মূল্যবৃদ্ধিকে ধৰি বিভিন্ন সমস্যা সমাধানৰ দাবীত ভোটাৰ্চ পাৰ্টি ইন্টাৰনেছনেলৰ অৱস্থান ধৰ্মঘট

মূল্যবৃদ্ধিকে ধৰি বিভিন্ন সমস্যা সমাধানৰ দাবীত ভোটাৰ্চ পাৰ্টি ইন্টাৰনেছনেলৰ অৱস্থান ধৰ্মঘট

ডিজিটেল সংবাদ মঙলদৈঃ বৃহস্পতিবাৰে সমগ্ৰ অসমৰ লগতে দৰং জিলাৰ বিভিন্ন ঠাইত ভোটাৰ্চ পাৰ্টি ইন্টাৰনেছনেলে সাব্যস্ত কৰিলে অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী। দেশত মূল্য বৃদ্ধি,বান গৰাখহনীয়া আৰু কোৰোনাৰ ক্ষতিপুৰনৰ দাবীত এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰাহয়।

মঙ্গলদৈৰ নিকটবৰ্তী বাঘপৰিটো প্ৰায় শতাধিক কৰ্মীৰ উপস্থিতিত ৰুপায়ন কৰা হয় এই কাৰ্যসূচী। অৱস্থান ধৰ্মঘটৰ পিছতেই জিলা উপায়ুক্তৰ জৰিয়তে মুখ্য মন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীলৈ মুঠ ৫ টা দাবী সম্বলিত এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে ভোটাৰ্চ পাৰ্টি ইণ্টাৰনেছনেলৰ কৰ্মীসকলে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in