শেহতীয়া খবৰ
ৰহাৰ বাৰপূজীয়াত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ, VIDEO  •  নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে বটদ্ৰৱা আছুৰ বাইক ৰেলী, VIDEO  •  সৰুপথাৰ মহাবিদ্যালয়ৰ ছাত্ৰ সমাজ আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ উদ্যোগত বজ্ৰ হুংকাৰ কাৰ্যসূচী, VIDEO  •  হায়দৰাবাদৰ দৰেই উন্নাও কাণ্ডৰ দোষীকো কৰিব লাগে এনকাউন্টাৰঃ নিৰ্যাতিতাৰ পিতৃৰ দাবী...  •  গুৱাহাটীৰ পৰা ছয়গাঁৱলৈ কেবৰ বিৰুদ্ধে ৰাজপথত শিল্পী, সাংবাদিক, সাহিত্যিকৰ অবিৰত আন্দোলন, চচলত প্ৰাক্তন আলফা ঐক্য মঞ্চৰ অনশন...  •  ৰাজনীতি নহয়, দিল্লীৰ অগ্নিকাণ্ডৰ তদন্ত হ’ব লাগেঃ গৌতম গম্ভীৰ  •  ৯ ডিচেম্বৰত 'অসম বন্ধ’! বন্ধৰ প্ৰতি সমৰ্থন সদৌ অসম অনুসূচীত জাতি সংগ্ৰামী যুৱ পৰিষদৰ  •  'কেব'ৰ বিৰোধিতা কৰিলে পঞ্জাৱৰ মুখ্যমন্ত্ৰী কেপ্তেইন অমৰিন্দৰ সিঙে...  •  দিল্লীৰ অগ্নিকাণ্ডত নিহতৰ পৰিয়াললৈ ১০ লাখ টকাকৈ সাহায্য ঘোষণা মুখ্যমন্ত্ৰী কেজৰিৱালৰ  •  দিল্লীত ভয়ংকৰ অগ্নিকাণ্ডঃ প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতিৰ শোক প্ৰকাশ...

ঢকুৱাখনাৰ মৰনৈ বেবেজীয়াত ঘিলামৰা উন্নয়ন খণ্ড ভিত্তিক ভলীবল প্ৰতিযোগিতা…

244

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ লখিমপুৰ জিলাৰ যুৱ আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ অন্তৰ্গত লখিমপুৰ জিলাৰ নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত আৰু বেবেজীয়া মাজগাঁও জ্যোতি সন্ধানী যুৱক সংঘৰ সহযোগত শনিবাৰে পুৱা ১১ বজাৰ পৰা ঘিলামৰা উন্নয়ন খণ্ডৰ অধীনস্থ বেবেজীয়া এম ভি স্কুলৰ খেল পথাৰত এখনি প্ৰতিযোগিতা মূলক ভলীবল খেল অনুষ্ঠিত হৈ যায়।

খেলখনি উদ্ধোধন কৰি যুৱ সমাজকৰ্মী বিকোদৰ দাসে কয় যে ” এই অঞ্চলত বহুতো প্ৰতিভাৱান খেলুৱৈ লুকাই আছে। ইয়াৰ জৰিয়তে নিজকে যোগ্য কৰি তোলাৰ লগতে ভবিষ্যতে উন্নতি সাধন কৰিব পাৰিব” । ভলীবল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা সকলো খেলুৱৈৰ দলকে শেষত নেহৰু যুৱ কেন্দ্ৰৰ পৰা ভলীবল, নেট, ফুটবল, বেডমিণ্টন, প্ৰাইজমানি পুৰস্কাৰ লগতে প্ৰমাণ পত্ৰ দিয়া হয়।

উক্ত খেলতখনত বিভিন্ন ক্ষেত্ৰত সহায় সহযোগিতা আগবঢ়ায় ক্ৰমে উদজ্বল দাস, অমৃত শইকীয়া, মনোজ চুতীয়া, প্ৰেমধৰ মিলি, সত্ৰাজিৎ বৰুৱা, হিচাপ পৰিদৰ্শক ৰূপমজ্যোতি চেতিয়া,গৌতম ভূঞা, সব্যসাচী শইকীয়া, ঋতুপন শইকীয়া, ইন্দ্ৰ দাসে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি