শেহতীয়া খবৰ
বিদেশ ভ্ৰমণৰ বাবদ কিমান খৰচ কৰে প্ৰধানমন্ত্ৰী মোডীয়ে...  •  তেজপুৰৰ বিহগুৰিত ৭০-৮০টা বনৰীয়া হাতীৰ জাকে নৃশংসভাৱে আক্ৰমণ কৰি হত্যা কৰিলে কৃষকক  •  উত্তৰ-পূব কেন্দ্ৰ প্ৰযুক্তি ব্যৱহাৰ আৰু প্ৰসাৰ সঞ্চালক ডঃ অৰুণ কুমাৰ শৰ্মাৰ আশাৰীকান্দিৰ টেৰাকোটা শিল্প পৰিদৰ্শন  •  কেবৰ প্ৰসংগত নকৰিলে মন্তব্য, মুখ্যমন্ত্ৰী সোণোৱালে ক'লে, ঋক বেদত কৈছে মা আদি গুৰু, এই পৃথিৱীত মাতৃয়েই সকলোতকৈ ডাঙৰ গুৰু  •  ছয় জনগোষ্ঠীক জনজাতিকৰণৰ বিৰোধীতাৰে কামপুৰত তীব্ৰ প্ৰতিবাদ, VIDEO  •  নলবাৰীত ৭টা পৰ্যায়ত মাৰাথন দৌৰ...  •  গভীৰ সংকটত জীয়াধলঃ বুকুত মৰুভূমি, এটা দশকত তিনিশ কোটিৰো অধিক ব্যয় জীয়াধল নিয়ন্ত্ৰণৰ নামত  •  ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিল উত্থাপন হ'লে অসম জ্বলিবঃ এবছু  •  কটন বিশ্ববিদ্যালয়ত ‘The Unquiet River: A Biography of the Brahmaputra’ উন্মোচন...  •  ওৰাঙত জনজাতীয় সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ জোঁৰ সমদল...

বিজেপিক ভোট দিলে পাকিস্তানত পৰিব পৰমাণু বোমাঃ উপ মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ

1,224

ডিজিটেল ডেস্কঃ বিজেপিক ভোট দিলেই পাকিস্তানত নিক্ষেপ কৰা হ’ব পৰমাণু বোমা। আসন্ন মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচনক লৈ এইদৰে নিৰ্বাচনী প্ৰচাৰ চলাই ভোট আদায়ৰ চেষ্টা চলালে উত্তৰ প্ৰদেশৰ উপ মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্য্যই।

দেওবাৰে মহাৰাষ্ট্ৰৰ থানেত বিজেপি প্ৰাৰ্থী নৰেন্দ্ৰ মেহতাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই কেশৱ প্ৰসাদ মৌৰ্য্যই কয়, ‘পদুম চিনৰ বুটাম টিপিলে কেৱল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, মুখ্যমন্ত্ৰী দেবেন্দ্ৰ ফড়নবিছ অথবা প্ৰাৰ্থী নৰেন্দ্ৰ মেহতাই লাভাৱান্বিত নহয়, এই বুটাপ টিপাৰ অৰ্থ আপোনাৰ ফালৰ পৰাও পাকিস্তানত এটা পৰমাণু বোমা নিক্ষেপ কৰা।’

ভোটৰ আশাত উপ মুখ্যমন্ত্ৰীগৰাকীয়ে পুনৰ কয়, ‘জম্মু-কাশ্মীৰৰ পৰা ৩৭০ ধাৰা বিলুপ্তিৰ পাছত এই নিৰ্বাচন প্ৰথমবাৰলৈ অনুষ্ঠিত হৈছে। এই নিৰ্বাচনৰ গুৰুত্ব অপৰিসীম। এই নিৰ্বাচনৰ ফলাফলে প্ৰমাণ কৰি দিব নাগৰিকসকলৰ দেশভক্তি কিমান।’ দেশবাসীক লক্ষ্মী পূজাৰ ওলগ জনাই বিৰোধীক আক্ৰমণ কৰি বিজেপি নেতাগৰাকীয়ে পুনৰ কয়, ‘দেবী লক্ষ্মী হাত, চাইকেল অথবা ঘড়ীত (কংগ্ৰেছৰ প্ৰতীক হাত, সমাজবাদী পাৰ্টীৰ চাইকেল আৰু এনচিপিৰ প্ৰতীক ঘড়ী) নবহে। লক্ষ্মী বহে পদুমত। আৰু সেয়াই উন্নয়নৰ চিহ্ন।’

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি