এই খবৰ বিশ্ববাসীক দি কৈছিল- তেওঁৰ উপলব্ধি আছিল মহান আৰু তেওঁ আছিল এক উদ্যমপূৰ্ণ ব্যক্তি। অন্তিম শয়ন তেওঁ পৰিয়াল আৰু প্ৰিয়জনৰ কাষতেই ল'লে।

ভি এছ নাইপল এতিয়া নাই। কিন্তু থাকি যাব ভি এছ নাইপল নামৰ লেখকগৰাকী। প্ৰতিজন পাঠকৰ মন-মগজুত চিৰসেউজ হৈ থাকিব এই বিশ্বজুৰি খ্যাতি অৰ্জন কৰা ২০০১ চনত নবেল বঁটা সন্মানেৰে সন্মানীত 'এ বেণ্ড ইন দ্য ৰিভাৰ'ৰ স্ৰষ্টাজন।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in