পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়, সকলোৰে দৃষ্টি নন্দীগ্ৰাম সমষ্টিত…

পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়, সকলোৰে দৃষ্টি নন্দীগ্ৰাম সমষ্টিত…

ডিজিটেল ডেস্কঃ অসমৰ লগতে পশ্চিমবংগৰ বিধানসভা নিৰ্বাচন অব্যাহত আছে। ৰাজ্যখনত দ্বিতীয় পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ মাজতে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে নন্দীগ্ৰাম সমষ্টিয়ে। কিয়নো এই সমষ্টিটোৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। তেওঁৰ বিৰুদ্ধে নিৰ্বাচনী যুঁজত নামিছে বিজেপিৰ সুভেন্দু অধিকাৰীয়ে।

উল্লেখ্য যে, ৰাজ্যখনত দ্বিতীয় পৰ্যায়ত মুঠ ৩০টা সমষ্টিত ভোটগ্ৰহণ অব্যাহত আছে। পুৱা ৭ বজাৰে পৰা ভোটগ্ৰহণ কেন্দ্ৰসমূহত ভোটাৰ ৰাইজৰ শাৰী পাতি ভোটাধিকাৰ সাব্যস্ত কৰিছে। আৰু সন্ধিয়া ৬.৩০ বজালৈ অব্যাহত থাকিব ভোটদান পৰ্ব।

পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ৩০টা সমষ্টিত মুঠ ১৯১জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। ইফালে, মুঠ ভোটদান কেন্দ্ৰ আছে ১০৬২০টা। ইফালে, কোনো অঘটন অথবা হিংসাত্মক ঘটনা যাতে সংঘটিত নহয় তাৰ বাবে নিৰাপত্তাৰক্ষী, আৰক্ষী, কেন্দ্ৰীয় সুৰক্ষা বাহিনীকে ধৰি মুঠ ৬৫১টা নিৰাপত্তাৰ কোম্পানীৰ লোক মোতায়েন কৰা হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in