৮ বজাৰ পৰা আৰম্ভ হ’ব পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা

৮ বজাৰ পৰা আৰম্ভ হ’ব পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা
  • ৰাজ্যৰ ২৬খন জিলাৰ ৪০টা কেন্দ্রত হ'ব ভোটগণনা।
  • ভাগ্য নিৰ্ণয় হ'ব মুঠ ৭৮, ৫৭১গৰাকী প্ৰাৰ্থীৰ।
  • উল্লেখ্য যে ৫ আৰু ৯ ডিচেম্বৰত অনুষ্ঠিত হৈছিল পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা।
  • প্ৰতিটো জিলা পৰিষদ সমষ্টিতে থাকিব একোটাকৈ কাউণ্টাৰ।
  • প্ৰতিটো কাউণ্টাৰতে থাকিব ১০খনকৈ ভোটগণনাৰ টেবুল।
  • প্ৰথমে গাঁও পঞ্চায়তৰ সদস্য, দ্বিতীয়তে গাঁও পঞ্চায়তৰ সভাপতি আৰু তাৰপাছত আঞ্চলিক পঞ্চায়তৰ সদস্যৰ ফলাফল ঘোষণা হ'ব।
  • প্ৰতিটো কেন্দ্ৰত প্ৰকাশ কৰা হ'ব জিলা পৰিষদৰ সদস্যৰ ফলাফল।
  • ভোটগণনাৰ বাবে ৰাজ্যৰ ৪০টা ভোটগণনা কেন্দ্ৰত নিয়োজিত কৰা হৈছে ২০ হাজাৰ কৰ্মচাৰী।
  • প্ৰতিখন ভোটগণনা টেবুলত থাকিব ২জনকৈ বিষয়া।
  • প্ৰতি ৮ ঘণ্টাৰ মূৰে মূৰে সলনি কৰা হ'ব ভোটগণনা কেন্দ্ৰত নিয়োজিত কৰ্মচাৰী।
  • ভোটগণনা কেন্দ্ৰত নিষিদ্ধ কৰা হৈছে ম'বাইল।
  • ৰিটাৰ্নিং বিষয়া অথবা নিৰ্বাচনী পৰ্যবেক্ষকৰ বাহিৰে আন কোনো লোক ম'বাইল লৈ গণনা কেন্দ্ৰত প্ৰৱেশ কৰিব নোৱাৰি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in