বন্ধ হ’ব ভোডাফোন আইডিয়া…

বন্ধ হ’ব ভোডাফোন আইডিয়া…

ডিজিটেল ডেস্কঃ বন্ধ হোৱাৰ দিশে ভোডাফোন আইডিয়া। গভীৰ অৰ্থ সংকটৰ মাজত আছে মোবাইল নেটৱৰ্ক প্ৰদান কৰা কোম্পানীটো। যোৱা ১০টা দশক ধৰি কোম্পানীটোৱে সন্মুখীন হোৱা লোকচানৰ পৰিমাণ ২লাখ কোটিৰো অধিক হ'ব। ইয়াৰ মাজতে চৰকাৰক কম সময়ৰ ভিতৰত দিবলগা ধন আন এক বোজা হৈ পৰিছো কোম্পানীটোৰ বাবে। এই কোম্পানীটো বন্ধ হ'লে প্ৰত্যক্ষভাৱে ১০ হাজাৰ লোক কৰ্ম সংস্থাপনহীন হোৱাৰ লগতে ভোডাফোন আইডিয়াৰ ৩০ কোটি মোবাইলৰ গ্ৰাহক ভীষণ সমস্যাত পৰিব।

কোম্পানীটোৰ জ্যেষ্ঠ আইনজীৱী মুকুল ৰোহতগীয়ে সোমবাৰে সদৰী কৰা মতে, ভোডাফোনে চৰকাৰক দিব লগা ধনৰাশিৰ পৰিমাণ ৭ হাজাৰ কোটি আছিল। এই ধনৰ ওপৰত সূত, জৰিমণা আদি সকলো মিলালে কোম্পানীটোৱে ২৩ হাজাৰৰ পৰা ২৫ হাজাৰ কোটি টকা আদায় দিব লাগিব চৰকাৰক।

এনে পৰিস্থিতিত কোম্পানীটোৱে বেংকৰ ঋণ নাপালে এদিনৰ পিছতে কোম্পানীটো বন্ধ কৰি দিয়াৰ আন বিকল্প পথ নাই। উল্লেখযোগ্য যে, উচ্চতম ন্যায়ালয়ে দিয়া শেহতীয়া নিৰ্দেশক লৈ অনিশ্চিয়তাৰ দিশে গতি কৰিছে এই টেলিকম কোম্পানীটোৱে। কিয়নো ন্যায়ালয়ে লোকচান ভৰি থকা মোবাইল কোম্পানী সমূহকো তাৎক্ষণিকভাৱে চৰকাৰক দিব লগা ধনসমূহ আদায় দিয়াৰ নিৰ্দেশ দিছে।

ভোডাফোন কৰ্তৃপক্ষই দূৰসঞ্চাৰ বিভাগক জনাই দিছে যে নিশাটোৰ ভিতৰতে ধন আদায় দিব পৰাকৈ তেওঁলোকৰ শক্তি নাই। ২০০৮ চনত ভোডাফোন আৰু আইডিয়া একলগ হৈছিল। অৱশ্যে ভাৰতী এয়াৰটেল আৰু টাটা গ্ৰুপে কিছু ধন ইতিমধ্যে জমা দিছে। এয়াৰটেলে চৰকাৰক দিবলগা ধনৰাশিৰ পৰিমাণ ২৫,৫৮৬ কোটি টকা। আনহাতে টাটাৰ টেলি চাৰ্ভিছে ১৩,৮০০ কোটি টকা আদায় দিবলগা আছে চৰকাৰক।এই অনাদায় ধন মোবাইল সেৱা প্ৰদান কৰা কোম্পানীসমূহে ২০২০ বৰ্ষৰ ১৭ মাৰ্চৰ ভিতৰত আদায় দিবলৈ অন্তিম দিন ধাৰ্য্য কৰি দিছে ন্যায়ালয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in